দেখা” বুলি নকৈ “বোধ কৰোঁ, এয়ে শেষ দেখা” বুলি কৈছিল?
তেনেহলে তাৰ পৰা বুজা নাযায়নে যে আকৌ কেতিয়াবা দেখা
হলেও হব পাৰে? ৰবিয়ে নিজৰ মনোভাব কাৰো ওচৰত
প্ৰকাশ নকৰিলে; কিন্তু মনে মনে আশা ৰাখিলে, আকৌ এদিন
তেওঁ কমলক এই জীৱনতে লগ পাব।
(৮)
বহুত অনুসন্ধানৰ পিচতো কমলক নাপাই কৃষ্ণ কান্তই তেওঁৰ মৃত্যুকেই স্থিৰ কৰিলে আৰু ভগ্ন-হৃদযেৰে কাল কটাবলৈ ধৰিলে।
কমলৰ হব-খোজা স্বামী ৰমানাথে আন এঠাইত বিবাহ কৰাই সংসাৰী-জীৱন অতিবাহিত কৰিবলৈ লাগিল।
কিন্তু ৰবিৰ—প্ৰকৃত প্ৰেমিক ৰবিৰ—লগৰ পৰা কমল আঁতৰিব কেনেকৈ? যদিও তেজ-মাংসৰ কমল তেওঁৰ ওচৰত নাই, তথাপি তেওঁৰ মানস-পটত কমলৰ ছবি বৰ্ত্তমান। সেই মুখ, সেই চকু, সেই বিতোপন সুঠাম শৰীৰ, সেই প্ৰাণ হৰা অপাঙ্গ দৃষ্টি। সেই ছবিটিয়েও যেন সদায় কয়—“ৰবি, প্ৰাণেশ্বৰ, মোক এটি ভিক্ষা দিয়াঁ; বেচি একো নহয, এটি চুমা।”
ৰবিয়ে সেই ছবিটিকে চায়; সেই ছবিটিকে ভাল পায়; পগলাৰ দৰে সেই ছবিৰ লগতে কথা পাতে। তেজ-মাংসৰ প্ৰতিমাতকৈ যে ই বেচি বিশ্বাসী! ই যে দিন-ৰাতি এখন্তকো তেওঁৰ লগ নেৰে! যেতিয়া ৰবি কামত ব্যস্ত থাকে, তেতিয়া ছবিখনি তেওঁৰ বুকতে শুই থাকে, তেতিয়াও যে তাৰ মুখৰ হাঁহি