সমললৈ যাওক

পৃষ্ঠা:সাতসৰী.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
সাতসৰী।


( ৫ )

 এদিন ৰবিনাথ অকলৈ বহি কিবা কিতাপ এখন পঢ়ি আছে, এনেতে এখন চিঠি আহি তেওঁৰ হাতত পৰিল। তেওঁ চিঠিখন মেলি চাই দেখিলে বিয়াৰ নিমন্ত্ৰণ চিঠি। কাৰ বিয়া? কমলৰ! হঠাৎ ৰবিৰ মুখ শুকাই গল; শিৰে শিৰে বিষাক্ত ধুমুহা ববলৈ ধৰিলে; বতাহত লৰা কল গছৰ দৰে গোটেই শৰীৰ কঁপি উঠিল। কমলৰ বিয়া! তেওঁ হেপাহ-চকুৰে মানসী প্ৰতিমা খনি চাই থাকোঁতে থাকোঁতেই আনৰ লগত তেওঁৰ বিয়াৰ বাতৰি। উঃ। কি দাৰুণ বজ্ৰপাত। ৰবিয়ে এতিয়া কি কৰিব! বিয়ালৈ যাবনে নাযাব।

 বহুত বেলি ভাবি চিন্তি তেওঁ বিয়ালৈ যাবলৈ ঠিক কৰিলে। মনে মনে ক'লে,⸺"বিধাতাৰ ইচ্ছাত আমাৰ আশা পূৰ নহল। সেই বুলিয়েই মোৰ বাল্য-বন্ধুৰ বিবাহত যোগ নিদিম কিয়? আমাৰ প্ৰেমৰ পৰিণাম যদিও আশানুৰূপ নহ'লগৈ, তথাপি সেই বাল্য প্ৰেমৰ স্মৃতি আতৰিবলৈ দিম কিয়? সেই পুৰণি অথচ নিত্য নতুন ছবিটি মনৰ পৰা মচি পেলাম কিয়?"

 বিয়ালৈ তিন দিন থাকোতেই ৰবিনাথ কমলৰ বিবাহ-উৎসৱত যোগ দিবলৈ কৃষ্ণকান্তৰ ঘৰ পালেগৈ।

(৬)

 কমল আৰু ৰবিৰ দেখাদেখি হওঁতে বেচি পলম নহ'ল। প্ৰথম দৰ্শনতে দুয়োৰে চাৰি চকুৰ প্ৰেমাশ্ৰু একেধাৰা হৈ-বৈ গ'ল।