—‘আৰু চোৱা তেওঁৰ ওচৰত দক্ষিণ পূৱ কোণত দুটি চিকাৰী
কুকুৰো লব্ধক আৰু সৰমা। কৈ কৈ তৰাসখী আকৌ আগবাঢ়িল।
ৰুণজুনক তৰাসখীয়ে আৰু বহুতো তৰাৰ লগত চিনাকি কৰি দিলে। আটাইবোৰ ধুনীয়া ধুনীয়া। সকলোৱে ৰুণজুনক বেৰি ধৰি নাচিবলৈ ধৰিলে। কণজুনে নিজৰ পোছাকযোৰ চাই আচৰিত হ’ল, কিয়নো জোনাকৰ পোহৰত তাইৰ ফুটফুটীয়া ফ্ৰকটো অপূৰ্ব হৈ উঠিছিল। হঠাৎ ৰঙা পোহৰ এচাতিয়ে ৰুণজুনৰ চকুত চাঁট মাৰি ধৰিলে। তৰাসখীয়ে কাণে কাণে ক’লে—‘দৈত্য তৰা। আমি সৌপিনে যাওঁ বলা’।
ধুনীয়া ৰথ এখনত ৰূপহ যুৱক এজন ব’লহি। তৰাসখীয়ে ক'লে— ‘এওঁ পাৰচিউচ। ৰূপৰ তুলনা নাই। মনটোও বৰ আলসুৱা’।
পাৰচিউচে তৰাসখীক হাতত ধৰি ৰথত তুলি ললে। তৰাসখীয়ে ৰুণজুনলৈ হাত এখন আগবঢ়াই দিলে। কিন্তু তাই কোনোমতেই উঠিব নোৱাৰিলে। তৰাসখীৰ হাতত ধৰি ৰথত উঠিব খোজোতেই ৰথখন চলি গ’ল আৰু তাই ধুপুচ্ কৰে পৰি থাকিল। ৰথত হাঁহি হাঁহি আঁতৰি যোৱা তৰা সখীলৈ চাই ৰুণজুন চিঞৰি উঠিল— ‘তৰাসখী, তৰাসখী’—
ৰুণজুনৰ মাকে ৰুণজুনক তুলি দি ক’লে— ইমানজনী ছোৱালী, এতিয়াও বিছনাৰ পৰা পৰেনে? তৰাসখী তৰাসখী বুলি কাক মাতিছিলো’?
একোকে বুজিব নোৱাৰি ৰুণজুনে মাকৰ মুখলৈ চাই ৰ’ল। মাকৰ বুজিবলৈ বাকী নেথাকিল। ক’লে— ‘কালি নিশা শোৱাৰ পৰত মই কোৱা তৰাবোৰৰ কাহিনী হ’বলা সপোনতে দেখিলা’?
মাকে ৰুণজুনক হাতত ধৰি লৈ আহিল। ▢