আবেলি।
বৰষুণজাকৰ পিছত ধুনীয়া ৰ’দটো ওলাই আহিল। বৰষুণজাকে যেন পৃথিৱীখন ধুইহে গ'ল। ফট্ফটীয়া পোহৰত পৰিস্কাৰ পৃথিৱীখন জিলিকি উঠিল।
চুবুৰীটোৰ অকন, দেবজিত, মাখন পদুলিলৈ ওলাই আহিল। সিহঁতক দেখি অজয় আৰু বালুও আহি লগ লাগিলহি। মুকলি পথাৰখনলৈ সিহঁত দৌৰ মাৰিলে৷
হাঁহি ফূৰ্তিৰে বল খেলি থকা অকনহঁত পিছল খাই ধুপুচ্ ধুপুচ্ পৰিবলৈ ধৰিলে। সিহঁতৰ ৰঙচৰিলহে। মাখনৰ সৰু ভায়েক কণমানিও আহি সিহঁতৰ ওচৰ পালেহি।
– ‘সৌৱা চা চা’— অকনে চিঞৰিলে।
– ‘কি’? আটাইকেইটাই অকনৰ ফালে চালে।
– ‘ৰামধেনু'।
– ‘আই ঐ দেহি, ইমান ধুনীয়া’। সিহঁতে ক'লে।
পূৱ আকাশত ডাঙৰকৈ উজলি থকা ৰামধেনুখন চাই গোটেইজাকে চিঞৰি উঠিল। সঁচাকৈয়ে ৰামধেনুখন বিতোপন হৈ ওলাইছিল।
সেইখনক ৰামৰ ধেনু বুলি কিয় কয়? কনমানিয়ে সুধিলে।
– ‘ৰামৰ ধেনু আক’। অজয়ে টপৰ কৰে ক'লে।
‘জানো জানো দে ৰামচন্দ্ৰ বনলৈ যাওঁতে সেইখন লগত লৈ গৈছিল।' অকণে বিজ্ঞৰ দৰে ক'লে।
– ‘তোক কোনে ক’লে অ’? দেবজিতে মুখতে ধৰিলে।
– ‘আইতাই৷ আমাৰ আইতাই বহুত কথা জানে।' আচলতে সেইখন ৰামৰ ধেনুৱে নহয়'। দেবজিতৰ কথা শুনি কণমানিয়ে তাক সুধিলে
– ‘কাৰনো তেনেহ'লে’?
– ‘কাৰো নহয়৷ এইবোৰ বেলিৰ ৰঙহে'।