ৰিনি লেইন্নেকৰ ওচৰলৈ আহিল। তেওঁৰ বুকুত ইমান মঙহ যে কোনোমতেহে ধপ্ধপনি কাণত নপৰেহি। সেই চিন্তাকে লৈ তেওঁ এদিন পাৰ্কত বহি আছিল। এনেতে তেওঁ দেখিলে কণমানি ল'ৰা দুটাই ফোপোলা পাইপ এডাল লৈ এজনে কথা কৈ এজনে শুনি ধেমালি কৰি আছে। তৎক্ষণাত ডাক্তৰৰ মনলৈ বুদ্ধি এটা আহিল। তেওঁ ল’ৰা-লৰিকৈ গৈ ৰোগীজনৰ ওচৰ পালেগৈ। কাগজৰ নুৰা এটা কৰি ৰোগীৰ বুকুত লগাই কাণ পাতি শুনিলে। ধপ্ধপনি বঢ়িয়াকৈ তেওঁৰ কাণত পৰিলহি। বচ্। তেওঁ সূত্ৰ পাই গ'ল। লগে লগে গৱেষণাত হাত দিলে ‘ষ্টেথিস্কোপ' আৱিষ্কাৰ কৰি উলিয়ালে৷
‘বাঃ কম মানুহ নহয় দেই’৷ ৰুবুলে ক’লৈ। পানী গিলাচ পি দেউতাকে পুনৰ ক’লে— ‘এইটো গ্ৰীক শব্দহে দেই’ ষ্টেথ মানে বুকু আৰু স্কোপ মানে হ’ল পৰীক্ষা'।
ডাঙৰ ডাঙৰ মানুহৰ সৰু সৰু কথাবোৰ শুনি সকলোৱে বৰ আমোদ পালে৷ ভৈৰৱৰ মনৰ পৰা সকলো দুখ উৰি গ'ল। সি ভালকৈ পঢ়িবলৈ মনতে ঠিৰাং কৰি পেলালে। সকলোৰে খাই হৈছিল।
কপালত পৰি থকা চুলিখিনি মূৰটো জোকাৰ মাৰি পিছলৈ ঠেলি ভৈৰৱে ৰুবুলক ক’লে— 'কাইলৈ স্কুললৈ সোনকালে ওলাবি। মোলৈ ৰবি আক’।
‘তাৰ মানে তই মামাৰৰ ঘৰলৈ গুচি নেযাবা’? ৰুবুলৰ মুখখন আনন্দত উজ্বল হৈ উঠিল।
কাঁহিত থকা শেষ জেং পিঠাখন মুখত ভৰাই ভৈৰৱে ক'লে— ‘ও হো'।
চেণ্ডেলযোৰেৰে চটপ্ চটপ্কৈ শব্দ তুলি খট্খটীৰ বাৰান্দাৰ পৰা নামি ভৈৰৱে জপিয়াই জপিয়াই ঘৰলৈ দৌৰ মাৰিলে। ▢