পৃষ্ঠা:এপাহ ফুলৰ কথা.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৰু সৰু কথা

 ৰুবুলক কোনেও বিচাৰি নেপালে। কলৈ গ'ল ল’ৰাটো? ওচৰ- চুবুৰীয়াৰ ঘৰতো বিচৰা হ'ল।

 আজি তোৰ জন্ম দিন। জন্ম দিনলৈ অহা ল’ৰা-ছোৱালীহঁতৰ লগতে সি হাঁহি ফুৰ্তি কৰি আছিল। ক্ষন্তেক আগতে মামাক আহি খবৰ লোৱাতহে গম পোৱা গ'ল ৰুবুল নাই। মাকে চকুৰ পানীৰে চাদৰৰ আঁচল তিয়াই পেলালে। সন্ধ্যা লাগিবৰ হ’ল। দেউতাকো অফিচৰ পৰা আহি কথাটো শুনি চিন্তিত হৈ পৰিল। ল’ৰা-ছোৱালীবোৰে খাই বৈ এটা দুটাকৈ যাবলৈ ধৰিলে। ৰুবুলৰ জন্ম দিনটো সদায় ৰিজাল্টৰ দুদিনমান পিছতে পৰে। এইবাৰ সি প্ৰথম হৈ সপ্তম শ্ৰেণীলৈ প্ৰমোচন পাইছে। ৰিজাল্ট ভাল কৰে কাৰণে মাকে তাৰ জন্মদিনটোত ল'ৰা-ছোৱালীহঁতক মনৰ হেঁপাহেৰে মাতি আনি খুৱায়।

 —‘মা মা দাদাহঁত ওপৰত'। ৰুবুলৰ ভায়েক ছবছৰীয়া বুবুমনিয়ে কলেহি।

 এৰা, তাক চাঁদৰ ওপৰত চোৱা হোৱাই নাছিল। মামাকে ৰুবুল আৰু ৰুবুলৰ নলেগলে লগা বন্ধু ভৈৰৱক হাতত ধৰি লৈ আহিল।

—‘তুমি এনেকৈ নোহোৱা হ'ব লাগেনে’? মাকে সুধিলে।

 আচলতে ভৈৰৱ নহাত ৰুবুলে মাতি আনিবলৈ গৈছিল। ভৈৰৱে এইবাৰ ফেইল কৰিছে। ৰুবুলে টানি আজুৰি আনিলেও চ’ৰাঘৰত লগৰীয়াহঁতক দেখি ভৈৰৱে লাজ আৰু দুখত চাদৰ ওপৰত পালেগৈ। পিছে পিছে ৰুবুলো গ'ল। সিহঁতে ল'ৰা-ছোৱালীহঁত যোৱালৈ তাতে অপেক্ষা কৰি আছিল। ৰুবুলৰ মনটো বেয়া। ভৈৰৱে মামাকক ঘৰলৈ যোৱা সিদ্ধান্ত লৈছে। সি তাতে পঢ়িব হেনো। ভৈৰৱ হেনো ৰুবুলে কাৰ লগত স্কুললৈ যাব? চিলা উৰাব, বল খেলিব? সি ফেইল কৰা কাৰণে দেউতাকে তাক কোবাইছেও। দাদাকেও তিৰস্কাৰ কৰিছে।

 ‘কথাটো কি’? ৰুবুল মনে মনে থকা দেখি দেউতাকে সুধিলে।