কমল।—মোৰ শুনিবৰ মন গৈছে, আজিৰ দিনত তাৰ
নিতান্ত আৱশ্যক আছে।
ৰবি।—মই যদি কাৰবাক ভাল পাইছিলোঁ, তেনেহলে আগলৈকো তেওঁকেই ভাল পাম; আকৌ নতুনকৈ কাকো ভাল পাব নোৱাৰোঁ।
কমল।—জানিব পাৰোঁ নে কোন সেই ভাগ্যবতী?
ৰবি।—সেই কথা মই নিজে জনাৰ বাহিৰে আনে নুশুনাই ভাল আৰু শুনাবৰো মোৰ ইচ্ছা নাই।
কমল।—অন্ততঃ সেই কথা আজি মোক শুনাব লাগিব।
ৰবি।—ক্ষমা কৰিবা, কমল।
কমল।—ৰবি, মই তো তোমাৰ বৰ মৰমৰ আছিলোঁ। তোমাৰ এটা মাথোন বিশ্বাসৰ কথাও মোক কবলৈ টান পোৱা নে?
কমলৰ চকু চলচলীয়া হৈ পৰিল।
ৰবি।—কমল অধীৰা নহবা তুমি। মই তোমাক অবিশ্বাস কৰি নোকোৱাকৈ থকা নাই। কমল তুমিয়েই মোৰ একমাত্ৰ বন্ধু। তোমাক নক'লে নো মোৰ প্ৰাণৰ কথা কাক ক'ম? কিন্তু তোমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ যে এতিয়া মই অপাৰগ।
কমলৰ কান্দোন বেচি হ'ল। মুখেৰে একো নকৈ ৰবিৰ মুখলৈ কাতৰ চকুৰে চাই থাকিল। সেই দৃষ্টিযে যেন ভাষাৰে প্ৰকাশ কৰিব নোৱৰা কত কথা কৈ দিলে। ৰবিয়ে আৰু ধৈৰ্য্য ধৰিব নোৱাৰিলে। কাতৰ সুৰেৰে কবলৈ ধৰিলেঃ—“কমল,