সমললৈ যাওক

পৃষ্ঠা:সাতসৰী.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
সাতসৰী।


হাঁহি একোটা মাৰি গুচি যায়! হায়! কোনে বুজিব দুখীয়াৰ দুখ!

(৯)

 ৰবিয়ে আৰু বিয়া নকৰালে। কমল-হীন জীৱন লৈ সংসাৰত তেওঁ কি সুখ পাব ! তেওঁৰ ভব-নদীৰ নাওখনি পানিতে বুৰিল! আৰু কিহৰ আশা কৰি তেওঁ সংসাৰত লিপ্ত হ’ব! তেওঁ বহুত ভাবিলে, বহুত দার্শনিক বৈজ্ঞানিক তথ্য আলোচনা কৰিলে। দেখিলে সকলােৰে মূলত এক প্রেম। আত্মা- পৰমাত্মাৰ মিলন হয় এই প্ৰেমৰ টানতেই; ভৌতিক বস্তু যৌগিক হয় এই প্ৰেমৰ আকৰ্ষণতেই। তেন্তে তেৱেঁই বা কিয় কমলৰ লগত এক হৈ নাযাব! কাৰ সাধ্য, তেওঁলােকৰ এই মধুময় প্রেমেৰ মিলনত বাধা জন্মায!

 ৰবি তীর্থ ভ্ৰমণ কৰিবলৈ ওলাল। নতুন নতুন ঠাইৰ নতুন নতুন দৃশ্য চাই ফুৰিবলৈ ধৰিলে। কিন্তু তেওঁৰ চকুৱে যাক বিচাৰে, তেওঁক সে দেখা নাযায়! ক'ত কমল! কত, তেওঁৰ জীৱনৰ স্বৰ্গ, শান্তিৰ নিজৰা, সাধনাৰ ধন, ইহ-পৰকালৰ এক মাত্র সহচৰী! কোনে কৈ দিব তেওঁ ক'ত আছে !

 ৰবি গৈ বৃন্দাবন পালে। শ্ৰীকৃষ্ণৰ প্ৰেম-লীলাৰ কাহিনী মনত কৰি তেওঁৰ হৃদয় পুলকিত হল। তাতে দিন চাৰেক থাকিবৰ মনেৰে তেওঁ এখন আশ্ৰমত আশ্রয় ললে। কমলৰ প্রতি তেওঁৰ প্ৰেম আৰু গাঢ় হৈ আহিবলৈ ধৰিলে।