পৃষ্ঠা:এপাহ ফুলৰ কথা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
এপাহ ফুলৰ কথা

ৰুণজুনক হাতত ধৰি বহু দূৰলৈ লৈ গ'ল। এনে ধুনীয়া ঠাই ৰুণজুনে কেতিয়াও দেখা নাছিল। তাত থকা মেঘৰ ৰঙ আছিল ৰঙ বিৰঙৰ। শীতল বতাহত সুগন্ধি বিয়পি পৰিছে। থুপিতৰাৰ দৰে আৰু বহুতো তৰাই আনন্দত লয়লাসে নাচি ফুৰিছিল। ৰূপহী জোনবাইজনীও হীৰা মুকুতাৰ দৰে তিৰ্‌বিৰাই উজ্বল হাঁহি থকা ৰুণজুনৰ চকুত পৰিল।

 কিছু দূৰ যোৱাৰ পিছত কেইজনমান ধ্যান কৰি থকা ঋষি দেখা পালে। তেওঁলোকে ইমানেই তন্ময় হৈ আছিল যে ৰুণজুনহঁত নিচেই কাষ পোৱাতো একো গমেই নেপালে। তেওঁলোকৰ শৰীৰৰ পৰা পোহৰবোৰ নিগৰি ওলাইছিল। তৰাসখীয়ে ক’লে— ‘এওঁলোক সাতজন মহান ঋষি মৰিচী, অত্রি, অংগিৰা, পুলস্তা, পুলহ, ক্লতু আৰু বশিষ্ঠ। শান্তি আৰু