পৃষ্ঠা:এপাহ ফুলৰ কথা.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এপাহ ফুলৰ কথা

 ‘ভৈৰৱে ফেইল কৰিছে, সি হেনো মামাকৰ ঘৰলৈ গুচি যাব’। ৰুবুলৰ চকু চল্‌চলীয়া হ'ল৷

 উচ্চস্বৰে দেউতাক হাঁহি উঠিল। ৰুবুল আৰু ভৈৰৱে আচৰিত হৈ তেওঁলৈ চালে।

 —‘তুমি ভালকৈ পঢ়া নাছিলা, আৰু পৰীক্ষাত ফেইল কৰিলা নহয়জানো’? দেউতাকে সুধিলো

 —‘মই পঢ়িছিলো, কিন্তু গোটেইবোৰ পাহৰি গৈছিলো'। ভৈৰৱৰ ডিঙিৰ পৰা কোনোমতেহে কথাকিটা ওলাল। সি তলমূৰ কৰিলে।

 —‘তুমি চাগে পঢ়াবোৰ বুজাই নাছিলা’?

 ভৈৰৱে মূৰ দুপিয়ালে। শ্ৰেণীত শিক্ষকে পঢ়ালে তাৰ মগজুলৈ কথাবোৰ যাবই নোখোজে।