যুৱতীৰ মনমোহা সৌন্দৰ্য্য জৰাৰ আক্ৰমণত থান-থিত হেৰুৱাই
আঁতৰ হয়, যৌৱনৰ সেই অদম্য উৎসাহ, সেই ভেঁটা দিব নোৱৰা
বাসনাৰ সোঁত অন্তহিত হয়। কিন্তু যদিও যৌবনৰ বাসনা-প্ৰবাহত
উটি প্ৰণয়-ঢাকনীৰে ঢকা স্বাৰ্থৰ উচতনিত বিলোৱা কুৎসিত
প্ৰেম সদাই খন্তেকীয়া, তথাপি আত্মাই আত্মাই গঁথা প্ৰাণে প্ৰাণে
জোৰা মিলোৱা দুটি প্ৰাণীৰ অন্তৰৰ পৰা কালৰ প্ৰবাহে মধুৰ
পবিত্ৰ স্মৃতিপট খনি আঁতৰাব নোৱৰে; পাহৰণি তেওঁলোকৰ
ওচৰত সদায় পৰাস্ত। কালৰ সোঁতে যিমান কি ঘটনাৰ লৰচৰ
নকৰক, পবিত্ৰ স্মৃতিৰ ওপৰত তাৰ হাত নাই। কেচুৱাৰে পৰা
একেলগে থাকি, একেলগে পঢ়ি-শুনি প্ৰাণে প্ৰাণে ভাল পাবলৈ
শিকা ৰবি আৰু কমলৰ মনতো যে সেই স্মৃতি চিৰকাল মছা
নোযোৱাকৈ থাকিব তাত বিচিত্ৰ কি! সময়ৰ লগে লগে
তেওঁলোকৰ শাৰীৰিক অবয়বৰ পৰিবৰ্ত্তন ঘটিল, কিন্তু
তেওঁলোকৰ মৰমৰ সোৱঁৰণি আগতকৈও বেচি মধুময় হৈহে
উঠিল। এতিয়া তেওঁলোক উমলি-ভাত খোৱা কেঁচুৱা নহয়।
এতিয়া ৰবি বিশ্ববিদ্যালয়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ডেকা আৰু
কমল,—কমল আগতকৈও অধিক সৌন্দৰ্য্যশালিনী, ঘৰুৱা
জীৱনৰ লাগতিয়াল সকলো কাৰ্য্যতে পাৰ্গতা মোহিনী।
এতিয়াও দুয়োৰে প্ৰতি দুয়োৰো ভালপোৱা আগৰ দৰেই বৰ
প্ৰবাহিণী। তেওঁলোকৰ ইচ্ছা, তেওঁলোকৰ সেই দুটি জীৱনসুঁতি
এটিত পৰিণত কৰি সাংসাৰিক কৰ্ত্তব্য সাধি, অন্তিম সিন্ধুত মাৰ গৈ
চিৰ-মিলন-সুধা পান কৰে। কিন্তু সি লীলাময় বিধাতাৰ ইচ্ছা।
পৃষ্ঠা:সাতসৰী.djvu/৪১
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৩
সাতসৰী।