এপাহ ফুলৰ কথা
কোমল ৰ'দজাক আহি পৃথিৱী চুলেহি। বতাহজাকেও ৰিব্ৰিব্কৈ লয়লাসে ঘূৰি ফুৰিবলৈ ধৰিলে। ফুলনিত উৰি ফুৰা পখিলাবোৰৰ পিছে পিছে দৌৰি টুপুলে খেলিবলৈ ধৰিলে। এনেতে সি কাৰোবাৰ উচুপনি আৰু কথা-বতৰা শুনি থমকি ৰ’ল। টুপুলে মন কৰিলে ফুলনিখনৰ চুকৰ পৰাই কথাবোৰ আহিছে। হাতত সাৰে ভৰিত সাৰে সেইপিনে আগবাঢ়ি গৈ সি কথাবোৰ শুনিবলৈ চেষ্টা কৰিলে।
—‘বনৰ মাজত মুখ লুকুৱাই তুমি কিয় উচুপিচা ফুলপাহি?’ বতাহজাকে গুগুণাই ক'লে।
—‘দেখা নাইনে মোৰ কুৰূপটো?’ বননিত উবুৰি হৈ পৰি থকা ফুলপাহিয়ে ক'লে।
—‘ভগৱানে যাক যি ৰূপ দিছে তাক ৰঙমনে গ্ৰহণ কৰা উচিত।'— বতাহজাকে বুজনি দিলে।
—‘তুমি নাজানা, মই কেনে ৰূপহীজনী আছিলো।'— ফুলপাহে আক’ উচুপি উঠিল।
—‘তোমাৰ নিশ্চয় কিবা অসুখ হৈছিল?’— বতাহজাকে সুধিলে।
—‘ওঁহো।’ ফুলপাহে ক'লে।
শান্তনা দিবলৈ বতাহজাক কাষচাপি আহিল। শুকান বন আৰু জাবৰ সোপা লাহেকৈ আঁতৰাই দিলে। তেনেই শেঁতা লেৰেলিবলৈ ধৰা ফুলপাহ ওলাই পৰিল।
—‘ইস্ ইস্ বতাহজাকে ক’লে।— ‘তুমি নিশকতীয়া হৈ পৰিছা'— বতাহজাকে পুনৰ ক'লে।
—‘এৰা, সিহঁতে মোক বৰ দুঃখ দিলে।'
—‘কোন সিহঁত?’
—মানুহবোৰে৷ ভগৱানে সিহঁতক হাত ভৰিবোৰ দিলে বুলিয়ে যি মন যায় তাকে কৰি ফুৰে। আনে দুখ পোৱালৈ কেৰেপাকে নকৰে৷’