পৃষ্ঠা:এপাহ ফুলৰ কথা.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এপাহ ফুলৰ কথা

 –‘বৰ বেয়া কথা, বৰ বেয়া কথা। কোৱাচোন তোমাকনো কিয় এই দশাক কৰিলে?’ বতাহজাকৰ কথা শুনি ফুল পাহে ক’বলৈ ধৰিলে—

 — ‘সৌজোপা মোৰ গছ। মই তাতে ফুলি তোমাৰ শীতল বাত হালি- জালি খেলি আছিলো। মোৰ চকুত লগা ৰঙটোৱে ফুলনিখন শুৱাই তুলিছিল।'

 —‘চকুত লগা ৰঙ?’ বতাহজাকে আচৰিত হৈ ক’লে। কাৰণ ফুলপাহৰ ৰং একোৱেই নাছিল। মাথো শেঁতা আৰু বগা। ফুলপাহৰ চকুলৈ আক’ চকুপানী আহিল। চকুপানী মুচি ক’লে— ‘যোৱাকালি টুপুল নামৰ ল’ৰাটোৱে মোক গছৰ পৰা চিঙি নি তেওঁৰ মোমায়েকৰ হাতত দিলেগৈ। মোমায়েকে তাঁৰেৰে মোৰ কোমল ককালটো বান্ধি