এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৩
ত্ৰয়োদশ সৰ্গ
যাক পুজা কৰি আজি মৰিও অমৰ
কালিদাস, চেক্ষপীৰ, কবি ভবভূতি,
সেই ভাৰতীৰ আজি পূজা কমতাত!
কৰিছে আইক ৰাণী ভকতিৰে তুতি
নোহোৱা কেবল আই! কবিৰে ঈশ্বৰী
বীৰৰো ঈশ্বৰী তুমি, সমৰ জয়িনী!
তুমি বিষ্ণু, তুমি শিৱ, তুমি প্ৰজাপতি,
তুমি আদি, তুমি অন্ত, তুমি শক্তি, বাণি!
তুমিয়ে বধিলা মাতৃ! শুম্ভ নিশুম্ভক,
দশভূজা ৰপ ধৰি মহিষাসুৰক,
ৰাম ৰূপে ৰাৱনক, কৃষ্ণ ৰূপে কংস,
যমদগ্নি ৰূপ ধৰি ক্ষত্ৰীয়ৰ বংশ!”
এই দৰে কৰে তুতি ৰজা আৰু ৰাণী;
পূজাৰীয়ে কৰে পুজা সাদৰে আইক;
এনেতে আহিলে এটা দুৱাৰ ৰখীয়া,
হাত যোৰ কৰি ক’লে ৰজা কুঁৱৰীক;
“আহিছে বেগম’ বহু দোলাৰে সইতে,
দুৱাৰতে আছে ৰই, আহিব খুজিছে;
অনুমতি দিয়ে যদি, যাওঁ আনোগই
ৰ’দত 'বেগমে বহু কেলেশ পাইছে!"
দুৱৰীৰ কথা শুনি, শুধিলে কুঁৱৰী—
“দেখিছিলা নেকি? কোৱাঁ, কেনুৱা ‘বেগম’
কেনেকুৱা সাজ পাৰ? কেনুৱা ৰূপত?
কখাবাত্ৰা কেনেকুৱা? কেনুৱা আয়ম