পৃষ্ঠা:সাতসৰী.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
সাতসৰী।


আজি বিদায় কালত আকৌ এবাৰ সেই লৰালিৰ স্মৃতি,—সেই পবিত্ৰ স্মৃতি জাগ্ৰত কৰিবলৈ দিয়াঁ। দিবা নে ৰবি?”

 ৰবি।—কি কমল।

 কমল।—বেচি একো নহয়, এটি চুমা।

 ৰবিয়ে কি কব একো ঠিক কৰিব নোৱাৰি থৰ হৈ ৰল। কমলে আৰু উত্তৰলৈ বাট নাচালে; ৰবিৰ ডিঙ্গিত সাবটি ধৰি টপ কৰে চুমা খাই বিজুলী চমকনিৰ দৰে নোহোৱা হ'ল। ৰবিয়ে মাথোন একেষাৰ কথা শুনিলে;—“বিদায় প্ৰাণেশ্বৰ, এই জীৱনত বোধ কৰোঁ এয়ে শেষ দেখা।"

 ৰবিয়ে ভাবিলে যে বৈবাহিক জীৱনত তেওঁৰ লগত দেখা হোৱাৰ সম্ভাবনা নাই দেখিযেই কমলে এনেকৈ বিদায় লৈ গ'ল। কিন্তু তেওঁতো বিদায় দিব নোৱাৰে। কমলৰ ছবিখনি যে তেওঁৰ হিয়াৰ মাজত, প্ৰাণৰ লগত মিলি যোৱা।

(৭)

 ই কি কথা! কালিলৈ কমলৰ বিয়া; তথাপি বিয়াৰ ধুমধাম, সাজ-সজ্জা, আনন্দ-ধ্বনি একো নাই কিয়? ঘৰৰ সকলোৰে চকু অশ্ৰুপূৰ্ণ কিয়? কাৰবাৰ কিবা হৈছে নে কি? ক'তা? বেমাৰ-আজাৰৰ তো কোনো লক্ষণ দেখা নাযায়। কোনো ডাক্তৰ- কবিৰাজৰো তো সমাগম নাই! কিন্তু সকলো বিতত হৈ ফুৰিছে যে! কিবা যেন হোৰাৱা বস্তু এটা বিচাৰি ফুৰিছে। সঁচাকৈয়ে কিবা হেৰাল নে কি? ঠিক কথা, কমল তো ঘৰত নাই; ৰাতি শুই থকাৰ পৰা অদৃশ্য হৈছে।