‘তাৰমানে তোমাৰ খেলটোত বতাহৰ কথা আছে। ধীমানে কিছু বুজিবলৈ চেষ্টা কৰিলে।
‘নিশ্চয়, মই যেতিয়া গিলাচটো হাতৰ তলুৱাত বায়ুশূণ্য কৰি উবুৰিয়াই পিছত তুলি আনিলো, তলফালৰ পৰা ভিতৰলৈ বায়ু ঠেলি সোমাই গ’ল আৰু সেই চাপ হাতৰ তলুৱাত পৰি লাগি থাকিল৷ সেইদৰে পানীৰ গিলাচটো উবুৰিয়াই দিওঁতে তলফালৰ পৰা ঢাকনখনত বায়ুৰ চাপ অৰ্থাৎ বতাহে ঠেলি ধৰিলে। বায়ুৰ এই কাৰ্যক বায়ুৰ উৰ্দ্ধচাপ বুলি কোৱা হয়।
—‘আৰু ৰুমালখননো নিতিতিল কিয়’? দীপুৱে প্ৰশ্ন কৰিলে। সিহঁতৰ আগ্ৰহ দেখি সৰু খুড়াৰো ভাল লাগিল। ক’লে—
—‘বায়ুৱে ঠেলিলেহে পানীখিনি গিলাচত সোমাব, চোৱা, মই তাৰ সুযোগ নিদি ফট্কৰে গিলাচ উবুৰিয়াই পানীত সুমুৱালো, কিন্তু পানী ভিতৰত সোমাবই পৰা নাই, ৰুমাল তিতিব ক’ৰ পৰা’? খুড়াই আকৌ এবাৰ খেলটো দেখুৱাই দিলে।
—‘বতাহেনো নাও চলায় কেনেকৈ খুড়া’? ময়ূৰৰ কথা শুনি খুড়াই হাঁহিলে।
—হাতত ধৰি আটাইকেইটাক লৈ গ’ল। ক’লে—‘সেই যে মাস্তুলটো দেখিছা অৰ্থাৎ খুটাৰ নিচিনা, তাত বান্ধি দিয়া কাপোৰখনকে পালতৰা বুলি কয়। দেখিছানে, এনেভাবে বন্ধা হৈছে যাতে তাত বতাহ সৰহকৈ সোমাই আৰু জোৰ পাই নাওখন ঠেলি লৈ গৈ থাকিব পাৰে। মাজে মাজে নাঁৱৰীয়াহঁতে দিক্ ঠিকে ৰাখিবলৈ বঠা ব্যৱহাৰ কৰিব’।
—‘অ’ হয় নেকি’? দীপুৱে ক'লে।
‘আচলতে এইবোৰ তেনেই সৰু সৰু অথচ বৰ আচৰিত কথা। তোমালোকে ডাঙৰ হলে জানিব পাৰিবা বতাহৰ দ্বাৰা কিমান ডাঙৰ ডাঙৰ কাম মানুহে সমাধান কৰি লৈছে।
—ময়ূৰৰ মনৰ পৰা সকলো ভয় আঁতৰি গ’ল। সি খুব ৰঙ মনে ক’লে— ‘অদৃশ্য বন্ধুৰ কথা আজিহে জানিলো’।
—সিহঁতে আকাশলৈ চালে। নীলা আকাশখন বগা বগা ঢৌ তোলা মেঘবোৰে আৰু ধুনীয়া কৰি তুলিছে। ▢