পৃষ্ঠা:এপাহ ফুলৰ কথা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰু সৰু কথা

 ৰুবুলৰ দেউতাকে ভৈৰৱক ওচৰ চপাই আনিলে। ক’লে— ‘ফেইল কৰা, পঢ়াবোৰ বুজি নোপোৱা এইবোৰ ডাঙৰ কথা নহয়। চেষ্টা কৰিলে সকলো কামেই সহজ হৈ পৰে। পৃথিৱীত এনে বহু মহান লোক আছে। যি তোমালোকৰ বয়সত ফেইলো কৰিছিল পঢ়াতো চোকা নাছিল।

 ভৈৰৱে মন দি কথাবোৰ শুনিলে। ৰুবুলৰ দেউতাকে পুনৰ ক'লে— ‘তুমি আইনষ্টাইনৰ নাম শুনিছানে? তেওঁ আপেক্ষিকতাবাদ আৰু কোৱেণ্টাম উদ্ভৱ কৰা সূত্ৰ আবিস্কাৰ কৰিছিল। নোবেল বঁটাও পাইছিল, তেওঁক ইজৰাইলৰ ৰাষ্ট্ৰপতি হ’বলৈও আমন্ত্ৰণ কৰিছিল। তুমি জানানে তেওঁ তোমাৰ সমান থাকোতে ইমানেই পঢ়াত বেয়া আছিল যে শিক্ষক আৰু লগৰীয়াবিলাকে তেওঁক অকামিলা, মুৰ্খ বুলি ঠাট্টা কৰিছিল। পিছত তেৱে পৃথিৱীৰ এজন নামজ্বলা লোক হৈ উঠিল। তুমি একানপতীয়াকৈ পঢ়া-শুনাত লাগিলে, নুবুজাতো বাৰে বাৰে বুজি ললে ফেইল কৰিব কিয়? নিশ্চয় নিজৰ পাৰদৰ্শিতা দেখুৱাব পাৰিবা। ৰুবুলৰ দেউতাক ৰসিক মানুহ। ভৈৰৱক মৰম কৰি হাঁহি হাঁহি কথাবোৰ কোৱাত ভৈৰৱৰ মনটো ভাল লাগি গ'ল।

 ৰুবুলৰ মাকে খোৱা টেবুললৈ মাতিলে। তেওঁ ভৈৰৱে ভালপোৱা জেংপিঠাও ভাজিলে, সকলো খোৱা টেবুলত বহিলহি। বুবুমনিৰ স্বভাৱটো উৎপতীয়া। সি প্লাষ্টিকৰ দীঘল এডাল পাইপ ৰুবুল আৰু ভৈৰৱৰ কাণত দি চিঞৰি চিঞৰি কথা কৈ আমনি কৰিলে। মাকে তাক ধমক্‌ দিলে।

 —‘হেৰা, এইটো এলাপেচা খেল নহয় দেই'।

 দেউতাকৰ কথা শুনি মাকে ক’লে— ‘আপুনি লাই দি তাক বেছি উৎপতীয়া কৰিছে’। লুচি এখন মুখত ভৰাই দেউতাকে ৰুবুলহঁতলৈ চাই ক’লে— ‘তোমালোকে এটা কথা জানানে’?

 —‘কি কথা খুড়া’। ভৈৰৱে আগ্ৰহেৰে ক'লে।

 —‘এহ্ বৰ মজাৰ কাহিনী। শুনা ডাক্তৰে কাণত লোৱা ‘ষ্টেথিস্কোপ’ডাল ১৮১৬ চনতে ৰিনি লেইন্নেক নামৰ ফৰাচী ডাক্তৰ এজনে আৱিস্কাৰ কৰিছিল। কেনৈকৈ জানানে? তেতিয়াৰ ডাক্তৰসকলে বুকুত কাণখন লৈ বুকুৰ ধপ্‌ধপনি শুনিছিল। এবাৰ বৰ শকত ৰোগী এজন