সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে



দেখিলে ৰানীয়ে বহু নিৰস্ত্ৰ সেনাৰ
নাশ কৰি প্ৰাণ দুষ্ট গৌৰীয়া সেনাই,
বিশ্বাস-ঘাতক কৰি কমতা ৰজাক
বন্দী কৰি বেৰি-কুৰি ধৰিলই যায়।
স্বোৱামীক নিছে ধৰি যৱন সেনাই
তিৰুতাৰ প্ৰাণে হায়! পাৰে কি সহিব?
বীৰাঙ্গনা ৰূপ ধৰি যুদ্ধ সাজ পিন্ধি,
যৱনক চাই ৰানী ধৰিলে বুলিব।
দুৰাত্মা যৱন! আহা! কৰিলি কি কাজ?
ছলেৰে ভূলাই আজি বৰিলি ৰজাক?
নিৰস্ত্ৰ কালত হায়! বধিলি বহুত
কমতাৰ সৈন্য সেনা বহুত যােদ্ধাক।
লঙ্কা নগৰৰ যেনে বীৰ ইন্দ্রজিত,
ৰাক্ষস গৌৰব-ৰবি বধিলে লক্ষ্মণ
সােমাই যজ্ঞৰ ঘৰ নিৰস্ত্ৰ কালত,
তেনেকুৱা ছল আজি কৰিলি যৱন।
মিলা-প্রীতি কৰোঁ বুলি ছলেৰে ভূলালি;
তিৰুতা পঠাম বুলি যােদ্ধাৰো পঠালি।
নিৰস্ত্ৰ কালত হয়! নাশিলি সেনাক,
অনিয়ায় মতে বন্দী কৰিলি ৰজাক।
ই পাপৰ প্ৰতিফল পাবি হে যৱন!
প্রকৃততে যদি হওঁ ৰানী কমতাৰ।”
এই বুলি ল’লে দাঙ্গি এহাতেৰে জাঠি
এহাতেৰে তােল তীক্ষ্ণময় ধাৰ।