কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/কমতাপুৰ ধ্বংশ কাব্য/দ্বাদশ সৰ্গ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/কমতাপুৰ ধ্বংশ কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ১২৪ ]

দ্বাদশ সৰ্গ!
⸻<>⸻

 -I will not yield,
To kiss the ground before young Malcolm's feet,
And to be baited with the rabble’s curse,
      ⸻Shakespeare.

 নীৰলে নীৰলে যায় নিতউ সময়
একেৰাহে, নাই যেন আমনি ভাগৰ,
কত দিন, কত পক্ষ, কত মাহ যায়
এমাহ দুমাহ কৰি কতনো বছৰ!
তথাপি খন্তেক ৰই ক’তো নুজুৰায়,
আমনি ভাগৰ জানো অলপকে নাই!
কাকূতি মিনতি কৰি কত মাতে নৰে,
অলপো নৰয়, জনো, কানতো নপৰে!
যেনেকই বলে নই নিতে একেৰাহে,
সময়ৰো গতি, হ!য়! যায় তেনেকই,
নইৰো ভাগৰ নাই, নাই সময়ৰো,
সময়ো নৰয় ক’তো, নইও নৰয়!
সময় নইৰ গতি একেই বিধীয়া, •
কিন্তু ভেটা দিলে পাৰি নইক ৰখাব;
নাই কিয়া মাথোঁ ভেটা বুদ্ধি এনেকুৱা
সময়ক যিটে হায়! পাৰিব ভূলাব!

[ ১২৫ ]

নইও নিতউ যায়, সময়ো নিতউ:,—
নই যায় একেৰাহে ফালে সাগৰৰ;
বুজিব নোৱাৰোঁ মাথোঁ সময়ৰ গতি,
কোন ফালে যায়? চাপে কিহৰ কাষৰ?
কোন আছে সময়ৰ? কোন ফালে? কেনি
নিতে একেৰাহে যায়? অলপো নৰয়?
কাৰ কাষলই যাওঁ? কোনেনো বুজাব
সময় কলই যায়? কোনে দিব কই?
কালৰ গৰ্ভত যায় সময়ৰ গতি,
এই কথা মাথোঁ হায়! ল’ৰাক ভূলোৱা।
কেনি আছে কাল গৰ্ভ? নিতে চাই থাকো
নেদেখিলো কেনি যায়! মিছা হল চোৱা।
দিনৰ পাছত ৰাতি, ৰাতিৰ পাছত
আহিলে আকউ দিন; এনেকুৱা কৰি
কত দিন, কত পক্ষ, কত মাহ গ’ল,
কত যুদ্ধ হই গ’ল বছৰি বছৰি।
বহু যুদ্ধ হই গ’ল বাৰ (১২) বছৰত
কমতা সেনাৰে স’তে গৌৰীয়া সেনাৰ,
কমতা কৰিব জয় নোৱাৰি যৱন,
সকলোৱে বহি আজি কৰিছে বিচাৰ।
খঙ্গমনে ক’লে এটী যৱনৰ যোদ্ধা:—
পূৰ্ব্বে কইছিলে মন্ত্ৰী—“কমতাৰ প্ৰজা,
কৰিব সহায় বহু আমাৰ সেনাক,
ত্যাগ কৰি আপোনাৰ খেনবংশী ৰজা।

[ ১২৬ ]

আৰু কইছিলে, বোলে সকলো প্ৰজাই
ৰজাৰ বিপক্ষ হই, পঠাইছে মোক
কবলই নবাবক কমতা বাসীয়ে
সহিব ৰাতিয়ে দিনে আৰু কত দুখ!
কমতা পোৱা মাত্ৰকে ফউজে আমাৰ,
কইছিলে মী, বোলে, সকলো প্ৰজাই
ত্যজিব আপোন ৰজা, নকৰে কদাপি
আমাৰ বিপক্ষে যুদ্ধ, কৰিব সহায়!
কিন্তু চোৱা সেনাপতি! ভাবাচ্ছে! এতিয়া,
সকলে কমতাবাসী লই তৰোৱাল,
অতুল বীৰত্ব আৰু সাহসে সইতে,
কৰিছে আমাৰে যুজ আজি অতকাল!
এই বাৰ (১২) বচৰত জানিব পাৰিলে!
প্ৰজাই মন্ত্ৰীক দিয়া নাই পঠিয়াই;
আপোনাৰ স্বাৰ্থ মাথোঁ পূৰাবৰ মনে,
মিছাতে আমাক দুষ্টে আনিলে ভূলাই!
পঠিয়াই দিছে মোক সকলো প্ৰজাই,
এই বুলি কোৱাতেহে পঠালে আমাক
নবাবে, নহলে, তেও নপঠালে হয়,
কেতিয়াও কমোত যৱন সেনাক!
যি হবৰ হই গল; অত যুদ্ধ হ'ল,
এতিয়া মন্ত্ৰীক কোৱা, মিতাই দিয়ক
যেনে তেনে উপায়েৰে, ভালেৰে বুজাই
কমত ৰজাৰে সতে আমাৰ সৈন্যক!

[ ১২৭ ]

সেনাপতি নিমিতালে কমতা বজাৰে
ন'হব আমাৰ ৰক্ষা, জানিবা পাছত
অত সেনা ধ্বংস পালে! যি কেইটা আছোঁ
সি কেটাৰো নষ্ট পাব প্ৰাণ অকালত!
এই বুলি যোদ্ধাজন ৰল মনে মনে,
একেষাৰে সকলোৱে দিলে তাতে ৰাই!
বহু পৰ ৰই থাকি, বুলিলে জামালে,
“মিতা য’ক তেনেহলে; একো কথা নাই!”
“আপোনাৰ স্বাৰ্থ মন্ত্ৰি! পুৰাবৰ মনে”
মন্ত্ৰীক মতাই আনি বুলিলে জামালে,
‘ছলেৰে ভুলাই আনি আমাৰ সেনাক
বহু কষ্ট বহু ক্লেশ দিলা অতকাল!
তোমাৰ কথাতে কৰি নবাবে বিশ্বাস,
আমাক পঠাই দিলে কমতা পুৰত!
তোমাৰ ছলতে মাথোঁ বহুত সেনাই
তিয়াগ কৰিলে প্ৰাণ শক্ৰৰ হাতত!
যি হব হই গ'ল! যোৱা ঘটনাৰ
নিমিত্তে নকৰোঁ মন্ত্ৰি! সঁতাপ মনত
কিন্তু মিলা-প্ৰতি তুমি দিয়া কৰোৱাই
কমতাৰ নীলাম্বৰ ৰজাৰ লগত!
শিকাই বুজাই তুমি কোনো উপায়েৰে,
ৰজাৰে সইতে দিয়া আমাক মিলাই!
নকৰো আকউ যুদ্ধ কিহল মিছাতে
নিতে নিতে যুদ্ধ কৰি? মিছা, কাজ নাই!”

[ ১২৮ ]

“বীৰ পুৰুষৰ ৰীতি নহয় এনুৱা
জামালৰ ফালে চাই মন্ত্ৰীয়ে বুলিলে
“শতুৰুক আশ দিয়া নহয় যুগুত
উপহাস সকলোৱে কৰিব মিতিলে!
আশঙ্কা মনত তুমি নকৰাঁ জামাল!
কমতা সেনাই আৰু যুজিব কিমান!
লাহে লাহে বৰ ভয় পাইছে সিহঁতে
এদিন পলাই যাব, চোৱাছোঁ প্ৰমাণ! •
পলাব এদিন সবে ৰজাক তিয়াগি,
ৰাজ্য এৰি যাৰ গুছি আন দেশলই;
পৰিব এদিন ৰজ! আমাৰ হাতত
নালাগে মিতিব ব’লা যুদ্ধ কৰাঁগই!”
"কাফেৰ! যুদ্ধৰে কথা মাথোঁ থাক কই,
মিতাবৰ কথা ক’লে নোখোজ মিতাব;
তোৰ-ইচ্ছা মাথোঁ তোৰ স্বাৰ্থ পূৰাবৰ,
নতু অকালত হায় আমাক মৰাব!
অভিসন্ধি তোৰ দুষ্ট! পাৰিছো বুজিব,
কিন্তু তেঙ্গৰালী তোৰ নাথাটে আমাত
যি ৰূপে লগালি যুধ, আজিও সিদৰে
মিতাই দে, নতু, প্ৰাণ নাথাকে দেহাত!
পৰাণৰ আশা যদি কৰহে কাফেৰ!
মিতাই দে কোনোমতে ৰজাৰ লগত!
নহ’লে, নহ’ব তোৰ কোনোমতে ৰক্ষা
মৰিবি নিশ্চম আজি মোৰ ওচৰত!

[ ১২৯ ]

“মাৰা যদি মাৰাঁ মোক” বুলিলে মন্ত্ৰীয়ে
“ৰজাৰে সইতে মই নোৱাৰোঁ মিতাব
ই মুখৰে আৰু মই নকৰো কাবউ,
পুত্ৰ হন্তা নীলামক নোৱাৰো বুজাব!”
মন্ত্ৰীৰ উত্তৰ শুনি, জ্বলিলে জামাল
খঙ্গমনে ক’লে চাই এজন যোদ্ধাক,
“লই যোৱাঁ বেগে চুজা (১) এই কাফেৰক!
শাস্তি কৰি মাৰাগই এই পাপাত্মাক!
টুকুৰা-টুকুৰে কাটি মাংস দুৰাত্মাৰ,
মাতি মাতি কুকুৰক দিবা খাবলই!
বলেৰে খুৱাব! ধৰি গোমাংস দৃষ্টক
এনে কাম যেন আৰু নোহে অগলই!
মুঠামুঠে খেৰ বান্ধি পাছে গোট গাই,
অগনি লগাই দিবা জীয়াই জীয়াই!
এনেকই শাস্তি কৰি মাৰিবা জুইক,
ৰাজ-দ্ৰোহী, দেশ-দ্ৰোহী নীচ কাফেৰক! ,
জামালৰ কথ! শুনি, ধৰিলে মন্ত্ৰীক
যোদ্ধা কেইজন মানে হাত দুখনত,—
আঁতৰাই লই গল বুলিলে চুজাই
মন্ত্ৰীলই চাই পাছে অতি কোৰোধতঃ–
“আপোনাৰ স্বাৰ্থ তোৰ পূৰাবৰ মনে,
দেশ-দ্ৰোহী, ৰাজ-দ্ৰোহী হ'লি দুৰাচাৰ!
লোকলই হুল পাতি নিজেই পৰিলি,
এনুৱাই প্ৰতিফল ঘটে এনুৱাৰ!!

[ ১৩০ ]

নানা শান্তি কৰি তোৰ বধিম পৰাণ,
নকৰে কোনেও যেন আৰু এনেকুৱা
আগলই দেশ দ্ৰোহ পাপ আচৰণ,
ৰাজ-দ্ৰোহ যেন আৰু নহয় এনুৱা!
এই বুলি গাৰ মাংস কাটিলে মন্ত্ৰীৰ,
টুকুৰা-টুকুৰ কৰি দিলে কুকুৰক!
কটাঘাত দিলে সানি লোন জলকিয়া!
আৰু কত শাস্তি নানা দিলে বামুনক;
সেই বোৰ কথা আৰু কি কৰি লিখিম?
লেখনী নিলিখে নিজে কঁপিছে হাতত!
হিন্দুৰ পৰান মাত্ৰে কান্দি কান্দি উঠে
অমানুষি অত্যাচাৰ দেখি বামুনত;
গোট গাই খেৰ বান্ধি জীয়াই জীয়াই
মাৰিলে মন্ত্ৰীক পাছে অগনি লগাই!
পবিত্ৰ কুলত জন্মি, যবন হাতত
এৰিলে পৰান মন্ত্ৰী আপোন দোষত!
কোনে ক'ব পাৰে হায়! কোনো দেখি,
স্বৰ্গল’কে যাব নেকি, যাব নৰকত
দেশ-দ্ৰোহ মহাপাপ কৰি আচৰণ
মন্ত্ৰীয়ে পৰাণ এৰি যৱন হাতত!
যলইকে য’ক হায়! নালাগে সি কথা,
কিন্তু ৰ'ব দেশ জুৰি কলঙ্ক মন্ত্ৰীৰ!
ইতিহাস লেখকেও লিখিব কলঙ্ক,
অমানুষি অন্যাচাৰ ৰাজ বিদ্ৰোহীৰ

[ ১৩১ ]

মাতিলে চুজাক পুনু বুলিলে জামালে,
“যোৱাঁ তুমি চুজা! পুনু ৰজাৰ কাষত,
কোৱাঁ গই মিত্ৰকৰো তেওৰে সইতে
একো কাজ নাই আৰু যুদ্ধ বিগ্ৰহত।
আৰু ক’বা ভালকই বুজাই ৰজাক,
আমালোক দেশলই গুছি যাওঁগই।
যোৱাৰ কালত কিন্তু ৰানীয়ে সইতে,
আমাৰ বেগমে যেন দেখা দেখি হয়।
ক’বা তুমি আছে বহু তিৰুতা লগত,
সি সকলে কুঁৱৰীক খোজে চাই যাব;
যদি দিয়ে অনুমতি মিত্ৰ ভাব কৰি,
তেনেহলে, নবাবেও বৰ ভাল পাব।
যোৱা তুমি, যোৱা চুজা! বেগাই তালই,
কোনোমতে নীলামক কৰিবা সন্মত,
যদি মান্তি হই তেওঁ মিত্ৰ ভাব কৰি,
দেখা হ’বলই কয় ৰানীৰ লগত,
ভাল ভাল যোদ্ধা বহু বাচি বাচি লই,
তিৰুতাৰ সাজ পাৰ পিন্ধাই দেহত
দোলাত ভৰাই দিম ভালই পঠাই,
অস্ত্ৰ শস্ত্ৰ লুকুৱাই কাপোৰ-তলত
এনে নকৰিলে চুজা। নোৱাৰি জিনিব
কমতা বাসীক আৰু কমতা সেনাক;
শক্ৰ ধ্বংসিবৰ বুদ্ধি এয়েই প্ৰধান,
এয়ে হলে পৰা হব ধৰিৰ ৰজাক।

[ ১৩২ ]

যদি মান্তি হয় ৰজা ক’বা ভাল কই,
তিৰুতা মানুহ মাথোঁ আহিব আমাৰ
তোমাৰ মানুহে জানো দুৰ্ঘট ঘটায়?
তেনে হলে, সিটো জানা কলঙ্ক তোমাৰ।”
এই বুলি মনে মনে থাকিলে জামাল,
নগৰৰ ফালে গ’ল চুজা ধীৰে ধীৰে,
পালেগই নগৰত কমতা ৰজাক,
অকলে অকলে থকা চ’ৰাৰ বাহিৰে।
ৰজাক চেলাম কৰি বুলিলে চুজাই,
গৌৰৰ নবাবে মোক দিছে পঠিয়াই
তোমাৰ কাষত ৰজা! মিত্ৰ ভাব কৰি,
যদি কৰা মিলাপ্ৰীতি, যাব যুদ্ধ এৰি।
শক্ৰ ভাব এৰি যদি মিত্র ভাব কৰা
আমালোক সৈন্য সেনা গুছি যাওঁ গই;
যাবৰ কালত কিন্তু ৰাণীয়ে সহিতে
বেগম চাহাবে খোজে যাব দেখাকই!
সৈন্য সেনাদিৰো অাছে বহুত তিৰুতা
সি সকলে কুঁৱৰীক খোজে চাই যাব;
অনুমতি দিলে পাৰে অাহিব সকলো,
সেয়ে হ’লে নবাবেও বৰ ভাল পাব।”
“যুদ্ধ এৰি যায় যদি নবাবে তোমাৰ”
চুজা লই চাই ধীৰে বুলিলে ৰজাই,
“গুছি যক; বাৰু তুমি ৰ’বাছোঁ অলপ;”
এই বুলি গ’ল ৰজা ভিতৰ সোমাই।

[ ১৩৩ ]

ভাঙ্গি-পিটি সকলোটী ক’লে কুঁৱৰীক,
আনন্দিত হই ক’লে ৰাণীয়ে পাছত,—
“মিলা-প্ৰীতি কৰা নাথ! নালাগে বিগ্ৰহ
গৌৰীয়া সেনাৰে স’তে আৰু অকাৰ্য্যত।”
“মিলা-প্ৰীতি কৰো প্ৰিয়ে! একো কথা নাই,”
ৰাণীলই চাই ধীৰে বুলিলে ৰজাই,
“আশঙ্কা অলপ কিন্তু হইছে মনত,
বেগম আহিব খোজে তোমাৰ কাষত।”
“কিহৰ আশঙ্কা নাথ? বহু দিনাবধি,
মোৰো ইচ্ছা আছে বৰ’ বেগম চাবৰ,
কেনেকুৱা সাজ পাৰ, কেনে পিন্ধা উৰা
তিৰুতা বোৰৰ নাথ! গউৰ দেশৰ।
কেনেকুৱা অলঙ্কাৰ পিন্ধেনো বেগমে
সাধাৰণ তিৰুতাই পিন্ধে কেনেকুৱা;
কেনেকুৱা মাত কথা, কেনুৱা ৰূপত,
চাবলই আছে আশা, চাওঁছোঁ অনোৱা।”
কুৱঁৰীৰ কথা শুনি বুলিলে ৰজাই—
“আহোক ‘বেগম’ তেনে, একো কথা নাই।
তোমাৰ যেনুৱা ইচ্ছা, যাকে ভাল পোৱা
নকৰি তেনুৱা প্ৰিয়ে! কৰিম কেনুৱা?”
ই বুলি আকউ ৰজা আহিলে ওলাই
ধীৰে ধীৰে ক’লে পুনু চুজালই চাই।
“যোৱাঁ দূত! তুমি গই কোৱা নবাবক,—
মিত্ৰ হ’লো, আহে যদি ‘বেগম’ আহক।”

[ ১৩৪ ]

ৰজাৰ কথাতে পুনু বুলিলে চুজাই,—
“তিৰুতা মানুহ মাথোঁ আহিব আমাৰ,
তোমাৰ মানুহে জানো দুৰ্ঘট ঘটায়?
তেনেহ’লে সিটো ৰজা! কলঙ্ক তোমাৰ।”
সিকাৰণে ভয় একো কৰিব নিদিবা,”
চুজালই চাই ধীৰে বুলিলে ৰজাই,—
“হিন্দু ৰজা নোহে তেনে বিশ্বাসঘাতক;
ক’বা তুমি নবাবক, একো শঙ্কা নাই।”
মনোৰথ সিদ্ধি হ’ল; আনন্দ মনত
উলটি আহিল চুজা আপোন কোঠত।
হ’ব ভাবি ষড়যন্ত্ৰ অচিৰে সফল,
আনন্দ মগন হ’ল যোদ্ধাৰো সকল।


কমতাপুৰ ধ্বংস কাব্য (page 134 crop)