সাতসৰী
প্ৰকাশক
বি, আৰ, কলিতা
বি, আৰ, কলিতা এণ্ড কোম্পানী
তেজপুৰ ।
কলিকতা,
৮৫নং অপাৰ চাৰকুলাৰ ৰোড, “ভাৰতমিহিৰ যন্ত্ৰত”
শ্ৰীযুগলচৰণ দাসৰ দ্বাৰা মুদ্ৰিত ।
উচৰ্গা।
লিখকৰ অন্তৰঙ্গ বন্ধু, সাহিত্য-সেৱাৰ সঙ্গী, ‘উষা’
প্ৰকাশক আৰু “আসাম-বন্তিৰ” ভূতপূৰ্ব্ব
সম্পাদক ৺যোগানন্দ দত্তৰ পুণ্য-স্মৃতিত
“সাতসৰী” অপিত হল ।
১৩ ফাগুন, ১৮৪৪ শক |
গ্ৰন্থকাৰ । |
গ্ৰন্থকাৰৰ নিবেদন।
সাতোটা গল্পৰ সাত ধাৰ হাৰ গোটাই “সাতসৰী” গঢ়া হৈছে। ইয়াৰ একো একো ধাৰ বেলেগ বেলেগ সময়ত গঢ়া। তাৰ ভিতৰত “একোছা চুলি” “উষাক”, ‘এটি চুমা’ আৰু ‘চোৰ’ “আলোচনীক”, আৰু ‘হৰিচৰণৰ বিয়া’ “বাঁহীক” পিন্ধোৱা হৈছিল আৰু তাকে দেখিয়েই অসমীয়া ৰাইজে অসমীয়া ভাষাৰ কণ্ঠত তেনে আৰু আভৰণ দেখিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল; সেই কাৰণেই বাকী কেইধাৰেৰে লগ লগাই আজি এই “সাতসৰী” ৰাইজৰ হাতত অৰ্পণ কৰা হ'ল। ৰাইজ সকলে যদি ইয়াক পূৰ্ব্বৰ আগ্ৰহেৰেই পিন্ধিব খোজে, তেনেহলেই তাৰ ক্ষুদ্ৰ শিল্পীয়ে কৃতাৰ্থ মানিব।
“সাতসৰী” গঢ়োতাই প্ৰথমতে তেওঁৰ গল্প-হাৰ গোটাই কি গঢ়িব, স্থিৰ কৰিব নোৱাৰিছিল; “প্ৰতিমাৰ” সুবিখ্যাত খনিকৰ শ্ৰীযুক্ত চন্দ্ৰকুমাৰ আগৰৱালা ডাঙ্গৰীয়াই তাৰ ভিতৰৰে সাতধাৰ ঘঁহি-পিহি লগ লগাই “সাতসৰী” গঢ়িবলৈ উপদেশ দিয়াৰ ফলতহে সি আজি এই নাম ধাৰণ কৰিছে। সেই কাৰণে “সাতসৰী ৰচক তেখেতৰ ওচৰত কৃতজ্ঞ।
২ ভাদ, ১৮৪৫ শক । |
নিবেদক গ্ৰন্থকাৰ । |
সূচী ।
গল্পৰ নাম | পৃষ্ঠা | |||||
১ ৷ একোছা চুলি (১৯১০) | ••• | ••• | ••• | ১ | ||
২ ৷ চোৰ (১৯১৪) | ••• | ••• | ••• | ৮ | ||
৩ ৷ সধবা নে বিধবা নে কুমাৰী (১৯১৮) | ••• | ••• | ••• | ২০ | ||
৪ ৷ এটি চুমা (১৯১০) | ••• | ••• | ••• | ২৮ | ||
৫ ৷ আই উঠ (১৯১৭) | ••• | ••• | ••• | ৪৪ | ||
৬ ৷ হৰিচৰণৰ বিয়া (১৯১৮) | ••• | ••• | ••• | ৫২ | ||
৭ ৷ ভুল (১৯১৮) | ••• | ••• | ••• | ৬০ |
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )