– ‘ইহ্ বৰ জানিলে। মাখনহঁতে দেবজিতক ঠাট্টা কৰিলে।
দেবজিতে জোৰদি ক'লে— 'অ-তো। বেলিৰ যিমান ৰং আছে, ৰামধেনুতো সিমান ৰং আছে'।
–‘বেলিটো বগাহে, ৰঙনো ক’ত’? কণমানিয়ে সুধিলে।
–‘তইনো কি জান? বেলিৰ ৰং সাতটা'। মাখনে ক’লে।
–‘তেনেহ’লে বেলিটো আছে এইফালে ৰামধেনুখন আছে সেইফালেহে’। দেবজিতক শলঠেকত পেলাবলৈ অকনে ক'লে।
দেবজিতে গহীনত ক'লে— 'ৰামধেনু বেলিৰ বিপৰীত ফালেহে ওলায়'।
–‘কিনো কৈছ ভালকৈ ক'ছোন’— অজয়ে ক'লে। সি জানে দেবজিতে দিনে-নিশাই কিতাপকে পঢ়ি থাকে। বহুত কথা জানে।
দেবজিতে সুধিলে— ‘আমাৰ ওপৰত বায়ুমণ্ডল আছেনে নাই’?
অকণহঁতে ক'লে— ‘আছে, আছে। সেইবোৰ জানোদে।'
–‘তাকেতো, যেতিয়া বতৰ ডাৱৰীয়া হয় আকাশখন পানীৰ টোপালতে ভৰি পৰে। বেলিটোৰ পোহৰৰ ৰংবোৰ সেই পানীৰ টোপাল সৰকি বায়ুমণ্ডলত পৰেহি আৰু ৰংবোৰ বিয়পি পৰে। এনেকৈ বিয়পি পুনৰ পানীৰ টোপাল সৰকি বায়ুলৈ অহাৰ লগে লগে ৰংবোৰ বেলেগ বেলেগ হৈ পৰে। পানীৰ কণিকাবোৰ হেলনীয়া হৈ থকাৰ বাবে ৰংবোৰ বেঁকা হৈ ধেনুৰ দৰে হৈ পৰে।' - দেবজিতে বুজাই ক’লে।
–‘মই হ’লে বেলিৰ পোহৰত ইমানবোৰ ৰং কেতিয়াও দেখা নাই দেই। ৰাতিপুৱা ৰঙা, দুপৰীয়া বগা আকৌ আবেলি ৰঙাহে দেখিছো।' এটাই ক'লে।
‘মই দেখুৱাই দিব পাৰো’।
দেবজিতৰ কথা শুনি মাখনে ক’লে— ‘কেনেকৈ’?
দেবজিতে খৰচি মাৰি বুজাই দিলে
‘কাইলৈ খিৰিকিৰ ওচৰত বেলিৰ পোহৰ পৰি থকা ঠাইত এখন টেবুল থবি। টেবুলৰ ওপৰত চিচাৰ গিলাচ এটাত আধাগিলাচতকৈ কম পানী লবি। এখন বগা কাগজ মেজত পাৰি ল’বলৈ নেপাহৰিবি। তাৰ পিছত পানী থকা গিলাচটো এনেকৈ ধৰিবি যাতে বেলিৰ পোহৰ আহি গিলাচত পৰেহি। গিলাচৰ পৰা সৰকি গৈ পোহৰটো কাগজত পৰিব। দেখিবি,