পৃষ্ঠা:সাতসৰী.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
সাতসৰী।


 ৰবিয়ে ক'লে—“কমল, আজি বহুত দিনৰ মুৰত এই চকুৰ দেখা দেখি।”

 কমল।—সঁচা ৰবি; কিন্তু নিভাঁজ ভালপোৱাই চকুৰ দেখাদেখিলৈ অপেক্ষা নকৰে।

 ৰবি।—সি যেই নহওক, এইটো এটা সুখৰ বাতৰি যে তুমি তোমাৰ কৰ্ত্তব্য সাধনৰ নিমিত্তে পৰিণীতা হ'বা। আশা কৰোঁ, আক ঈশ্বৰক খাটো যেন তোমাৰ বৈবাহিক জীবন সুখময় হয়।

 কমলৰ মুখখনি শেঁতা পৰি গ'ল। লাহে লাহে ক'লে,— ‘তুমি কিয় বিয়া নকৰোৱা ৰবি?"

 ৰবি।—বিয়া কৰিবলৈ ইচ্ছা নাই।

 কমল।—বিবাহৰ প্ৰতি তোমাৰ এনে অশ্ৰদ্ধা কিয়?

 ৰবি।—মই কাকো ভাল পাব নোৱাৰোঁ। ভাল পাব নোৱাৰিলে বিয়া কৰোৱা উচিত নহয়। সি মানুহক নীচ কৰে।

 কমল।—অসম্ভৱ কথা কিয় কোৱা ৰবি? তোমাৰ হৃদয়ত ভাল পোৱা নাই।

 ৰবি।—অসম্ভৱ? নহয় কমল; ই একেবাৰেই সঁচা কথা। মোৰ হৃদয় পাষাণ-সদৃশ।

 কমল।—তথাপিও মোৰ বিশ্বাস নহয; তুমি জীৱনত কেতিয়াও কাকো ভাল পোৱা নাই নে বা পাব নোৱাৰিৱা নে?

 ৰবিৰ বুকু কঁপি উঠিল। কোনোমতে আত্ম-সম্বৰণ কৰি কলে;—“তোমাৰ এই প্ৰশ্ন কিয়, কমল?"