সাতসৰী/এটি চুমা

ৱিকিউৎসৰ পৰা

[ ৩৬ ]


এটি চুমা।

(১)

 বসন্তৰ প্ৰীতি-উপহাৰ মোহন সাজ পিন্ধি, পৃথিৱী ৰসিকা বিলাসিনীৰ দৰে হাঁহিমুৱা। গাত নতুন সাজ, খোপাত নতুন ফুল পিন্ধি পুষ্পলতিকাই বতাহৰ চেৱে চেৱে গা নচুৱাই, নতুন সাজেৰে শুৱনি তৰুক আলিঙ্গন কৰিবলৈ অগ্ৰসৰ। থুপ থুপ কৰে বহি মিচিকিয়া হাঁহিৰে মেল পতা ডেকা-গাভৰুৰ দৰে, ফুলনিত বহি গোলাপ, নাহৰ, সেউতী, মালতী প্ৰভৃতি ফুলকোৱঁৰ আৰু কুৱঁৰী- সকল চুমা-চুমি কৰি ৰঙ্গত উতলা। তাৰ ওপৰত অলপো চেঁকা নোহোৱা সুনীল আকাশ; তাৰ বুকুও সৰু সৰু উজ্জ্বল তৰা- ফুলেৰে ৰমক-জমক। সেই গগন-ফুলনিৰ কোলাত বহি, চন্দ্ৰই জগতক সুবিমল চেঁচা আলো বিতৰণ কৰিছে। আহা, কি মধুৰ! জোনৰ ৰশ্মিত বুৰ যোৱা মলয়াৰ বাত হালি-জালি ৰং কৰা ফুলৰ মালা পিন্ধি তাৰকা-খচিত ওৰণিৰে মুখ ঢকা নিশা-ৰাণীৰ ছবিখনি কেনে মনোহৰ!—কেনে ভাবোদ্দীপক!! অকল সেয়ে নহয়, [ ৩৭ ] তাতে আকৌ বসন্তৰ লগৰীয়া কুলিৰ কুহু তান, প্ৰকৃতিৰ আধা ফুটা গীতৰ ধ্বনি! সোণত সুৱগা। কাৰ প্ৰাণ ইমান কঠিন যে এই সৌন্দৰ্য-সুধা পান কৰিও কোমল নহব?

 এনে বাসন্তী ৰজনীৰ আৰম্ভণতে এদিন দুটি কুমলীয়া লৰা- ছোৱালী এখন শুৱনি ফুলনিত প্ৰবেশ কৰিলে। লৰাটিৰ বয়স দহ বছৰ আৰু ছোবালীটীৰ আঠ বছৰ। দুয়োৰে মুখ দুখনি এনে প্ৰীতিদায়ক যে দেখিলেই মৰম কৰিবৰ মন যায়; বুকত সুমুৱাই লৈ একোটি চুমা খাবলৈ ইচ্ছা হয়! দুযো হাত ধৰাধৰিকৈ ঘূৰি ঘূৰি ফুলনিৰ শোভা চাই শেহত এটা শিলৰ ওপৰত মুখা মুখকৈ বহিল। সেই বাসন্তী ৰজনীৰ আচলত জিলিকি থকা ফুলবিলাকৰ ভিতৰত ফুলৰ নিচিনা সৌন্দয্য-বিকাশক তেওঁলোকৰ সেই মুখৰ সৌন্দৰ্য্য আৰু বাঢ়ি উঠিল। ফুলনিখনেও এই নবীন অঙ্গাভৰণেৰে ভূষিত হৈ নিজক ধন্য মানিবলৈ ধৰিলে। অলপ পাচতে মৌ বৰষা কোমল মাতেৰে দুয়োটিয়ে সম-সুৰেৰে গাবলৈ ধৰিলে;⸻

বায়ুৰ ছাটিত হালি-জালি নাচে ফুলা ফুল।
বগাই ফুলে ফুলে মউ পিয়ে অলিকুল।
  গছৰ ডালত বহি কুলি,
  পঞ্চমত ৰাগিণী তুলি,
 গীতত ধৰি চিত্ত হৰি
  ঢালে সুধাধাৰ;
আহাঁ মিলি, ৰঙ্গত ভুলি, পিন্ধোঁ প্ৰেম-ফুল।

[ ৩৮ ]  আহা, কি অমিয়া বৰষা সুৰ! কি কোকিল-নিন্দিত কণ্ঠস্বৰ!

কি অপূৰ্ব্ব ভাবৰ ঢৌ। কি পবিত্ৰ প্ৰেমৰ উৎস! বনদেবীসকল স্তব্ধ হৈ গীতৰ মোহনীত তন্দ্ৰাভিভূত; তৰুবিলাক গীতৰ আকষণত অলৰ; একেথৰে শুনি থাকি ভোল গৈ, গীতৰ তৰঙ্গ বিস্তাৰ কৰি বাযুদেৱ আনন্দত বলিয়া! গীতত ভোল যোৱা কুলি সেই সুৰত লজ্জা বোধ কৰি নীৰব! তাৰ পিচত—তাৰ পিচত গোটেই স্তব্ধ। ইটিযে সিটিৰ মুখলৈ চাই লৰা-ছোৱালীহালিও কিবা এটি নিফুট বীণাৰ সুৰত মুগ্ধ!

 অলপমান বেলিৰ পাচত ছোৱালীটীয়ে ক'লে—“ৰবি, তুমি হেনো ইয়াৰ পৰা যাবা? তুমি গলে মই অকলশৰীয়া হব লাগিব যে! তেতিয়া কাৰে সৈতে উমলিম?”

 ৰবি।—এৰা কমল, লাগিব যাব। দেউতা চৰকাৰী কামৰ মানুহ, বদলি কৰিছে যেতিয়া নগলে কেনেকৈ হব? আৰু তেওঁ গলেই আমিও যাব লাগিব।

 কমল।—কিয় তুমি আমাৰ ঘৰতে থাকিও পঢ়িব পাৰিব। নহয়। যাব নো লাগিছে কেলেই?

 ৰবি।—দেউতাই এৰি গলেহে!

 কমল।—বাৰু ইয়াৰ পৰা গলায়েই, আকৌ ঘূৰি আহিবা নে?

 ৰবি।—সেইটো টো কেনেকৈ ক'ম কমল! দেউতাই পঠিয়ালেহে আহিব পাৰিম।

 কমল।—তেনেহলে আমাক একেবাৰেই পাহৰি যাবা, নহয়? [ ৩৯ ]  ৰবি।—নাপাহৰোঁ কমল, চকুৰে দেখাদেখি নহলেও এতিয়াৰ সোৱঁৰণি মনত থাকিব নহয়! আৰু ঘনাই চিঠিও লিখি থাকিম।

 কমল।—ৰবি, ইয়াৰ পৰা কেতিয়াকৈ যাবা তুমি?

 ৰবি।—এসপ্তাহমানৰ পিচত, কমল।

 কমলেশ্বৰীৰ চকু ঢুলঢুলীয়া হ'ল। চকুত হাত দি তল-মূৰ কৰিলে। ৰবিনাথে ক'লে—“কমল, বল এতিয়া যাওঁ, পণ্ডিত আহিবৰ সময় হৈছে।”

 তাৰ পাচত দুয়ো ধীৰে ধীৰে ফুলনিৰ পৰা ওলাই আহিল।

(২)

 ৰবিনাথ দেবনাথ বৰুৱাৰ পুত্ৰ আৰু কমলেশ্বৰী কৃষ্ণকান্ত হাজৰিকাৰ কন্যা। এওঁলোকৰ দুয়ো পৰিয়ালৰ ভিতৰত ইমান মিলাপ্ৰীতি আৰু থকা ঘৰ ইমান ওচৰাওচৰি যে নজনা মানুহে দুয়ো ঘৰৰ পাৰ্থক্য অনুভব কৰিব নোৱাৰে। দুযো ঘৰৰ গৰাকী চৰকাৰী বিষয়া আৰু ধনী মানুহ। ৰবি আৰু কমলক একেজন ঘৰুৱা শিক্ষকেই পঢ়ায়। সৰুৰে পৰা একে লগে ধেমালি কৰি ডাঙ্গৰ হওঁতে, একে ঘৰতে একেজন শিক্ষকৰ তলতে লিখা-পঢ়া শিকোঁতে ৰবি আৰু কমলৰ মন উভয়ৰ প্ৰতি এনেকৈ ঢাল ল'লে যে এই লৰা ছোৱালী দুটিৰ মধুৰ প্ৰেমৰ দৃশ্য দেখি ভোল যাব লগা হয়।

 পঢ়া ঘৰটোৰ পিচ ফালে এখন ফুলনি। তেওঁলোকে সন্ধ্যা সময়ত ফুলনিত সোমাই ৰং ধেমালি কৰে আৰু শিক্ষক অহাৰ [ ৪০ ] আগেয়ে পঢ়া ঠাইত উপস্থিত হয়। ফুলনিৰ পৰা ওলাই আহি আজিও তেওঁলােকে নিজ নিজ ঠাইত বহি পঢ়িবলৈ ধৰিলে; কিন্তু দুয়ো জনেই আজি কিছু অন্যমনস্ক, দুয়ােৰে মুখ দুখনি মৰা।

(৩)

 ওপৰত কোৱা ঘটনাৰ এসপ্তাহৰ পাচত দেৱনাথ উপৰীয়া কৰ্ম্মচাৰীৰ আদেশ মতে তাৰ পৰা থিতি লৰাবলৈ বাধ্য হ'ল। তেওঁৰ আচল ঘৰ ইয়াত নহয়; চৰকাৰী কাম-উপলক্ষে বদলি হৈ আহি হে হাজৰিকাৰ কাষতে ঘৰ সাজি লৈছিল। এতিয়া আকৌ বদলি হৈ তাৰ পৰা যাবলৈ ওলাল; বন্ধু-বান্ধৱাদিৰ ওচৰত বিদায় লৈ জাহাজত উঠিল। ৰবিনাথ যদিও সৰু লৰা, সংসাৰৰ গতি- গােত্ৰ বুজিবৰ এতিয়াও নৌ হয়, তথাপি চকু-লােৰে তিতা কমলৰ মুখখনি দেখি কিবা এটা অজ্ঞাত চিন্তাত ব্যাকুল হৈ পৰিছিল। এৰাএৰি হবলৈ তেওঁলােক কিমান অনিচ্ছুক,—কিমান কাতৰ! সি যেই নহওক সংসাৰত মানুহৰ ইচ্ছানুযায়ী অৱস্থা-লাভ সচৰাচৰ নঘটে। তেওঁলোকৰ এৰাএৰি হ'ল। মানুহৰ এৰাএৰি হ'ল সঁচা, কিন্তু মনৰ এৰাএৰি ন'হল।

(৪)

 দিন যায়; নাথাকে। লগে লগে পৃথিবীৰ প্ৰায়বােৰ বস্তুৰেই আপােন অৱস্থাৰ সাল-সলনি ঘটে। বসন্ত-বিলাসিনী পৃথিবী তপন-তাপ-পীড়িতা হৈ শােভাহীন হয়, বাসন্তী শােভা নাথাকে। [ ৪১ ] যুৱতীৰ মনমোহা সৌন্দৰ্য্য জৰাৰ আক্ৰমণত থান-থিত হেৰুৱাই আঁতৰ হয়, যৌৱনৰ সেই অদম্য উৎসাহ, সেই ভেঁটা দিব নোৱৰা বাসনাৰ সোঁত অন্তহিত হয়। কিন্তু যদিও যৌবনৰ বাসনা-প্ৰবাহত উটি প্ৰণয়-ঢাকনীৰে ঢকা স্বাৰ্থৰ উচতনিত বিলোৱা কুৎসিত প্ৰেম সদাই খন্তেকীয়া, তথাপি আত্মাই আত্মাই গঁথা প্ৰাণে প্ৰাণে জোৰা মিলোৱা দুটি প্ৰাণীৰ অন্তৰৰ পৰা কালৰ প্ৰবাহে মধুৰ পবিত্ৰ স্মৃতিপট খনি আঁতৰাব নোৱৰে; পাহৰণি তেওঁলোকৰ ওচৰত সদায় পৰাস্ত। কালৰ সোঁতে যিমান কি ঘটনাৰ লৰচৰ নকৰক, পবিত্ৰ স্মৃতিৰ ওপৰত তাৰ হাত নাই। কেচুৱাৰে পৰা একেলগে থাকি, একেলগে পঢ়ি-শুনি প্ৰাণে প্ৰাণে ভাল পাবলৈ শিকা ৰবি আৰু কমলৰ মনতো যে সেই স্মৃতি চিৰকাল মছা নোযোৱাকৈ থাকিব তাত বিচিত্ৰ কি! সময়ৰ লগে লগে তেওঁলোকৰ শাৰীৰিক অবয়বৰ পৰিবৰ্ত্তন ঘটিল, কিন্তু তেওঁলোকৰ মৰমৰ সোৱঁৰণি আগতকৈও বেচি মধুময় হৈহে উঠিল। এতিয়া তেওঁলোক উমলি-ভাত খোৱা কেঁচুৱা নহয়। এতিয়া ৰবি বিশ্ববিদ্যালয়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ডেকা আৰু কমল,—কমল আগতকৈও অধিক সৌন্দৰ্য্যশালিনী, ঘৰুৱা জীৱনৰ লাগতিয়াল সকলো কাৰ্য্যতে পাৰ্গতা মোহিনী। এতিয়াও দুয়োৰে প্ৰতি দুয়োৰো ভালপোৱা আগৰ দৰেই বৰ প্ৰবাহিণী। তেওঁলোকৰ ইচ্ছা, তেওঁলোকৰ সেই দুটি জীৱনসুঁতি এটিত পৰিণত কৰি সাংসাৰিক কৰ্ত্তব্য সাধি, অন্তিম সিন্ধুত মাৰ গৈ চিৰ-মিলন-সুধা পান কৰে। কিন্তু সি লীলাময় বিধাতাৰ ইচ্ছা। [ ৪২ ]

( ৫ )

 এদিন ৰবিনাথ অকলৈ বহি কিবা কিতাপ এখন পঢ়ি আছে, এনেতে এখন চিঠি আহি তেওঁৰ হাতত পৰিল। তেওঁ চিঠিখন মেলি চাই দেখিলে বিয়াৰ নিমন্ত্ৰণ চিঠি। কাৰ বিয়া? কমলৰ! হঠাৎ ৰবিৰ মুখ শুকাই গল; শিৰে শিৰে বিষাক্ত ধুমুহা ববলৈ ধৰিলে; বতাহত লৰা কল গছৰ দৰে গোটেই শৰীৰ কঁপি উঠিল। কমলৰ বিয়া! তেওঁ হেপাহ-চকুৰে মানসী প্ৰতিমা খনি চাই থাকোঁতে থাকোঁতেই আনৰ লগত তেওঁৰ বিয়াৰ বাতৰি। উঃ। কি দাৰুণ বজ্ৰপাত। ৰবিয়ে এতিয়া কি কৰিব! বিয়ালৈ যাবনে নাযাব।

 বহুত বেলি ভাবি চিন্তি তেওঁ বিয়ালৈ যাবলৈ ঠিক কৰিলে। মনে মনে ক'লে,⸺"বিধাতাৰ ইচ্ছাত আমাৰ আশা পূৰ নহল। সেই বুলিয়েই মোৰ বাল্য-বন্ধুৰ বিবাহত যোগ নিদিম কিয়? আমাৰ প্ৰেমৰ পৰিণাম যদিও আশানুৰূপ নহ'লগৈ, তথাপি সেই বাল্য প্ৰেমৰ স্মৃতি আতৰিবলৈ দিম কিয়? সেই পুৰণি অথচ নিত্য নতুন ছবিটি মনৰ পৰা মচি পেলাম কিয়?"

 বিয়ালৈ তিন দিন থাকোতেই ৰবিনাথ কমলৰ বিবাহ-উৎসৱত যোগ দিবলৈ কৃষ্ণকান্তৰ ঘৰ পালেগৈ।

(৬)

 কমল আৰু ৰবিৰ দেখাদেখি হওঁতে বেচি পলম নহ'ল। প্ৰথম দৰ্শনতে দুয়োৰে চাৰি চকুৰ প্ৰেমাশ্ৰু একেধাৰা হৈ-বৈ গ'ল। [ ৪৩ ]  ৰবিয়ে ক'লে—“কমল, আজি বহুত দিনৰ মুৰত এই চকুৰ দেখা দেখি।”

 কমল।—সঁচা ৰবি; কিন্তু নিভাঁজ ভালপোৱাই চকুৰ দেখাদেখিলৈ অপেক্ষা নকৰে।

 ৰবি।—সি যেই নহওক, এইটো এটা সুখৰ বাতৰি যে তুমি তোমাৰ কৰ্ত্তব্য সাধনৰ নিমিত্তে পৰিণীতা হ'বা। আশা কৰোঁ, আক ঈশ্বৰক খাটো যেন তোমাৰ বৈবাহিক জীবন সুখময় হয়।

 কমলৰ মুখখনি শেঁতা পৰি গ'ল। লাহে লাহে ক'লে,— ‘তুমি কিয় বিয়া নকৰোৱা ৰবি?"

 ৰবি।—বিয়া কৰিবলৈ ইচ্ছা নাই।

 কমল।—বিবাহৰ প্ৰতি তোমাৰ এনে অশ্ৰদ্ধা কিয়?

 ৰবি।—মই কাকো ভাল পাব নোৱাৰোঁ। ভাল পাব নোৱাৰিলে বিয়া কৰোৱা উচিত নহয়। সি মানুহক নীচ কৰে।

 কমল।—অসম্ভৱ কথা কিয় কোৱা ৰবি? তোমাৰ হৃদয়ত ভাল পোৱা নাই।

 ৰবি।—অসম্ভৱ? নহয় কমল; ই একেবাৰেই সঁচা কথা। মোৰ হৃদয় পাষাণ-সদৃশ।

 কমল।—তথাপিও মোৰ বিশ্বাস নহয; তুমি জীৱনত কেতিয়াও কাকো ভাল পোৱা নাই নে বা পাব নোৱাৰিৱা নে?

 ৰবিৰ বুকু কঁপি উঠিল। কোনোমতে আত্ম-সম্বৰণ কৰি কলে;—“তোমাৰ এই প্ৰশ্ন কিয়, কমল?" [ ৪৪ ]  কমল।—মোৰ শুনিবৰ মন গৈছে, আজিৰ দিনত তাৰ নিতান্ত আৱশ্যক আছে।

 ৰবি।—মই যদি কাৰবাক ভাল পাইছিলোঁ, তেনেহলে আগলৈকো তেওঁকেই ভাল পাম; আকৌ নতুনকৈ কাকো ভাল পাব নোৱাৰোঁ।

 কমল।—জানিব পাৰোঁ নে কোন সেই ভাগ্যবতী?

 ৰবি।—সেই কথা মই নিজে জনাৰ বাহিৰে আনে নুশুনাই ভাল আৰু শুনাবৰো মোৰ ইচ্ছা নাই।

 কমল।—অন্ততঃ সেই কথা আজি মোক শুনাব লাগিব।

 ৰবি।—ক্ষমা কৰিবা, কমল।

 কমল।—ৰবি, মই তো তোমাৰ বৰ মৰমৰ আছিলোঁ। তোমাৰ এটা মাথোন বিশ্বাসৰ কথাও মোক কবলৈ টান পোৱা নে?

 কমলৰ চকু চলচলীয়া হৈ পৰিল।

 ৰবি।—কমল অধীৰা নহবা তুমি। মই তোমাক অবিশ্বাস কৰি নোকোৱাকৈ থকা নাই। কমল তুমিয়েই মোৰ একমাত্ৰ বন্ধু। তোমাক নক'লে নো মোৰ প্ৰাণৰ কথা কাক ক'ম? কিন্তু তোমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যে এতিয়া মই অপাৰগ।

 কমলৰ কান্দোন বেচি হ'ল। মুখেৰে একো নকৈ ৰবিৰ মুখলৈ কাতৰ চকুৰে চাই থাকিল। সেই দৃষ্টিযে যেন ভাষাৰে প্ৰকাশ কৰিব নোৱৰা কত কথা কৈ দিলে। ৰবিয়ে আৰু ধৈৰ্য্য ধৰিব নোৱাৰিলে। কাতৰ সুৰেৰে কবলৈ ধৰিলেঃ—“কমল, [ ৪৫ ] কমল, স্থিৰ হোৱাঁ কমল। তুমি যেতিয়া শুনিবলৈ আকুল হৈছা, মোৰ কবৰ ইচ্ছা নাথাকিলেও কওঁ। শুনিবলৈ সাজু হোৱাঁ। মই ভাল পাইছিলোঁ, ভাল পাওঁ আৰু ভাল পাম এক মাত্ৰ তোমাক। তোমাৰ স্নেহেৰে, তোমাৰ ভালপোবাৰে মোৰ হৃদয় পূৰ, আনলৈ তাত ঠাই নাই। তুমি মোৰ হব নোৱাৰা, তাক মই এক ৰকম বুজিছিলোঁ। কাৰণ তোমাৰ দেউতাৰাই মোক আৰু আমাৰ পৰিয়ালৰ সকলোকে মৰম কৰিলেও, আপোন বুলি ভাবিলেও, সামাজিক নিয়ম উলঙ্ঘা নকৰে বুলি মই আগেয়ে ভাবিছিলোঁ, আৰু কাৰ্য্যতো সেয়েই হৈছে। সেই দেখিয়েই মই বিয়া নকৰাওঁ, কাৰণ তোমাৰ বাহিৰে আনক মই ভাল পাব নোৱাৰোঁ। তোমাক এতিয়া এইবোৰ কথা কোৱা মোৰ উচিত নাছিল, সেই দেখিয়েই কব নুখুজিছিলোঁ; কিন্তু তুমি নুশুনাকৈ নেৰিলা। যদিও মই তোমাক প্ৰাণৰ কথা শুনালোঁ, তথাপি মনত ৰাখিবা, মই স্বাৰ্থপৰ পশু নহওঁ। মই ভাল পাওঁ বুলিয়েই তোমাক তোমাৰ কৰ্ত্তব্য পথৰ পৰা পিছলাবলৈ কেতিয়াও চেষ্টা নকৰোঁ; যেন সপোনতো তেনে ভাব মোৰ মনলৈ নাহে। সৰুৰে পৰা ভাল পাবলৈ শিকিছোঁ, এতিয়াও ভাল পাম; সেয়েই মোৰ সুখ। কিন্তু তোমাৰ কৰ্ত্তব্যত কেতিয়াও বাধা নিদিওঁ; বৰং শক্তিয়ে আটেমানে সাহায্য কৰিম।

 আহা! কি মহানুভবতা! কমলে ৰবিৰ কথা শুনি গম্ভীৰ হৈ কিছুপৰ নীৰৱে ৰ'ল। তাৰ পিচত মনৰ আবেগত কবলৈ ধৰিলে;—“ৰবি, তোমাৰ ওচৰত মোৰ এটি ভিক্ষা আছে। [ ৪৬ ] আজি বিদায় কালত আকৌ এবাৰ সেই লৰালিৰ স্মৃতি,—সেই পবিত্ৰ স্মৃতি জাগ্ৰত কৰিবলৈ দিয়াঁ। দিবা নে ৰবি?”

 ৰবি।—কি কমল।

 কমল।—বেচি একো নহয়, এটি চুমা।

 ৰবিয়ে কি কব একো ঠিক কৰিব নোৱাৰি থৰ হৈ ৰল। কমলে আৰু উত্তৰলৈ বাট নাচালে; ৰবিৰ ডিঙ্গিত সাবটি ধৰি টপ কৰে চুমা খাই বিজুলী চমকনিৰ দৰে নোহোৱা হ'ল। ৰবিয়ে মাথোন একেষাৰ কথা শুনিলে;—“বিদায় প্ৰাণেশ্বৰ, এই জীৱনত বোধ কৰোঁ এয়ে শেষ দেখা।"

 ৰবিয়ে ভাবিলে যে বৈবাহিক জীৱনত তেওঁৰ লগত দেখা হোৱাৰ সম্ভাবনা নাই দেখিযেই কমলে এনেকৈ বিদায় লৈ গ'ল। কিন্তু তেওঁতো বিদায় দিব নোৱাৰে। কমলৰ ছবিখনি যে তেওঁৰ হিয়াৰ মাজত, প্ৰাণৰ লগত মিলি যোৱা।

(৭)

 ই কি কথা! কালিলৈ কমলৰ বিয়া; তথাপি বিয়াৰ ধুমধাম, সাজ-সজ্জা, আনন্দ-ধ্বনি একো নাই কিয়? ঘৰৰ সকলোৰে চকু অশ্ৰুপূৰ্ণ কিয়? কাৰবাৰ কিবা হৈছে নে কি? ক'তা? বেমাৰ-আজাৰৰ তো কোনো লক্ষণ দেখা নাযায়। কোনো ডাক্তৰ- কবিৰাজৰো তো সমাগম নাই! কিন্তু সকলো বিতত হৈ ফুৰিছে যে! কিবা যেন হোৰাৱা বস্তু এটা বিচাৰি ফুৰিছে। সঁচাকৈয়ে কিবা হেৰাল নে কি? ঠিক কথা, কমল তো ঘৰত নাই; ৰাতি শুই থকাৰ পৰা অদৃশ্য হৈছে। [ ৪৭ ]  কৃষ্ণকান্তই চাৰিও ফালে কমলক বিচৰালে আৰু নিজেও বিচাৰিলে। কিন্তু কমল নোলাল; ঘুণাক্ষৰেও কোনেও একো তত্ত্ব উলিয়াব নোৱাৰিলে। সকলোৱে ঠিক কৰিলে কিবা কাৰণত কমল আত্মঘাতিনী হ'ল। এই বিবাহত কমলৰ মত নথকাৰ কথাও বহুতে জানে; সেই দেখি বিবাহৰ আয়োজনেই তেওঁৰ নিৰুদ্দেশ বা মৃত্যুৰ মূল বুলিও কোনোৱে কোনোৱে বিশ্বাস কৰিলে। কমল নোলাল; কৃষ্ণকান্ত আৰু তেওঁৰ পত্নীয়ে ইনাই- বিনাই কান্দিলে; ভাবিলে কিয় তেওঁলোকে কন্যাৰ মতৰ বিৰুদ্ধে এই বিবাহ স্থিৰ কৰিছিল। তেওঁলোকই যে কমলৰ মৃত্যুৰ কাৰণ হ'ল। কিন্তু কি হ'ব, এতিযা আৰু তেওঁলোকৰ কান্দোন- কাটোনে একো গুণ দিব নোৱাৰে। “গতস্য শোচনা নাস্তি।”

 ৰবিৰ দুখৰ সীমা নাই। চকু-লোৰে দুয়ো গাল তিতি গৈছে। হায়। যি কমলৰ সুখতেই তেওঁ সুখ পাবলৈ শিকিছিল, যাক পৰৰ হাতত সপিও একমাত্ৰ আন্তৰিক পুষ্প উপহাৰৰ দ্বাৰাই সুখী হব পাৰিব বুলি ভাবিছিল, সেই কমল যে চিৰকালৰ নিমিত্তে হাততে হেৰাল। তেৱেই তো এই বিপদৰ মূল, তেওঁৰ চেনেহতেই তেওঁৰ প্ৰেমতেই তো কমলে এনে দুঃসাহসিক কায্য কৰিছে! এতিযা ৰবিয়ে বুজিলে, কিয় কমলে তেওঁৰ ভাল- পোৱাৰ পাত্ৰীৰ কথা সিমান বেচিকৈ সুধিছিল; কিয় তেওঁৰ ওচৰত তেনে ভাবে বিদায় লৈছিল। কিন্তু সকলোৱে বিশ্বাস কৰিলেও, কমলে আত্মহত্যা কৰিছে বুলি ৰবিয়ে সম্পূৰ্ণ বিশ্বাস কৰিব নোৱাৰিলে। কমলে কিয় বিদায় লওঁতে এয়ে শেষ [ ৪৮ ] দেখা” বুলি নকৈ “বোধ কৰোঁ, এয়ে শেষ দেখা” বুলি কৈছিল? তেনেহলে তাৰ পৰা বুজা নাযায়নে যে আকৌ কেতিয়াবা দেখা হলেও হব পাৰে? ৰবিয়ে নিজৰ মনোভাব কাৰো ওচৰত প্ৰকাশ নকৰিলে; কিন্তু মনে মনে আশা ৰাখিলে, আকৌ এদিন তেওঁ কমলক এই জীৱনতে লগ পাব।

(৮)

 বহুত অনুসন্ধানৰ পিচতো কমলক নাপাই কৃষ্ণ কান্তই তেওঁৰ মৃত্যুকেই স্থিৰ কৰিলে আৰু ভগ্ন-হৃদযেৰে কাল কটাবলৈ ধৰিলে।

 কমলৰ হব-খোজা স্বামী ৰমানাথে আন এঠাইত বিবাহ কৰাই সংসাৰী-জীৱন অতিবাহিত কৰিবলৈ লাগিল।

 কিন্তু ৰবিৰ—প্ৰকৃত প্ৰেমিক ৰবিৰ—লগৰ পৰা কমল আঁতৰিব কেনেকৈ? যদিও তেজ-মাংসৰ কমল তেওঁৰ ওচৰত নাই, তথাপি তেওঁৰ মানস-পটত কমলৰ ছবি বৰ্ত্তমান। সেই মুখ, সেই চকু, সেই বিতোপন সুঠাম শৰীৰ, সেই প্ৰাণ হৰা অপাঙ্গ দৃষ্টি। সেই ছবিটিয়েও যেন সদায় কয়—“ৰবি, প্ৰাণেশ্বৰ, মোক এটি ভিক্ষা দিয়াঁ; বেচি একো নহয, এটি চুমা।”

 ৰবিয়ে সেই ছবিটিকে চায়; সেই ছবিটিকে ভাল পায়; পগলাৰ দৰে সেই ছবিৰ লগতে কথা পাতে। তেজ-মাংসৰ প্ৰতিমাতকৈ যে ই বেচি বিশ্বাসী! ই যে দিন-ৰাতি এখন্তকো তেওঁৰ লগ নেৰে! যেতিয়া ৰবি কামত ব্যস্ত থাকে, তেতিয়া ছবিখনি তেওঁৰ বুকতে শুই থাকে, তেতিয়াও যে তাৰ মুখৰ হাঁহি [ ৪৯ ] নগুচে। আকৌ যেতিয়া সংসাৰৰ দুখ-ভাগৰ পাহৰি, নিজানত বহি নীৰবে সেই ছবিখনি চাই, তেতিয়া সি সম্পূৰ্ণ সজীৱ হৈ উঠে; এখন্তকৰ নিমিত্তে কমলৰ সঙ্গ-সুখত ৰবি আপোন-পাহৰা হয়। ইমানতো কেতিয়াবা যে প্ৰকৃত কমলৰ নিমিত্তে তেওঁৰ প্ৰাণৰ ধাউতি নহয়, এনে নহয়। বহুত দিন তেওঁ জোনাকত বহি একেৰাহে ওপৰলৈ চাই চাই কবিতা আওৰাইছিলঃ—

কোৱাঁ দেৱ, কোৱাঁ সুধাকৰ,
ক’ত মোৰ কমল প্ৰাণৰ?
তুমি ফুৰা চউ-দিশে চাই,
তোমাৰ নজনা একো নাই।
কোৱাঁ দেৱ, কোৱাঁ দয়া কৰি,
কত মোৰ আছে প্ৰাণেশ্বৰী?
তেনে ৰূপো দেখা নাই তুমি!
মিছাতে ফুৰিছা বিশ্ব ভ্ৰমি?
নহয় নহয় হিমকৰ,
জানা তুমি সকলো খবৰ।
প্ৰিয়া মোৰ পাৰিজাত ফুল,
তাতো তুমি কৰিবা নে ভুল?
কোৱাঁ মোক, মাতো কৰ যুৰি,
কত মোৰ হৃদয়-ঈশ্বৰী?

 কি? হায়! জোনে নুবুজে তেওঁৰ কি প্ৰাণৰ ব্যথা! শুনিও শুনাৰ ভাও ধৰে। তৰাবোৰেও তেওঁক বলিয়া বুলি বিদ্ৰূপৰ [ ৫০ ] হাঁহি একোটা মাৰি গুচি যায়! হায়! কোনে বুজিব দুখীয়াৰ দুখ!

(৯)

 ৰবিয়ে আৰু বিয়া নকৰালে। কমল-হীন জীৱন লৈ সংসাৰত তেওঁ কি সুখ পাব ! তেওঁৰ ভব-নদীৰ নাওখনি পানিতে বুৰিল! আৰু কিহৰ আশা কৰি তেওঁ সংসাৰত লিপ্ত হ’ব! তেওঁ বহুত ভাবিলে, বহুত দার্শনিক বৈজ্ঞানিক তথ্য আলোচনা কৰিলে। দেখিলে সকলােৰে মূলত এক প্রেম। আত্মা- পৰমাত্মাৰ মিলন হয় এই প্ৰেমৰ টানতেই; ভৌতিক বস্তু যৌগিক হয় এই প্ৰেমৰ আকৰ্ষণতেই। তেন্তে তেৱেঁই বা কিয় কমলৰ লগত এক হৈ নাযাব! কাৰ সাধ্য, তেওঁলােকৰ এই মধুময় প্রেমেৰ মিলনত বাধা জন্মায!

 ৰবি তীর্থ ভ্ৰমণ কৰিবলৈ ওলাল। নতুন নতুন ঠাইৰ নতুন নতুন দৃশ্য চাই ফুৰিবলৈ ধৰিলে। কিন্তু তেওঁৰ চকুৱে যাক বিচাৰে, তেওঁক সে দেখা নাযায়! ক'ত কমল! কত, তেওঁৰ জীৱনৰ স্বৰ্গ, শান্তিৰ নিজৰা, সাধনাৰ ধন, ইহ-পৰকালৰ এক মাত্র সহচৰী! কোনে কৈ দিব তেওঁ ক'ত আছে !

 ৰবি গৈ বৃন্দাবন পালে। শ্ৰীকৃষ্ণৰ প্ৰেম-লীলাৰ কাহিনী মনত কৰি তেওঁৰ হৃদয় পুলকিত হল। তাতে দিন চাৰেক থাকিবৰ মনেৰে তেওঁ এখন আশ্ৰমত আশ্রয় ললে। কমলৰ

প্রতি তেওঁৰ প্ৰেম আৰু গাঢ় হৈ আহিবলৈ ধৰিলে। [ ৫১ ]

(১০)

 আশ্ৰমতে এদিন ৰবিৰ শৰীৰ অসুস্থ বোধ কৰিলে। লাহে লাহে তেওঁৰ বিসূচিকা ৰাক্ষসীয়ে আক্ৰমণ কৰিলে। তেওঁ অসহনীয় যন্ত্ৰণাত অস্থিৰ হৈ পৰিল। তথাপি যেন তেওঁৰ প্ৰাণত শান্তিয়ে দেখা দিলে! তেওঁ মনে মনে ক'লে-“পৰম পিতাৰ অনুগ্ৰহত সোনকালে মুক্তি পাম। মোৰ প্ৰাণৰ কমল য’ত আছে, তালৈ যাব পাৰিব। তেতিয়া আৰু কোনেও আমাৰ বিচ্ছেদ ঘটাব নোৱাৰে।”

 কিছুমান বেলিৰ মূৰত ৰবি অচেতন হৈ পৰিল। আশ্ৰমৰ তপস্বী আৰু তপস্বিনীসকলে তেওঁৰ শুশ্ৰুষা কৰি লৈ ধৰিলে।

 সংজ্ঞা আহিলত ৰবিয়ে দেখিলে তেওঁৰ ওচৰত এজনা যোগিনীয়ে একেৰাহে তেওঁৰ মুখলৈ চাই আছে। বিদায় লোৱাৰ আগতে কমলেও ঠিক এনেকৈযে তেওঁলৈ চাইছিল। তেওঁ অতি কাতৰ সুৰেৰে মাতিলেঃ⸺“কমল, প্ৰিয়তমে।"

 যোগিনী।⸺ৰবি, প্ৰাণেশ্বৰ মোৰ!

 ৰবি।—সচাঁকৈয়ে নে তুমি কমল? নতুবা কোনো মায়াবিনী?

 কমল।—সচাঁকৈয়ে মই কমল, তোমাৰেই সেই কমল, প্ৰাণেশ্বৰ! মোৰ জীৱন-ব্যাপী সাধনাই আজি মোৰ প্ৰাণেশ্বৰক ওচৰ চপাই আনিলে; আৰু কাৰ সাধ্য আমাৰ বিচ্ছেদ ঘটায়।

 ৰবি।⸺কমল, এদিন তুমি মোৰ ওচৰত বিদায় লৈছিলা, আজি ঠিক সেই একেদৰেই মোক বিদায় দিয়াঁ প্ৰিয়তমে! পথৰ সম্বল স্বৰূপে মোক এটি চুমা দিয়াঁ। [ ৫২ ]  কমল।—বিদায় দিব নোৱাৰোঁ প্ৰিয়তম, মোকো আৰু বিদায় নালাগে। আজি আমাৰ পূৰ্ণ মিলনৰ দিন। আজি মোৰ প্ৰকৃত যোগ-সিদ্ধি।

 দুয়ো নীৰৱ হল। কমলে ৰবিৰ ডিঙিত সাবটি ধৰি প্ৰাণৰ আবেগেৰে চুমা দিলে। ৰবিৰ ওঁঠত এটি যেন হাঁহিৰ জিলিঙ্গনি বিয়পি গ'ল।

 তাৰ পাচত—তাৰ পাচত সকলো শেষ। ৰ'ল মাথোন বাহুৰ বন্ধনেৰে এক হৈ দুটি নিৰ্ব্বাক নিস্পন্দ জড়-দেহ।

 ধন্য ৰবি! ধন্য কমল! ধন্য তোমালোকৰ প্ৰেমৰ সাধনা!

<<পূৰ্বৱৰ্তী পৃষ্ঠা

পৰৱৰ্তী পৃষ্ঠা>>