পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৩০
কমতাপুৰ ধ্বংস কাব্য।

নতু⸻
কৰিলো প্ৰতিজ্ঞা আজি কমতা নগৰ
শত্ৰুৰ তেজেৰে সতে ৰাঙ্গলী কৰিম;
বিনাশি যৱন, দুষ্ট মেলেছৰ সেনা,
আপোনাৰ স্বোৱামীক উদ্ধাৰি আনিম!
কুঁৱৰীৰ কথা শুনি, কমতাপুৰৰ
ল’ৰা বুঢ়া সকলোেটা ওলাল যুদ্ধত;
ওলাল সকলো আৰু তিৰুতা দেশৰ
জাঠি, তৰোৱাল লই সবে দুহাতত!
জয় কুঁৱৰীৰ জয়” উঠিলে শবদ
কমতাপুৰৰ হায়! গগন উথাই,
ভীমা মুৰ্ত্তি ধৰি আজি সাদৰী কুৱৰী
যৱন সেনাক পাছে পাছে খেদি যায়
আগে আগে যায় দুষ্ট যৱনৰ সেনা
কমতা-ৰজাক লই নিজা কোঠালই,
পাছে পাছে যায় খেদি সাদৰী কুঁৱৰী
যৱনক ধৰ, ধৰ, মাৰ মাৰ কই!
নাচায় উলটি দুষ্ট যৱন মেলেছ,
কোঠত সোমাব মাথো গইছে বেগাই!
দেখি যৱনৰ এনে কাপুৰুষ-ভাব,
সাদৰী ৰাণীয়ে পাছে কলে ৰিঙ্গিয়াই;
কাপুৰুষ! ভীৰু! দুষ্ট মেলেছ যৱন!
নকৰি সমৰ কিয় গই পলাই!
আৰু পলা আৰু সোমা কোঠাৰ মাজত,