পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


সহিব নোৱাৰি হায়! ৰোমীয় সেনাৰ
দূৰ-ব্যৱহাৰ, যেনে ৰাণী ব্ৰিটেনৰ,
বোডেচীয়া—যুদ্ধ-সাজে সাজি পাৰি পাছে
অমৰ বেগত গ’ল কৰিব সমৰ,
কিম্বা যেনে কই হায়! লঙ্কাৰ ঈশ্বৰী,
মন্দোদৰী—শুনি মৃত্যু ৰামৰ হাতত
পৰাণৰ স্বোৱামীৰ, যুদ্ধ-সাজ পিন্ধি
আহিছিলে যুদ্ধ দিব মনৰ বেগত;
সিৰূপে কুঁৱৰী আজি বীৰাঙ্গণা সাজি,
জাঠি তৰোৱাল লই ওলাল যুদ্ধত,
প্ৰাশৰ আশা এৰি স্বামী উদ্ধাৰিব
কমতা বাসীক চাই বুলিলে পাছত;
কমতা নগৰ বাসী, কি ল’ৰা কি বুঢ়া!
ওলোৱা সকলো আজি পিন্ধি যুদ্ধ-সাজ!
নিৰস্ত্ৰ কালত আহি, তিৰুতা বেশেৰে
ধৰিলে ৰজাক দুষ্ট যৱনে নিলাজ;
অনিয়ায় কৰি বহু বধিলে সেনাক,
কমতাৰ স্বাধীনতা হৰিব খুজিছে
বিশ্বাস-ঘাতক দুষ্ট যৱন মেলেছে!
এই শোকে মোৰ আজি হৃদয় জলিছে!
ওলোৱাঁ! ওলোৱা! সবে বেলি নকৰিবা,
যুদ্ধ-সাজ-পাৰ পিন্ধি, নতুবা হৰিব
কমতাৰ ৰাজ-লক্ষ্মী নিলাজ যৱনে,
স্বাধীনতা-সুখ বেলি অকালে ডুবিব!