পেলালে। তাৰ পিছত সাঁফৰ থকা বহল বটল এটা লৈ সাফঁৰটোত তাঁৰৰ মূৰটো খুচি থলো।
‘উস্ উস্!’ বতাহজাকে ক’লে।
‘তাৰ পিছত? হয় হয় মনত পৰিছে। গন্ধক নামৰ কিবা এসোপা কাগজত মেৰিয়াই সৰু পাত্ৰ এটাত থৈ বটলৰ ভিতৰত সুমুৱাই থলে। তাৰ পিছত সেই সোপা জ্বলাই মোক তাৰ ওপৰত ওলোমাই থৈ সাঁফৰটো বন্ধ কৰি দিলে।'
‘হয়নে? উঃ উঃ’ বতাহজাকৰ সঁচাকৈয়ে বৰ দুখ লাগিল। ফুলপাহে সেহাই সেহাই কৈ গ'ল— ‘গন্ধক জ্বলি জ্বলি মোক তেনেই জুৰুলা কৰি পেলালে। লাহে লাহে মোৰ ধুনীয়া ৰঙটোও নাইকীয়া হৈ যাবলৈ ধৰিলে। মই তেনেই শেঁতা হৈ পৰিলো। মই শোকত ভাগি পৰিলো। তেওঁলোকে মোৰ ফালে কাণষাৰকে নকৰিলে। মোমায়েকে—টুপুলক কৈ গ’ল— ‘গন্ধক জ্বলি বটলৰ ভিতৰত থকা অক্সিজেনৰ লগত মিহলি হৈ ‘ছালফাৰ ডাই অক্সাইড গেচ উৎপন্ন হ’ল। এই গেচ এবিধ উত্তম ‘ব্লিচিং এজেণ্ট’। এই ব্লিচিং এজেণ্টেই ৰঙ থকা বস্তু ৰঙ নথকা কৰি পেলাব পাৰে। ইয়াকে কৈ দুয়ো ৰঙ কৰিবলৈ ধৰিলে। পিছত মোক এয়া ফুলনিৰ চকুত পেলাই থৈ গ'লহি। ফুলপাহে আকৌ উচুপি উঠিল।
টুপুলৰ বৰ বেয়া লাগিল। সিয়ে ধুনীয়া ফুলপাহ চিঙি নি মোমায়েকক দিছিলগৈ। মোমায়েকে তাক ৰং থকা ফুল কেনেকৈ বগা কৰি পেলাব পাৰি সেই বিজ্ঞানৰ পৰীক্ষাটো শিকাই দিছিল। টুপুলৰ চকুৰ পানী ওলাই আহিল আৰু ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে।
কান্দোন শুনি মাকে গাত হেঁচুকি দি মাতিলে— ‘টুপুল্ টুপুল্’।
টুপুলে চকুমেলি চালে। সি মাকৰ ওচৰত শুই আছে।
‘সপোন দেখিছিলো নেকি? মাকে হাঁহি মাৰি সুধিলে।
টুপুলে মাকক সাৱটি ধৰিলে।
তাৰ চকুত চকুপানী লাগিলে থাকিল। সি ভাবিলে আচলতে ধুনীয়াকৈ ফুলি থকা ফুলপাহ চিঙিবলৈ তাৰ মন যোৱা নাছিল, হয়তো সেয়েহে এনেকুৱা এটা সপোন দেখিলে। অৱশ্যে মোমায়েকে তাক কৈছিল— তুমি এটা জ্ঞান আহৰণ কৰিবলৈহে ফুলপাহ চিঙিছা। মনত ৰাখিবা, বিজ্ঞানৰ উন্নতিৰ বাবে এনে অৰিহনা অতুলনীয়। ▢