এপাহ ফুলৰ কথা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ বেটুপাত ]
এপাহ ফুলৰ কথা (page 1 crop).jpg
এপাহ ফুলৰ কথা

নীলিমা বৰা

অসম শিশু সাহিত্য ন্যাস

[ প্ৰথম পৃষ্ঠা ]

এপাহ ফুলৰ কথা


নীলিমা বৰা


অসম শিশু সাহিত্য ন্যাস
গুৱাহাটী-২১

[ প্ৰকাশন ] APAH PHULOR KATHA : A short story written by Sri Nilima Bora in Assamese and published by Sri Hrishikesh Goswami, Secretary, Children's Literary Trust, Guwahati-781021, Assam.

First Edition: November 2009 Price: Rs. 20.00 only.



প্ৰকাশক:
© অসম শিশু সাহিত্য ন্যাস, গুৱাহাটী
 ৰত্নাগিৰি পথ, বামুণীমৈদাম, গুৱাহাটী-২১
 ফোন: ৯১+৯৮৫৯০৩৫৭৭৪

© অসম শিশু সাহিত্য ন্যাস

প্ৰথম প্ৰকাশ : নবেম্বৰ, ২০০৯

চিত্ৰ আৰু অলংকৰণ : দুৰ্লভ ভট্টাচাৰ্য্য

বেটুপাত : ৰবীন বৰ

মূল্য : ২০.০০ টকা মাত্ৰ

মুদ্ৰক : শৰাইঘাট ফটো টাইপছ প্ৰাঃ লিঃ
 উদ্যোগ পাম, বামুণীমৈদাম
 গুৱাহাটী ৭৮১০২১

[  ]

এপাহ ফুলৰ কথা

 কোমল ৰ'দজাক আহি পৃথিৱী চুলেহি। বতাহজাকেও ৰিব্‌ৰিব্‌কৈ লয়লাসে ঘূৰি ফুৰিবলৈ ধৰিলে। ফুলনিত উৰি ফুৰা পখিলাবোৰৰ পিছে পিছে দৌৰি টুপুলে খেলিবলৈ ধৰিলে। এনেতে সি কাৰোবাৰ উচুপনি আৰু কথা-বতৰা শুনি থমকি ৰ’ল। টুপুলে মন কৰিলে ফুলনিখনৰ চুকৰ পৰাই কথাবোৰ আহিছে। হাতত সাৰে ভৰিত সাৰে সেইপিনে আগবাঢ়ি গৈ সি কথাবোৰ শুনিবলৈ চেষ্টা কৰিলে।

 —‘বনৰ মাজত মুখ লুকুৱাই তুমি কিয় উচুপিচা ফুলপাহি?’ বতাহজাকে গুগুণাই ক'লে।

 —‘দেখা নাইনে মোৰ কুৰূপটো?’ বননিত উবুৰি হৈ পৰি থকা ফুলপাহিয়ে ক'লে।

 —‘ভগৱানে যাক যি ৰূপ দিছে তাক ৰঙমনে গ্ৰহণ কৰা উচিত।'— বতাহজাকে বুজনি দিলে।

 —‘তুমি নাজানা, মই কেনে ৰূপহীজনী আছিলো।'— ফুলপাহে আক’ উচুপি উঠিল।

 —‘তোমাৰ নিশ্চয় কিবা অসুখ হৈছিল?’— বতাহজাকে সুধিলে।

 —‘ওঁহো।’ ফুলপাহে ক'লে।

 শান্তনা দিবলৈ বতাহজাক কাষচাপি আহিল। শুকান বন আৰু জাবৰ সোপা লাহেকৈ আঁতৰাই দিলে। তেনেই শেঁতা লেৰেলিবলৈ ধৰা ফুলপাহ ওলাই পৰিল।

 —‘ইস্ ইস্ বতাহজাকে ক’লে।— ‘তুমি নিশকতীয়া হৈ পৰিছা'— বতাহজাকে পুনৰ ক'লে।

 —‘এৰা, সিহঁতে মোক বৰ দুঃখ দিলে।'

 —‘কোন সিহঁত?’

 —মানুহবোৰে৷ ভগৱানে সিহঁতক হাত ভৰিবোৰ দিলে বুলিয়ে যি মন যায় তাকে কৰি ফুৰে। আনে দুখ পোৱালৈ কেৰেপাকে নকৰে৷’
[  ]

 –‘বৰ বেয়া কথা, বৰ বেয়া কথা। কোৱাচোন তোমাকনো কিয় এই দশাক কৰিলে?’ বতাহজাকৰ কথা শুনি ফুল পাহে ক’বলৈ ধৰিলে—

 — ‘সৌজোপা মোৰ গছ। মই তাতে ফুলি তোমাৰ শীতল বাত হালি- জালি খেলি আছিলো। মোৰ চকুত লগা ৰঙটোৱে ফুলনিখন শুৱাই তুলিছিল।'

 —‘চকুত লগা ৰঙ?’ বতাহজাকে আচৰিত হৈ ক’লে। কাৰণ ফুলপাহৰ ৰং একোৱেই নাছিল। মাথো শেঁতা আৰু বগা। ফুলপাহৰ চকুলৈ আক’ চকুপানী আহিল। চকুপানী মুচি ক’লে— ‘যোৱাকালি টুপুল নামৰ ল’ৰাটোৱে মোক গছৰ পৰা চিঙি নি তেওঁৰ মোমায়েকৰ হাতত দিলেগৈ। মোমায়েকে তাঁৰেৰে মোৰ কোমল ককালটো বান্ধি [  ] পেলালে। তাৰ পিছত সাঁফৰ থকা বহল বটল এটা লৈ সাফঁৰটোত তাঁৰৰ মূৰটো খুচি থলো।

 ‘উস্ উস্!’ বতাহজাকে ক’লে।

 ‘তাৰ পিছত? হয় হয় মনত পৰিছে। গন্ধক নামৰ কিবা এসোপা কাগজত মেৰিয়াই সৰু পাত্ৰ এটাত থৈ বটলৰ ভিতৰত সুমুৱাই থলে। তাৰ পিছত সেই সোপা জ্বলাই মোক তাৰ ওপৰত ওলোমাই থৈ সাঁফৰটো বন্ধ কৰি দিলে।'

 ‘হয়নে? উঃ উঃ’ বতাহজাকৰ সঁচাকৈয়ে বৰ দুখ লাগিল। ফুলপাহে সেহাই সেহাই কৈ গ'ল— ‘গন্ধক জ্বলি জ্বলি মোক তেনেই জুৰুলা কৰি পেলালে। লাহে লাহে মোৰ ধুনীয়া ৰঙটোও নাইকীয়া হৈ যাবলৈ ধৰিলে। মই তেনেই শেঁতা হৈ পৰিলো। মই শোকত ভাগি পৰিলো। তেওঁলোকে মোৰ ফালে কাণষাৰকে নকৰিলে। মোমায়েকে—টুপুলক কৈ গ’ল— ‘গন্ধক জ্বলি বটলৰ ভিতৰত থকা অক্সিজেনৰ লগত মিহলি হৈ ‘ছালফাৰ ডাই অক্সাইড গেচ উৎপন্ন হ’ল। এই গেচ এবিধ উত্তম ‘ব্লিচিং এজেণ্ট’। এই ব্লিচিং এজেণ্টেই ৰঙ থকা বস্তু ৰঙ নথকা কৰি পেলাব পাৰে। ইয়াকে কৈ দুয়ো ৰঙ কৰিবলৈ ধৰিলে। পিছত মোক এয়া ফুলনিৰ চকুত পেলাই থৈ গ'লহি। ফুলপাহে আকৌ উচুপি উঠিল।

 টুপুলৰ বৰ বেয়া লাগিল। সিয়ে ধুনীয়া ফুলপাহ চিঙি নি মোমায়েকক দিছিলগৈ। মোমায়েকে তাক ৰং থকা ফুল কেনেকৈ বগা কৰি পেলাব পাৰি সেই বিজ্ঞানৰ পৰীক্ষাটো শিকাই দিছিল। টুপুলৰ চকুৰ পানী ওলাই আহিল আৰু ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে।

 কান্দোন শুনি মাকে গাত হেঁচুকি দি মাতিলে— ‘টুপুল্‌ টুপুল্‌’।

 টুপুলে চকুমেলি চালে। সি মাকৰ ওচৰত শুই আছে।

 ‘সপোন দেখিছিলো নেকি? মাকে হাঁহি মাৰি সুধিলে।

 টুপুলে মাকক সাৱটি ধৰিলে।

 তাৰ চকুত চকুপানী লাগিলে থাকিল। সি ভাবিলে আচলতে ধুনীয়াকৈ ফুলি থকা ফুলপাহ চিঙিবলৈ তাৰ মন যোৱা নাছিল, হয়তো সেয়েহে এনেকুৱা এটা সপোন দেখিলে। অৱশ্যে মোমায়েকে তাক কৈছিল— তুমি এটা জ্ঞান আহৰণ কৰিবলৈহে ফুলপাহ চিঙিছা। মনত

ৰাখিবা, বিজ্ঞানৰ উন্নতিৰ বাবে এনে অৰিহনা অতুলনীয়। ▢ [  ]
ৰামধেনু

 আবেলি।

 বৰষুণজাকৰ পিছত ধুনীয়া ৰ’দটো ওলাই আহিল। বৰষুণজাকে যেন পৃথিৱীখন ধুইহে গ'ল। ফট্‌ফটীয়া পোহৰত পৰিস্কাৰ পৃথিৱীখন জিলিকি উঠিল।

 চুবুৰীটোৰ অকন, দেবজিত, মাখন পদুলিলৈ ওলাই আহিল। সিহঁতক দেখি অজয় আৰু বালুও আহি লগ লাগিলহি। মুকলি পথাৰখনলৈ সিহঁত দৌৰ মাৰিলে৷

 হাঁহি ফূৰ্তিৰে বল খেলি থকা অকনহঁত পিছল খাই ধুপুচ্ ধুপুচ্ পৰিবলৈ ধৰিলে। সিহঁতৰ ৰঙচৰিলহে। মাখনৰ সৰু ভায়েক কণমানিও আহি সিহঁতৰ ওচৰ পালেহি।

 – ‘সৌৱা চা চা’— অকনে চিঞৰিলে।

 – ‘কি’? আটাইকেইটাই অকনৰ ফালে চালে।

 – ‘ৰামধেনু'।

 – ‘আই ঐ দেহি, ইমান ধুনীয়া’। সিহঁতে ক'লে।

 পূৱ আকাশত ডাঙৰকৈ উজলি থকা ৰামধেনুখন চাই গোটেইজাকে চিঞৰি উঠিল। সঁচাকৈয়ে ৰামধেনুখন বিতোপন হৈ ওলাইছিল।

 সেইখনক ৰামৰ ধেনু বুলি কিয় কয়? কনমানিয়ে সুধিলে।

 – ‘ৰামৰ ধেনু আক’। অজয়ে টপৰ কৰে ক'লে।

 ‘জানো জানো দে ৰামচন্দ্ৰ বনলৈ যাওঁতে সেইখন লগত লৈ গৈছিল।' অকণে বিজ্ঞৰ দৰে ক'লে।

 – ‘তোক কোনে ক’লে অ’? দেবজিতে মুখতে ধৰিলে।

 – ‘আইতাই৷ আমাৰ আইতাই বহুত কথা জানে।' আচলতে সেইখন ৰামৰ ধেনুৱে নহয়'। দেবজিতৰ কথা শুনি কণমানিয়ে তাক সুধিলে

 – ‘কাৰনো তেনেহ'লে’?

 – ‘কাৰো নহয়৷ এইবোৰ বেলিৰ ৰঙহে'।

[  ]  – ‘ইহ্ বৰ জানিলে। মাখনহঁতে দেবজিতক ঠাট্টা কৰিলে।

 দেবজিতে জোৰদি ক'লে— 'অ-তো। বেলিৰ যিমান ৰং আছে, ৰামধেনুতো সিমান ৰং আছে'।

 –‘বেলিটো বগাহে, ৰঙনো ক’ত’? কণমানিয়ে সুধিলে।

 –‘তইনো কি জান? বেলিৰ ৰং সাতটা'। মাখনে ক’লে।

 –‘তেনেহ’লে বেলিটো আছে এইফালে ৰামধেনুখন আছে সেইফালেহে’। দেবজিতক শলঠেকত পেলাবলৈ অকনে ক'লে।

 দেবজিতে গহীনত ক'লে— 'ৰামধেনু বেলিৰ বিপৰীত ফালেহে ওলায়'।

 –‘কিনো কৈছ ভালকৈ ক'ছোন’— অজয়ে ক'লে। সি জানে দেবজিতে দিনে-নিশাই কিতাপকে পঢ়ি থাকে। বহুত কথা জানে।

 দেবজিতে সুধিলে— ‘আমাৰ ওপৰত বায়ুমণ্ডল আছেনে নাই’?

 অকণহঁতে ক'লে— ‘আছে, আছে। সেইবোৰ জানোদে।'

 –‘তাকেতো, যেতিয়া বতৰ ডাৱৰীয়া হয় আকাশখন পানীৰ টোপালতে ভৰি পৰে। বেলিটোৰ পোহৰৰ ৰংবোৰ সেই পানীৰ টোপাল সৰকি বায়ুমণ্ডলত পৰেহি আৰু ৰংবোৰ বিয়পি পৰে। এনেকৈ বিয়পি পুনৰ পানীৰ টোপাল সৰকি বায়ুলৈ অহাৰ লগে লগে ৰংবোৰ বেলেগ বেলেগ হৈ পৰে। পানীৰ কণিকাবোৰ হেলনীয়া হৈ থকাৰ বাবে ৰংবোৰ বেঁকা হৈ ধেনুৰ দৰে হৈ পৰে।' - দেবজিতে বুজাই ক’লে।

 –‘মই হ’লে বেলিৰ পোহৰত ইমানবোৰ ৰং কেতিয়াও দেখা নাই দেই। ৰাতিপুৱা ৰঙা, দুপৰীয়া বগা আকৌ আবেলি ৰঙাহে দেখিছো।' এটাই ক'লে।

 ‘মই দেখুৱাই দিব পাৰো’।

 দেবজিতৰ কথা শুনি মাখনে ক’লে— ‘কেনেকৈ’?

 দেবজিতে খৰচি মাৰি বুজাই দিলে

 ‘কাইলৈ খিৰিকিৰ ওচৰত বেলিৰ পোহৰ পৰি থকা ঠাইত এখন টেবুল থবি। টেবুলৰ ওপৰত চিচাৰ গিলাচ এটাত আধাগিলাচতকৈ কম পানী লবি। এখন বগা কাগজ মেজত পাৰি ল’বলৈ নেপাহৰিবি। তাৰ পিছত পানী থকা গিলাচটো এনেকৈ ধৰিবি যাতে বেলিৰ পোহৰ আহি গিলাচত

পৰেহি। গিলাচৰ পৰা সৰকি গৈ পোহৰটো কাগজত পৰিব। দেখিবি, [  ]

কেনেকৈ ৰামধেনুৰ দৰে সাতটা ৰং হৈ পৰিছে। অকণে— ‘হয় দে, এদিন মই শোৱাৰ পৰা উঠি মুখ ধোওঁতে মুখৰ পানীবোৰ জোৰেৰে মাৰি পঠিয়াওতে পানীবোৰ ৰঙা-নীলা হৈ ওলাইছিল'।

 —তুমি চিন্তা কৰি ইমান কথা ক’ব পৰা’। কণমানিৰ কথা শুনি দেবজিতে ক'লে—

 —‘এইবোৰ মই চিন্তা কৰি কোৱা নাই নহয়, বেলিৰ পোহৰ বগা হ’লেও যে তাত সাতটা ৰঙ আছে, সেইটো কথা বৈজ্ঞানিক ছাৰ আইজাক নিউটনে আৱিষ্কাৰ কৰি পাইছিল'।

 —‘তই বহুত কথা জান দেই'। মাখনে শলাগিলে।

 —‘নেজানিবনে, ইয়াৰ কামেই কিতাপ পঢ়া। স্কুলৰ পুথিভঁৰালৰ কিতাপ এখনো ছাগৈ বাকী নাই'। অজয়ে হাঁহি হাঁহি ক'লে।

 সকলো ঘৰলৈ উভটিল।

 কণমানিয়ে হ’লে কথাবোৰ ভালকৈ বুজি নেপালে। সি মনতে ভাবিলে কিতাপৰ দোকানলৈ গৈ এসোপামান কিতাপ কিনি আনিব আৰু বাইদেউৱেকক পঢ়িবলৈ দি সি শুনিব। দেবজিত দাদাৰ সি কথাবোৰ

জানিবই লাগিব। ▢ [  ]

সৰু সৰু কথা

 ৰুবুলক কোনেও বিচাৰি নেপালে। কলৈ গ'ল ল’ৰাটো? ওচৰ- চুবুৰীয়াৰ ঘৰতো বিচৰা হ'ল।

 আজি তোৰ জন্ম দিন। জন্ম দিনলৈ অহা ল’ৰা-ছোৱালীহঁতৰ লগতে সি হাঁহি ফুৰ্তি কৰি আছিল। ক্ষন্তেক আগতে মামাক আহি খবৰ লোৱাতহে গম পোৱা গ'ল ৰুবুল নাই। মাকে চকুৰ পানীৰে চাদৰৰ আঁচল তিয়াই পেলালে। সন্ধ্যা লাগিবৰ হ’ল। দেউতাকো অফিচৰ পৰা আহি কথাটো শুনি চিন্তিত হৈ পৰিল। ল’ৰা-ছোৱালীবোৰে খাই বৈ এটা দুটাকৈ যাবলৈ ধৰিলে। ৰুবুলৰ জন্ম দিনটো সদায় ৰিজাল্টৰ দুদিনমান পিছতে পৰে। এইবাৰ সি প্ৰথম হৈ সপ্তম শ্ৰেণীলৈ প্ৰমোচন পাইছে। ৰিজাল্ট ভাল কৰে কাৰণে মাকে তাৰ জন্মদিনটোত ল'ৰা-ছোৱালীহঁতক মনৰ হেঁপাহেৰে মাতি আনি খুৱায়।

 —‘মা মা দাদাহঁত ওপৰত'। ৰুবুলৰ ভায়েক ছবছৰীয়া বুবুমনিয়ে কলেহি।

 এৰা, তাক চাঁদৰ ওপৰত চোৱা হোৱাই নাছিল। মামাকে ৰুবুল আৰু ৰুবুলৰ নলেগলে লগা বন্ধু ভৈৰৱক হাতত ধৰি লৈ আহিল।

—‘তুমি এনেকৈ নোহোৱা হ'ব লাগেনে’? মাকে সুধিলে।

 আচলতে ভৈৰৱ নহাত ৰুবুলে মাতি আনিবলৈ গৈছিল। ভৈৰৱে এইবাৰ ফেইল কৰিছে। ৰুবুলে টানি আজুৰি আনিলেও চ’ৰাঘৰত লগৰীয়াহঁতক দেখি ভৈৰৱে লাজ আৰু দুখত চাদৰ ওপৰত পালেগৈ। পিছে পিছে ৰুবুলো গ'ল। সিহঁতে ল'ৰা-ছোৱালীহঁত যোৱালৈ তাতে অপেক্ষা কৰি আছিল। ৰুবুলৰ মনটো বেয়া। ভৈৰৱে মামাকক ঘৰলৈ যোৱা সিদ্ধান্ত লৈছে। সি তাতে পঢ়িব হেনো। ভৈৰৱ হেনো ৰুবুলে কাৰ লগত স্কুললৈ যাব? চিলা উৰাব, বল খেলিব? সি ফেইল কৰা কাৰণে দেউতাকে তাক কোবাইছেও। দাদাকেও তিৰস্কাৰ কৰিছে।

 ‘কথাটো কি’? ৰুবুল মনে মনে থকা দেখি দেউতাকে সুধিলে।

[  ]  ‘ভৈৰৱে ফেইল কৰিছে, সি হেনো মামাকৰ ঘৰলৈ গুচি যাব’। ৰুবুলৰ চকু চল্‌চলীয়া হ'ল৷

 উচ্চস্বৰে দেউতাক হাঁহি উঠিল। ৰুবুল আৰু ভৈৰৱে আচৰিত হৈ তেওঁলৈ চালে।

 —‘তুমি ভালকৈ পঢ়া নাছিলা, আৰু পৰীক্ষাত ফেইল কৰিলা নহয়জানো’? দেউতাকে সুধিলো

 —‘মই পঢ়িছিলো, কিন্তু গোটেইবোৰ পাহৰি গৈছিলো'। ভৈৰৱৰ ডিঙিৰ পৰা কোনোমতেহে কথাকিটা ওলাল। সি তলমূৰ কৰিলে।

 —‘তুমি চাগে পঢ়াবোৰ বুজাই নাছিলা’?

 ভৈৰৱে মূৰ দুপিয়ালে। শ্ৰেণীত শিক্ষকে পঢ়ালে তাৰ মগজুলৈ কথাবোৰ যাবই নোখোজে।
[  ]  ৰুবুলৰ দেউতাকে ভৈৰৱক ওচৰ চপাই আনিলে। ক’লে— ‘ফেইল

কৰা, পঢ়াবোৰ বুজি নোপোৱা এইবোৰ ডাঙৰ কথা নহয়। চেষ্টা কৰিলে সকলো কামেই সহজ হৈ পৰে। পৃথিৱীত এনে বহু মহান লোক আছে। যি তোমালোকৰ বয়সত ফেইলো কৰিছিল পঢ়াতো চোকা নাছিল।

 ভৈৰৱে মন দি কথাবোৰ শুনিলে। ৰুবুলৰ দেউতাকে পুনৰ ক'লে— ‘তুমি আইনষ্টাইনৰ নাম শুনিছানে? তেওঁ আপেক্ষিকতাবাদ আৰু কোৱেণ্টাম উদ্ভৱ কৰা সূত্ৰ আবিস্কাৰ কৰিছিল। নোবেল বঁটাও পাইছিল, তেওঁক ইজৰাইলৰ ৰাষ্ট্ৰপতি হ’বলৈও আমন্ত্ৰণ কৰিছিল। তুমি জানানে তেওঁ তোমাৰ সমান থাকোতে ইমানেই পঢ়াত বেয়া আছিল যে শিক্ষক আৰু লগৰীয়াবিলাকে তেওঁক অকামিলা, মুৰ্খ বুলি ঠাট্টা কৰিছিল। পিছত তেৱে পৃথিৱীৰ এজন নামজ্বলা লোক হৈ উঠিল। তুমি একানপতীয়াকৈ পঢ়া-শুনাত লাগিলে, নুবুজাতো বাৰে বাৰে বুজি ললে ফেইল কৰিব কিয়? নিশ্চয় নিজৰ পাৰদৰ্শিতা দেখুৱাব পাৰিবা। ৰুবুলৰ দেউতাক ৰসিক মানুহ। ভৈৰৱক মৰম কৰি হাঁহি হাঁহি কথাবোৰ কোৱাত ভৈৰৱৰ মনটো ভাল লাগি গ'ল।

 ৰুবুলৰ মাকে খোৱা টেবুললৈ মাতিলে। তেওঁ ভৈৰৱে ভালপোৱা জেংপিঠাও ভাজিলে, সকলো খোৱা টেবুলত বহিলহি। বুবুমনিৰ স্বভাৱটো উৎপতীয়া। সি প্লাষ্টিকৰ দীঘল এডাল পাইপ ৰুবুল আৰু ভৈৰৱৰ কাণত দি চিঞৰি চিঞৰি কথা কৈ আমনি কৰিলে। মাকে তাক ধমক্‌ দিলে।

 —‘হেৰা, এইটো এলাপেচা খেল নহয় দেই'।

 দেউতাকৰ কথা শুনি মাকে ক’লে— ‘আপুনি লাই দি তাক বেছি উৎপতীয়া কৰিছে’। লুচি এখন মুখত ভৰাই দেউতাকে ৰুবুলহঁতলৈ চাই ক’লে— ‘তোমালোকে এটা কথা জানানে’?

 —‘কি কথা খুড়া’। ভৈৰৱে আগ্ৰহেৰে ক'লে।

 —‘এহ্ বৰ মজাৰ কাহিনী। শুনা ডাক্তৰে কাণত লোৱা ‘ষ্টেথিস্কোপ’ডাল ১৮১৬ চনতে ৰিনি লেইন্নেক নামৰ ফৰাচী ডাক্তৰ এজনে আৱিস্কাৰ কৰিছিল। কেনৈকৈ জানানে? তেতিয়াৰ ডাক্তৰসকলে বুকুত কাণখন লৈ বুকুৰ ধপ্‌ধপনি শুনিছিল। এবাৰ বৰ শকত ৰোগী এজন [ ১০ ] ৰিনি লেইন্নেকৰ ওচৰলৈ আহিল। তেওঁৰ বুকুত ইমান মঙহ যে কোনোমতেহে ধপ্‌ধপনি কাণত নপৰেহি। সেই চিন্তাকে লৈ তেওঁ এদিন পাৰ্কত বহি আছিল। এনেতে তেওঁ দেখিলে কণমানি ল'ৰা দুটাই ফোপোলা পাইপ এডাল লৈ এজনে কথা কৈ এজনে শুনি ধেমালি কৰি আছে। তৎক্ষণাত ডাক্তৰৰ মনলৈ বুদ্ধি এটা আহিল। তেওঁ ল’ৰা-লৰিকৈ গৈ ৰোগীজনৰ ওচৰ পালেগৈ। কাগজৰ নুৰা এটা কৰি ৰোগীৰ বুকুত লগাই কাণ পাতি শুনিলে। ধপ্‌ধপনি বঢ়িয়াকৈ তেওঁৰ কাণত পৰিলহি। বচ্। তেওঁ সূত্ৰ পাই গ'ল। লগে লগে গৱেষণাত হাত দিলে ‘ষ্টেথিস্কোপ' আৱিষ্কাৰ কৰি উলিয়ালে৷

 ‘বাঃ কম মানুহ নহয় দেই’৷ ৰুবুলে ক’লৈ। পানী গিলাচ পি দেউতাকে পুনৰ ক’লে— ‘এইটো গ্ৰীক শব্দহে দেই’ ষ্টেথ মানে বুকু আৰু স্কোপ মানে হ’ল পৰীক্ষা'।

 ডাঙৰ ডাঙৰ মানুহৰ সৰু সৰু কথাবোৰ শুনি সকলোৱে বৰ আমোদ পালে৷ ভৈৰৱৰ মনৰ পৰা সকলো দুখ উৰি গ'ল। সি ভালকৈ পঢ়িবলৈ মনতে ঠিৰাং কৰি পেলালে। সকলোৰে খাই হৈছিল।

 কপালত পৰি থকা চুলিখিনি মূৰটো জোকাৰ মাৰি পিছলৈ ঠেলি ভৈৰৱে ৰুবুলক ক’লে— 'কাইলৈ স্কুললৈ সোনকালে ওলাবি। মোলৈ ৰবি আক’।

 ‘তাৰ মানে তই মামাৰৰ ঘৰলৈ গুচি নেযাবা’? ৰুবুলৰ মুখখন আনন্দত উজ্বল হৈ উঠিল।

 কাঁহিত থকা শেষ জেং পিঠাখন মুখত ভৰাই ভৈৰৱে ক'লে— ‘ও হো'।

 চেণ্ডেলযোৰেৰে চটপ্ চটপ্‌কৈ শব্দ তুলি খট্‌খটীৰ বাৰান্দাৰ পৰা নামি

ভৈৰৱে জপিয়াই জপিয়াই ঘৰলৈ দৌৰ মাৰিলে। ▢ [ ১১ ]

তৰাসখী

 পুহ মাহৰ পুঁৱতি নিশা। কুঁৱলীজাকে পৃথিৱীখন ঢাকি পেলাইছে। ৰ’দ চেৰেঙা আহি পৃথিৱীত ভৰি দিবলৈ তেতিয়াও বহুত সময় আছে। তেনেতে ৰুণজুন শুই থকা বিচনাখনৰ ওচৰৰ খিৰিকীখনত এটি অতি মিহি সুৱদীমাত শুনা গ’ল— ‘ৰুণজুন’।

 ৰুণজুনে চকু মেলিলে। চকুৰ পতাত গধুৰ টোপনি। চকু মোহাৰি দেখিলে খিৰিকীৰ কাষত এজনী দিপ্‌লিপ্ অকণমানি ছোৱালী। ছোৱালীজনীৰ চুলিকোচা সোণোৱালী। মূৰত বাখৰ খটোৱা মুকুটৰ চিক্‌মিকনি। ডিঙিত মুকুতাৰ মালা। গোলাপী গাল দুখন চালে চাই থাকিবৰ মন যোৱা। বৈ পৰা চকুযুৰি যেন সাগৰৰ দুটোপাল পানীহে। ৰুণজুনে একেথৰে চাই থাকোতেই আকৌ কাণত পৰিল— 'আহা ৰুণজুন'।

 ৰুণজুনে শুধিলে— ‘ক’লৈ বাৰু’?

‘আমি ডাৱৰে ডাৱৰে খেলিম।? ফুৰিম, নাচিম'। আগবঢ়াই দিয়া হাত দুখনিত ধৰি ৰুণজুন বিচনাৰ পৰা উঠি আহিল।

 দুয়োজনী কুঁৱলী ঠেলি ঠেলি আকাশলৈ খোজ ললে। ৰূপোৱালী জোনাকে সিহঁতৰ বাট পোহৰাই তুলিলে। ৰুণজুনে মনতে ভাবিলে এওঁনো কোন? মই দেখোন নামটোকে সোধা নাই’। ৰুণজুনৰ মনৰ কথা জানি হাঁহি মাৰি দিপ্‌লিপ্ ছোৱালীটিয়ে ক'লে— ‘মই এটি তৰা। মোৰ নাম কাশ্যপী। মোৰ আৰু চাৰিজনী ধুনীয়া বাইদেউ আছে। আমি আকাশৰ সৌ দিশত থাকো। তোমালোকৰ পৃথিৱীৰ মানুহে তোমাক থুপিতৰা বুলি কয়।

 —‘মই হ’লে তোমাক তৰাসখী বুলিহে মাতিমদেই'। ৰুণজুনে মৰমতে তৰাসখীৰ হাতত চুমা এটি খালে।

 ৰুণজুনহঁত গৈ মেঘৰ বগা বগা ঢৌবোৰৰ মাজ পালেগৈ। মেঘবোৰ

আপোন মনে ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিছে৷ তৰাসখীয়ে [ ১২ ]

ৰুণজুনক হাতত ধৰি বহু দূৰলৈ লৈ গ'ল। এনে ধুনীয়া ঠাই ৰুণজুনে কেতিয়াও দেখা নাছিল। তাত থকা মেঘৰ ৰঙ আছিল ৰঙ বিৰঙৰ। শীতল বতাহত সুগন্ধি বিয়পি পৰিছে। থুপিতৰাৰ দৰে আৰু বহুতো তৰাই আনন্দত লয়লাসে নাচি ফুৰিছিল। ৰূপহী জোনবাইজনীও হীৰা মুকুতাৰ দৰে তিৰ্‌বিৰাই উজ্বল হাঁহি থকা ৰুণজুনৰ চকুত পৰিল।

 কিছু দূৰ যোৱাৰ পিছত কেইজনমান ধ্যান কৰি থকা ঋষি দেখা পালে। তেওঁলোকে ইমানেই তন্ময় হৈ আছিল যে ৰুণজুনহঁত নিচেই কাষ পোৱাতো একো গমেই নেপালে। তেওঁলোকৰ শৰীৰৰ পৰা পোহৰবোৰ নিগৰি ওলাইছিল। তৰাসখীয়ে ক’লে— ‘এওঁলোক সাতজন মহান ঋষি মৰিচী, অত্রি, অংগিৰা, পুলস্তা, পুলহ, ক্লতু আৰু বশিষ্ঠ। শান্তি আৰু [ ১৩ ] মঙ্গলৰ কাৰণে এওঁলোকে ভগৱান বিষ্ণুক স্তুতি কৰি থাকে। ৰুণজুনে ক'লে— অ’ মনত পৰিছে, তাৰ মানে এওঁলোকেই সপ্তৰ্ষি মণ্ডল’। তৰাসখীয়ে হাঁহিলে।

 আৰু বহুতো অতি মনোমোহা তৰাই আকাশ ভৰি আনন্দত নাচি আছিল। ৰুণজুনে দুহাত মেলি ঘূৰি ঘূৰি চাৰিওফালে চাই কৈ উঠিল ইমান তৰা!!

 ‘এৰা, আমাৰ সংখ্যা কোটি কোটি, গনি শেষ কৰিব নোৱাৰা’৷ তৰাসখীয়ে হাঁহি মাৰি কথাষাৰ কৈ ৰুণজুনক হাতত ধৰি আগুৱাই লৈ গ’ল। যাওঁতে কৈ গ’ল— ‘পৃথিৱীৰ মানুহবোৰে আমাক লৈ চিন্তাচৰ্চা কৰিয়ে থাকে। আমাক নক্ষত্ৰপুঞ্জ নাম দি লৈছে। সেয়ে নহয় প্ৰাচীন কালতেই পণ্ডিতসকলে কল্পনাৰে আমাক লৈ ক’ত যে ছবি আঁকি লোৱা নাই’। ক্ষন্তেক পৰৰ পিছত তৰাসখীয়ে লাহেকৈ ক’লে— ‘জানো জানো, মায়ে কৈছিল অৰুন্ধতী বশিষ্ঠ ঋষিৰ পত্নী’। ৰুণজুনে ক'লে।

 ‘ঠিক জানিছা’ তৰাসখীয়ে শলাগিলে।

 ‘উস্ চকুযোৰ সৰু কৰি ৰুণজুনে ক’লে— ‘ইমান পোহৰ’।

 ‘অ’ সেইয়া ধ্ৰুৱ তৰা। তেওঁৰ মান শুৱনি নাই। জানানে, আমি সৌ পূৱ দিশে বাট বুলি সউ পশ্চিম দিশে গুচি যাওঁগৈ। কিন্তু এই ধ্ৰুৱ তৰাটি সদায় একে ঠাইতে বিৰাজমান। সেই ছয়টি তৰাই তেওঁক কেনেকৈ আগুৰি ৰাখিছে দেখিছানে’? ৰুণজুনে কিছুপৰ ৰৈ ধ্ৰুৱতৰাটিৰ ফালে চাই থাকিল।

 এইবাৰ ৰুণজুনক তৰাসখীয়ে আৰু এদিন ধুনীয়া ঠাইলৈ লৈ গ’ল। তৰাসখী ৰ’ল আৰু ক’লে— ‘সৌ তৰা ৰাশি দেখিছানে’?

 —‘অ’ অ’, কেনে বিতোপন’! ৰুণজুন উলাহত চিঞৰি উঠিল।

 —‘তেওঁ কালপুৰুষ। ভাল চিকাৰী’।

 —‘তাৰমানে’? ৰুণজুনে সুধিলে।

 —‘তৰাৰ শাৰীবোৰে তেওঁক জানো এজন চিকাৰীলেখীয়া কৰি তোলা নাই’?

 —‘হয় হয়’। ৰুণজুনে ভালকৈ মন কৰিলে ককালত তৰোৱাল ওলোমাই লোৱা এজন চিকাৰীহে ৰৈ আছে।

[ ১৪ ]  —‘আৰু চোৱা তেওঁৰ ওচৰত দক্ষিণ পূৱ কোণত দুটি চিকাৰী কুকুৰো লব্ধক আৰু সৰমা। কৈ কৈ তৰাসখী আকৌ আগবাঢ়িল।

 ৰুণজুনক তৰাসখীয়ে আৰু বহুতো তৰাৰ লগত চিনাকি কৰি দিলে। আটাইবোৰ ধুনীয়া ধুনীয়া। সকলোৱে ৰুণজুনক বেৰি ধৰি নাচিবলৈ ধৰিলে। কণজুনে নিজৰ পোছাকযোৰ চাই আচৰিত হ’ল, কিয়নো জোনাকৰ পোহৰত তাইৰ ফুটফুটীয়া ফ্ৰকটো অপূৰ্ব হৈ উঠিছিল। হঠাৎ ৰঙা পোহৰ এচাতিয়ে ৰুণজুনৰ চকুত চাঁট মাৰি ধৰিলে। তৰাসখীয়ে কাণে কাণে ক’লে—‘দৈত্য তৰা। আমি সৌপিনে যাওঁ বলা’।

 ধুনীয়া ৰথ এখনত ৰূপহ যুৱক এজন ব’লহি। তৰাসখীয়ে ক'লে— ‘এওঁ পাৰচিউচ। ৰূপৰ তুলনা নাই। মনটোও বৰ আলসুৱা’।

 পাৰচিউচে তৰাসখীক হাতত ধৰি ৰথত তুলি ললে। তৰাসখীয়ে ৰুণজুনলৈ হাত এখন আগবঢ়াই দিলে। কিন্তু তাই কোনোমতেই উঠিব নোৱাৰিলে। তৰাসখীৰ হাতত ধৰি ৰথত উঠিব খোজোতেই ৰথখন চলি গ’ল আৰু তাই ধুপুচ্ কৰে পৰি থাকিল। ৰথত হাঁহি হাঁহি আঁতৰি যোৱা তৰা সখীলৈ চাই ৰুণজুন চিঞৰি উঠিল— ‘তৰাসখী, তৰাসখী’—

 ৰুণজুনৰ মাকে ৰুণজুনক তুলি দি ক’লে— ইমানজনী ছোৱালী, এতিয়াও বিছনাৰ পৰা পৰেনে? তৰাসখী তৰাসখী বুলি কাক মাতিছিলো’?

 একোকে বুজিব নোৱাৰি ৰুণজুনে মাকৰ মুখলৈ চাই ৰ’ল। মাকৰ বুজিবলৈ বাকী নেথাকিল। ক’লে— ‘কালি নিশা শোৱাৰ পৰত মই কোৱা তৰাবোৰৰ কাহিনী হ’বলা সপোনতে দেখিলা’?

 মাকে ৰুণজুনক হাতত ধৰি লৈ আহিল। ▢ [ ১৫ ]

অদৃশ্য বন্ধু

 মাঘ মাহৰ পুৱা বেলা। ফৰকাল শীতৰ বতৰ। বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত উজনি সোঁতত এখনি পালতৰা নাওঁ

 সেই নাঁৱত মাক-দেউতাক, পেহাক-পেহীয়েক আৰু সৰু খুড়াকৰ সতে দীপু আৰু শ্ৰীয়ম। আৰু আছে পেহীয়েকৰ ল’ৰা ধীমান আৰু ময়ূৰ।

 তেওঁলোকে ব্ৰহ্মপুত্ৰৰ বালিচ’ৰত সপৰিয়ালে বালিভোজ খাব। নাও যাত্ৰাৰে বালিভোজ খোৱা কথাটো সৰু খুড়াই উলিয়াইছিল। নাওখনো তেৱে ঠিক কৰিছে।

 ময়ূৰ অলপ ভয়াতুৰ। নাৱত উঠিবলৈ ভয়। সি বাৰেবাৰে কৈ আহিল, নাওখন যাতে মানুহকেইটাই ভালকৈ চলায়। তাকে শুনি সৰু খুড়াই ময়ূৰক নিজৰ ওচৰত বহুৱাই ললে। তেওঁ ক'লে—

 —‘নাৱৰীয়াই বঠা মাৰিব লাগে কিয়? নাও এনেয়ে চলি যাব’।

 —‘কেনেকৈ ময়ূৰীয়ে সুধিলে’?

 —‘অদৃশ্য বন্ধুৱে চলাই আহিছে নহয়’। সৰু খুড়াৰ কথা শুনি ওচৰত বহি থকা দীপুৱে সুধিলে— অদৃশ্য বন্ধু ক’তা?

 —খুড়াই ক'লে— ‘যাক দেখা নেপায়, সেইয়াই অদৃশ্য। দেখিবা কেনেকৈ’?

 —নেদেখা মানুহে নাও চলাব কেনেকৈ' ময়ূৰে ক'লে। তাৰ ভয়ো লাগিল।

 সি মাকহঁতলৈ চালে সকলো কথা পতাত ব্যস্ত। ওচৰত অন্য নাও এখনো নাই। বহু দূৰৈত হে দুই এখন আছে।

 —‘মোক অদৃশ্য বন্ধু দেখুৱাই দিয়া নাই’। দীপুৱে কুটুৰিলে।

 অ’ অ’ দেখুৱাই দিয়া ময়ূৰে জোৰ দি ক’লে।

 —খুড়াই ক’লে দেখুৱাবটো নোৱাৰো, পিছে ৰ’বা অদৃশ্য বন্ধুৰ কামকে

দেখুৱাওঁ।
[ ১৬ ]

 সৰু খুড়া উঠি গ'ল। তেওঁ দীপুৰ মাকৰ পৰা গিলাচ এটা আৰু পানী এবটলো লৈ আহিল। পানী এগিলাচ খাই গিলাচটো শুকানকৈ মচি ললে। গিলাচটো উবুৰিয়াই লৈ তেওঁ সোঁহাতৰ তলুৱাত বাওঁহাতেৰে গিলাচটো কিছু সময় হেঁচি ধৰি থাকিল। তাৰ পিছত বৰ সাৱধানেৰে সোঁহাতৰ তলুৱাখন আঁতৰাই লৈ আহিল৷ দীপু আৰু ময়ূৰে দেখিলে গিলাচটো নপৰাকৈ হাতৰ

তলুৱাত ওলমি আছে।

[ ১৭ ]  —‘বাঃ বাঃ দীপুৱে চিঞৰিলে। তাকে শুনি ধীমান শ্ৰীয়মো ওচৰ পালেহি।

 ‘সৰু খুড়া তুমি যাদু জানা নেকি’? শ্ৰীয়মে সুধিলে।

 ‘যাদু নহয়, এয়া অদৃশ্য বন্ধুৰ কাম’। খুড়াই হাঁহি মাৰি গিলাচটো থৈ ক’লে।

 খুড়াই এইবাৰ গিলাচটোত পুৰাপুৰিকৈ পানী এগিলাচ ভৰাই ললে। নাৰিকল লাডু ভৰাই অনা প্লাষ্টিকৰ টেমাটো ওচৰতে আছিল। সাঁফৰখন লৈ তেওঁ গিলাচটোত ঢাকন মাৰি দিলে। তাৰ পাছত সোঁহাতৰ তলুৱাৰ ঢাকনখন ধৰি বাওঁহাতেৰে গিলাচটো সাৱধানেৰে উবুৰিয়াই দিলে। সিহঁতে দেখিলে খুড়াই হাতটো এৰি দিয়াৰ পিছতো উবুৰি হোৱা গিলাচটোৰ ঢাকনখন পৰি যোৱা নাই, পানীখিনিও একেদৰে আছে।

 বাওঁহাতেৰে ধৰি থকা গিলাচটো ভালেমান পৰ ৰাখি খুড়াই গিলাচটো ওপৰমুৱা কৰিলে।

 —‘আও, কেনেকৈ কৰিলা’? আচৰিত হৈ সিহঁতে ক’বলৈ ধৰিলে।

 ‘অদৃশ্য বন্ধুৰ আৰু এটা মজাৰ খেল চাবা, পানীত সোমাইও ৰুমাল নিতিতা’।

 —‘খুড়াৰ কথাই সিহঁতক বৰ আমোদ দিলে।

 গিলাচটো যদি খুড়াই নিজৰ ৰুমালখন গিলাচটোত ঠেচি ঠেচি সুমুৱাই ললে। ধীমানক কোৱাত সি মাকহঁতৰ ওচৰৰ পৰা সৰু ষ্টীলৰ চৰিয়া এটা লৈ আহিল।

 খুড়াই চৰিয়াটোত পানী ঢালিলে। পানীখিনিৰ মাজত ৰুমালৰ গিলাচটো উবুৰিয়াই ধৰি থাকিল। বহুপৰৰ পিছত গিলাচটো আনি ৰুমালখন উলিয়াই দেখুৱালে, অকনো তিতা নাই।

 —‘তুমি যাদু জানা খুড়া, নহ’লে এইবোৰ কেনেকৈ কৰিছো’? ধীমানে ক’লে।

 খুড়াই ধীমানৰ গালত ফুমাৰি সুধিলে, কি পাইছা? ধীমানে ক'লে— ‘বতাহ’।

 —‘সেইয়াই আমাৰ অদৃশ্য বন্ধু বুইছা? তোমালোকে জানানে অদৃশ্য হৈ থকা এই বতাহে পৃথিৱীৰ সকলোকে জীয়াই ৰাখিছে আৰু কিছুমান কামো কৰি আছে। আমাৰ চাৰিওফালে বতাহেই বতাহ। মূৰৰ ওপৰৰ দুশ মাইললৈকে। এনে অকন ঠাই নাই য’ত বতাহ নাই, আৰু যতেই বতাহ নেথাকিব তাতে ডাঙৰ বিপদো হ’ব’। খুড়াই ক’লে।

[ ১৮ ]  ‘তাৰমানে তোমাৰ খেলটোত বতাহৰ কথা আছে। ধীমানে কিছু বুজিবলৈ চেষ্টা কৰিলে।

 ‘নিশ্চয়, মই যেতিয়া গিলাচটো হাতৰ তলুৱাত বায়ুশূণ্য কৰি উবুৰিয়াই পিছত তুলি আনিলো, তলফালৰ পৰা ভিতৰলৈ বায়ু ঠেলি সোমাই গ’ল আৰু সেই চাপ হাতৰ তলুৱাত পৰি লাগি থাকিল৷ সেইদৰে পানীৰ গিলাচটো উবুৰিয়াই দিওঁতে তলফালৰ পৰা ঢাকনখনত বায়ুৰ চাপ অৰ্থাৎ বতাহে ঠেলি ধৰিলে। বায়ুৰ এই কাৰ্যক বায়ুৰ উৰ্দ্ধচাপ বুলি কোৱা হয়।

 —‘আৰু ৰুমালখননো নিতিতিল কিয়’? দীপুৱে প্ৰশ্ন কৰিলে। সিহঁতৰ আগ্ৰহ দেখি সৰু খুড়াৰো ভাল লাগিল। ক’লে—

 —‘বায়ুৱে ঠেলিলেহে পানীখিনি গিলাচত সোমাব, চোৱা, মই তাৰ সুযোগ নিদি ফট্‌কৰে গিলাচ উবুৰিয়াই পানীত সুমুৱালো, কিন্তু পানী ভিতৰত সোমাবই পৰা নাই, ৰুমাল তিতিব ক’ৰ পৰা’? খুড়াই আকৌ এবাৰ খেলটো দেখুৱাই দিলে।

 —‘বতাহেনো নাও চলায় কেনেকৈ খুড়া’? ময়ূৰৰ কথা শুনি খুড়াই হাঁহিলে।

 —হাতত ধৰি আটাইকেইটাক লৈ গ’ল। ক’লে—‘সেই যে মাস্তুলটো দেখিছা অৰ্থাৎ খুটাৰ নিচিনা, তাত বান্ধি দিয়া কাপোৰখনকে পালতৰা বুলি কয়। দেখিছানে, এনেভাবে বন্ধা হৈছে যাতে তাত বতাহ সৰহকৈ সোমাই আৰু জোৰ পাই নাওখন ঠেলি লৈ গৈ থাকিব পাৰে। মাজে মাজে নাঁৱৰীয়াহঁতে দিক্‌ ঠিকে ৰাখিবলৈ বঠা ব্যৱহাৰ কৰিব’।

 —‘অ’ হয় নেকি’? দীপুৱে ক'লে।

 ‘আচলতে এইবোৰ তেনেই সৰু সৰু অথচ বৰ আচৰিত কথা। তোমালোকে ডাঙৰ হলে জানিব পাৰিবা বতাহৰ দ্বাৰা কিমান ডাঙৰ ডাঙৰ কাম মানুহে সমাধান কৰি লৈছে।

 —ময়ূৰৰ মনৰ পৰা সকলো ভয় আঁতৰি গ’ল। সি খুব ৰঙ মনে ক’লে— ‘অদৃশ্য বন্ধুৰ কথা আজিহে জানিলো’।

 —সিহঁতে আকাশলৈ চালে। নীলা আকাশখন বগা বগা ঢৌ তোলা মেঘবোৰে আৰু ধুনীয়া কৰি তুলিছে। ▢

[ শেষ পৃষ্ঠা ]


Price: 20/-


এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।