সমললৈ যাওক

সাতসৰী/সধবা নে বিধবা নে কুমাৰী

ৱিকিউৎসৰ পৰা

[ ২৮ ]


সধবা নে বিধবা নে কুমাৰী।

 প্ৰতিমা সৰুতে কেনে আছিল ক’ব নোৱাৰোঁঁ। কাৰ লগত উমলিছিল, ক’ত লেখা-পঢ়া শিকিছিল, কাক ভাল পাইছিল, তাৰো একো খবৰ পোৱা নাই। আদৰ-মালতীৰ দৰে ছুলেই জঁয় পৰা আছিল, নে গোলাপ কলিটিৰ দৰে সদায় হাঁঁহিমুৱা আছিল, তাকো কোনেও কোৱা নাই। এইবোৰ বিষয়ে মোৰ জানিবৰ উপায়ো নাছিল; কাৰণ প্ৰতিমাৰ লগত মোৰ চিনাকি নিচেই অলপদিনীয়া। যেতিয়া প্ৰতিমাক প্ৰথম দেখা পাওঁ, তেতিয়া দেখিছিলোঁ—তেওঁৰ মুখত মধুৰ হাহি গালত গোলাপী আভা, দেহত উচ্ছসিত যৌৱন; [ ২৯ ] শুনিছিলোঁ প্ৰতিমাৰ মনোহৰ বাক্যাৱলী, “হাৰ্‌মোনিয়ামৰ" লগত মিলোৱা সুমধুৰ কোমল কণ্ঠস্বৰ; ভাবিছিলোঁ কিবাকিবি কল্পনাৰ সুখকৰ কথা,⸺স্বপ্নৰ কাহিনী।

(২)

 প্ৰতিমাৰ লগত প্ৰথম দেখায়েই মোৰ শেষ দেখা নহয়, সি তাৰ পাতনিহে। সেই দিনাৰ পৰা দিনৌ অন্ততঃ একোবাৰ প্ৰতিমাৰ লগত মোৰ দেখা হয়—অৱশ্যে নিলগৰ পৰা। দিনে দিনে প্ৰতিমাৰ প্ৰতি মোৰ মন আকৃষ্ট হবলৈ ধৰিলে; ধৰাৰ কাৰণো আছিল। মই বহুত দিন ভাবিছিলোঁ, আমাৰ অধঃ পতিত হিন্দুসমাজৰ কথা, বলীৰ ঘোৰ স্বাৰ্থপৰতাৰ কথা, আৰু দুৰ্ব্বলৰ প্ৰতি অন্যায়, অবিচাৰ আৰু অত্যাচাৰৰ কথা। স্থিৰ কৰিব নোৱাৰিছিলোঁ—কিয় একে তেজ-মাংসধাৰী একে গুণ- বিদ্যা-সম্পন্ন মানুহৰ ভিতৰত স্বৰ্গ-মৰ্ত্ত্যৰ পাৰ্থক্যৰ নিচিনা সামাজিক প্ৰভেদ। ভাবি চিন্তি ওৰ পোৱা নাছিলোঁ,—কিয় পুৰুষৰ স্বাধীনতা জোখতকৈও চৰা আৰু তিৰুতাৰ প্ৰতি কঠিন ব্যৱহাৰৰ ব্যৱস্থা। শাস্ত্ৰৰ পাত লুটিয়াই, সাধাৰণ জ্ঞান আৰু যুক্তি-তৰ্কৰ সহায় লৈ ইয়াকে মাথোন পাইছিলোঁ যে বৈদেশিক আক্ৰমণকাৰীৰ অত্যাচাৰত আত্ম-কন্দলৰ মাজত, যেতিয়া মানুহ শিক্ষা-দীক্ষাৰ অৱনতি হৈ আহিল, তেতিয়া স্বাৰ্থপৰ শিক্ষিতসকলে পূৰ্ব্বৰ, কৰ্ম্মানুসাৰে বিভক্ত বৰ্ণক উত্তৰাধিকাৰ-সূত্ৰে পোৱা [ ৩০ ] কৰিলে আৰু তলৰ জাতৰ মানুহৰ শিক্ষা-দীক্ষা বন্ধ কৰি তেওঁলোকৰ প্ৰভুত্ব একচেটীয়া কৰিলে। আন ফালে বিদেশী বলী শত্ৰুৰ হাতৰ পৰা ছোৱালী-হঁতক ৰক্ষা কৰিবলৈ কেচুৱাতে সিহঁতক বিয়া দিয়াৰ ব্যৱস্থা কৰিলে। সময়ৰ সোঁতত ঘাই নীতি- নিয়মৰ ওপৰত আপদৰ অযুগুতৰূপে তৰা এই মকৰাজালবোৰেই প্ৰধান হৈ জিলিকি উঠিল আৰু তাৰ ফলত নিম্নশ্ৰেণীৰ মানুহ পশুৰ শাৰীত আৰু তিৰুতাবিলাক পুৰুষৰ এক প্ৰকাৰ ভোগৰ সামগ্ৰী হৈ শয্যা-সঙ্গিনী আৰু দাসী ৰূপে গণ্য হ’ল। আজি নীচ জাতৰ মানুহ—লাগে বৃহস্পতিৰ দৰে পণ্ডিত আৰু যুধিষ্ঠিৰৰ দৰে ধাৰ্ম্মিকেই হওক উচ্চ জাতৰ মানুহৰ ঘৰত সোমালে চৰু পেলনি যায়; ৰমণীসকলে কৃপণৰ ধনৰ দৰে গাপ লাগি আজি কঙ্কালাবশিষ্ট। কিন্তু বৰ্তমান সমদৰ্শী ৰজাৰ শাসনৰ তলত আকৌ ব্যক্তিগত স্বাধীনতাৰ দিন আহিছে, আকৌ পূৰ্ব্ব- গৌৰব লাভ কৰিবৰ দিন ওচৰ চাপিছে। মোৰ এইবোৰ কথা কেতিয়াবা কেতিয়াবা দুই এজন লগৰীয়াক কৈছিলোঁ; কিন্তু চলিত প্ৰথা ঘৃণনীয় বুলি স্বীকাৰ কৰিও সমাজৰ ভয়ত তেওঁলোক প্ৰকাশ্যভাবে তাৰ বিপক্ষে থিয় দিবলৈ অসম্মত হয়। গতিকে, ইমান দিন মোৰ ভাব চিন্তা কল্পনা আৰু স্বপ্নৰ কাহিনী হৈয়েই থাকিল। আজি প্ৰতিমাত মোৰ আদৰ্শৰ আভাস দেখিবলৈ পালোঁ; মোৰ হিয়া আনন্দত নাচি উঠিল। মনে মনে ভাবিলোঁ

মোৰ যদি প্ৰতিমাৰ দৰে কোনোৱা বন্ধু থাকিলহেঁতেন। [ ৩১ ]

(৩)

 মই প্ৰতিমাক ভাল পাওঁ—বৰ ভাল পাওঁ। অনসূয়া বা প্ৰিয়ম্বদাই শকুন্তলাক যেনে ভাল পাইছিল, ময়ো প্ৰতিমাক তেনে ভাল পাওঁ। প্ৰতিমা শিক্ষিতা, তেওঁ লিখা-পঢ়া জানে, বোৱা-কটা জানে, ৰন্ধা-বঢ়া জানে, গান-বাজনাও জানে। আন কি, নিৰ্ভীক ভাবেৰে যাৰে তাৰে লগত কথা-বতৰা পাতিব পাৰে, সভা-সমিতিত যোগ দিয়ে আৰু ৰাজনীতি-সমাজনীতিৰ আলোচনাও কৰে। সেই দেখিয়েই মই প্ৰতিমাক ভাল পাওঁ ———প্ৰতিমাৰ ৰেহৰূপ চাওঁ।

(৪)

 কেতিয়াবা কেতিয়াবা এটা মূৰৰ পৰা তাড়িৎ ওলাই আন এটা মুৰলৈ যায় নে নাযায় আৰু তেনেকৈয়ে এজনৰ মনোভাব আন এজনে জানিব পাৰে নে নোৱাৰে, সেইটো বৈজ্ঞানিক পণ্ডিতে স্থিৰ কৰিব। মই কিন্তু ক’ব পাৰোঁ যে, কেনেবাকৈ আমাৰ মনোভাব চলা-ফিৰা কৰিছিল। মই প্ৰতিমাক যেনে ভাল পাইছিলোঁ, প্ৰতিমায়ো মোক তেনেকৈয়ে ভাল পাইছিল। কিবা এটা অজ্ঞাত শক্তিৰ বলত প্ৰতিমাই জানিব পাৰিছিল সে ময়েহে মাথোন তেওঁৰ কাৰ্যকলাপৰ পক্ষপাতী; আনবোৰে তেওঁৰ আদৰ্শক প্ৰশংসা কৰা দূৰৰ কথা, গধূলি চ’ৰা ঘৰত বহি তাৰ বিপক্ষেহে আলচ কৰে। প্ৰতিমা তেতিয়া মোৰ ওচৰ চাপিল। মানুহৰ অন্ধ-বিশ্বাস গুচাবলৈ, সমাজৰ সংস্কাৰ সাধন কৰিবলৈ, কি কৰা উচিত সেই বিষয়ে মোৰ লগত আলচ কৰিবলৈ আগ [ ৩২ ] বাঢ়িল; স্ত্ৰী শিক্ষাৰ প্ৰচলন আৰু তাৰ প্ৰধান অন্তৰায় বাল্য- বিবাহ নিবাৰণৰ নিমিত্তে প্ৰতিমাৰ সদায় আগ্ৰহ। যদিও এইবোৰ কাৰ্য্যৰ সুফল সহজে লাভ কৰিব নোৱাৰি, তথাপি নেৰানেপেৰা চেষ্টাই অলপ নহয় অলপ কাম নকৰি নাথাকে। মই প্ৰতিমাৰ কাৰ্য্য দেখি নথৈ সুখী হলোঁ আৰু তাত তেওঁক উৎসাহ দি পৰাপক্ষত সাহায্য কৰিবলৈকো প্ৰতিশ্ৰুত হলোঁ। কিয়নো, মোৰ বিশ্বাস—তিৰুতাৰ বিষয়ে ভাবিবলৈ তিৰুতাৰেইহে বেচি অধিকাৰ আছে।

 লাহে লাহে প্ৰতিমাৰ লগত মোৰ ঘনিষ্ঠতা বেচি হৈ আহিবলৈ ধৰিলে। প্ৰতিমাই মোক এতিয়া ককাই-দেউ বুলি মাতে আৰু মোৰ আগত কোনো কথা কবলৈ সঙ্কোচ নকৰে! আন কি, কেতিয়াবা ঠেহ পাতিও বহে। মুঠতে ককাইদেৱাকৰ পৰা কেনেকৈ আদৰ-সাদৰ আদায় কৰিব লাগে, তাক প্ৰতিমাই ভালকৈ জানে। সেই কাৰণে মই তাইক আৰু ভাল পাওঁ—মৰম কৰোঁ। এদিন মোৰ এটা কথা সুধিবৰ মন গ'ল। মই আৰ-তাৰ মুখে শুনিবলৈ পাইছিলোঁ প্ৰতিমা হেনো বিধৱা, কিন্তু কথাটো কিমান সঁচা বুজিব নোৱাৰিছিলোঁ। তাতে শুনা কথা সকলোবিলাক বিনা-প্ৰমাণে বিশ্বাস কৰা মোৰ স্বভাব নহয়; সেই দেখি এদিন প্ৰতিমাকেই তাৰ সত্যাসত্যৰ বিষয়ে সুধিলোঁ। মোৰ প্ৰশ্নত প্ৰতিমাৰ হাঁহিমুখ বিষণ্ণ দেখা গ’ল, চকু ঢুলঢুলীয়া হ'ল। অলপ বেলি নিতাল মাৰি থাকি প্ৰতিমাই গহীনাই ক'লে—“মই সধবা, বিধবা আৰু কুমাৰী।” [ ৩৩ ] মই একো বুজিব নােৱাৰি অবাক হলোঁ; ভাঙ্গি-পাতি কবলৈ অনুৰােধ কৰিলোঁ।

 প্রতিমাই এটা দীঘল হুমুনিয়াহ কাঢ়ি কবলৈ ধৰিলে,— “ককাইদেউ, আপুনি যি প্রশ্ন সুধিলে, তাৰ উত্তৰ দিবলৈ মােৰ হিয়া ফাটি-ছিটি যায় যেন লাগে। ককাইদেউ, সি আজি কেইবা বছৰৰো কথা । মই তাক নিজ মুখে কাকো নকম বুলি ভাবিছিলোঁ। কিন্তু আপােনাক কম ; কাৰণ আপুনি বুজিব মােৰ প্ৰাণৰ কথা,—শােকৰ কাহিনী। শুনক—মােৰ হেনো বিয়া হৈছিল। মােক নােৱাই-ধুৱাই হােমৰ গুৰিলৈ নিয়া মােৰ মনত আছে। বুঢ়া এটাকো আনি তাতে বহুৱাইছিল; কিন্তু কি ধেমালি কৰিছিল মই হলে একোকে বুজা নাছিলোঁ! তাৰ পাচত বছৰচেৰেক গলত, যেতিয়া মই অলপ জনা-বুজা হলোঁ, কিছু লিখা-পঢ়াও শিকিলোঁ, তেতিয়া জানিব পাৰিলোঁ যে সেই বুঢ়ায়েই মােৰ গতি জীৱনে-মৰণে। তেতিয়া মােৰ প্ৰাণত কি আঘাত লাগিল, কাক ক'ম, কোনে বুজিব! হৰি। হৰি ! তিৰুতা কি জড় পদার্থ যে সিহঁতৰ ইচ্ছা-অনুৰােধ উপেক্ষা কৰি পুৰুষৰ যি ইচ্ছা তাকে কৰিব। সিহঁতৰ কি সুখ-দুখ নাই? সিহঁতৰ কি ভবা-চিন্তাৰ শক্তি নাই? কওকচোন ; আপােনা ইচ্ছা নােহোৱাকৈ কিবা কৰিবলৈ বাধ্য হব লগা হলে, আপুনি দুখ পাব নে নাপায়? যদি পায়, তেনেহলে আমাকনো অজান অৱস্থাত অজ্ঞান গৰু- ছাগলী দৰে যি ইচ্ছা তাকে কৰে কিয়? আমি নাে কি মহাপাপ কৰিলোঁ। আৰু বিয়া! ইকি কেচুৱাৰ ধেমালি? যদি নহয়, [ ৩৪ ] যদি বিবাহতেই মানৱ জীৱনৰ সুখ-শান্তি নিৰ্ভৰ কৰে, যদি ই দুটি প্ৰাণ গোটাই একেলগ কৰে, তেনেহলে অন্ততঃ তাৰ মানে বুজিবলৈকো আমাক অৱসৰ নিদিয়ে কিয়? যদি আমাক জড় বুলিয়েই ভাবে, যদি আমাৰ সুখ-দুখৰ অনুভূতি নাই বুলিয়েই আপোনালোকৰ বিশ্বাস, তেন্তে ওপজোঁতেই টেটুত চেঁপা দি মাৰি নেপেলাই কিয়? আপোনালোকৰ উৎপীড়ন আৰু লাঞ্ছনা ভোগ কৰাতকৈ মৃত্যু শত গুণে শ্ৰেয়। আপোনালোকে জুপুৰি বহা এৰি পকী ঘৰত থাকিবলৈ শিকিছে, চলন-ফিৰণ খোৱা-লোৱাত নতুন কিবা হৈ উঠিছে, কিন্তু আমাৰ ওপৰত চলোৱা শাসন-নীতিৰ লৰচৰ কেতিয়াও ঘটিব নোৱাৰে; সি সদায় একে হৈয়েই থাকিব, কাৰণ তাত আপোনালোকৰ নাৰকীয় নীচ স্বাৰ্থ আছে। সেই দেখিয়েই আপোনালোকৰ শাস্ত্ৰই তিনি কুৰীয়া বৰলাক দহজনী কেচুৱা ছোৱালী বিয়া কৰাবলৈ আগ বঢ়াই নিয়ে, সমাজে দবনি পিটি খাই আনন্দ প্ৰকাশ কৰে; কিন্তু পিয়াহ খোৱা ছোৱালীৰ খেলাৰ পুতলা স্বামীৰ মৃত্যুত ইহকাল পৰকাল একেবাৰেই যায়! এয়ে আপোনালোকৰ শাস্ত্ৰ! এয়ে আপোনালোকৰ ধৰ্ম্ম! এনে কুৱাযেই আপোনালোকৰ সমাজ! এনে স্বাৰ্থপৰ সমাজক পদাঘাত কৰা উচিত। ককাইদেউ, ক্ষমা কৰিব, মনৰ আবেগ দমাব নোৱাৰি ঘাই কথা এৰি কিবাকিবি বকিলোঁ। মই যেতিয়া বুজিলোঁ, মৰিবলৈ মাথোন দুদিন বাকী থকা সেই বুঢ়ায়েই মোৰ স্বামী, মই তেতিয়া তেওঁক গ্ৰহণ কৰিবলৈ অমান্তি হলোঁ। য'ত প্ৰেমৰ কণিকা মাত্ৰ নাই, যত বয়সৰ মিল পৰ্য্যন্ত পোৱা নাযায়, [ ৩৫ ] যাক কি বস্তু মই বুজা নাছিলোঁ তাত জীৱন বলি দিয়া নিৰ্ব্বোধৰ বাহিৰে আনৰ কাম হব নোৱাৰে। মুঠ কথা মই সেই বিবাহক বিবাহ বুলি স্বীকাৰ কৰিব নোৱাৰো আৰু তেনে কৰিবলৈকো যুক্তিৰ অভাব। বিচাৰবিহীন আচাৰ সৰ্ব্বনাশৰ মূল। তিৰুতাৰ প্ৰতি এনে অন্যায়-অবিচাৰ কৰাৰ ফলতেই আজি ভাৰতৰ নাৰী সমাজ অশিক্ষিতা হৈ মূৰ্খ পুত্ৰ কন্যাৰ জননী হবলৈ বাধ্য হৈছে, আৰু তাৰ ফলতেই ভাৰতবৰ্ষৰ এই অধঃতন। আপোনালোকে ধৰি থাকক খামোচ মাৰি আপোনালোকৰ সমাজখনকে, মই কিন্তু তাৰ বান্ধ-ছাট নামানো, তাৰ লগত শক্তিয়ে আটে মানে যুজিম। ধৰ্ম্মত মতি ৰাখি, ভগৱন্তৰ নিৰ্ম্মালি মূৰত লৈ যিহকে যুক্তিযুক্ত দেখোঁ তাকে কৰি যাম। আন কি, আপোনাক কৈ থওঁ, মনে মনে মিলা মানুহ পালে বিয়াও কৰাম, আপোনালোকে পতিতা বুলি ঘিণ কৰালৈ মই ভয় নকৰোঁ। এয়ে মোৰ জীৱনৰ কাহিনী। মোৰ লগত হোমৰ ওচৰত বহুওৱা বুঢ়াজন মৰিল নে আছে মই কব নোৱাৰোঁ। সেই দেখি আপোনালোকৰ হিচাপত মই সধবা নাইবা বিধবা হবই লাগিব। মই কিন্তু নিজে সেই কথা স্বীকাৰ নকৰোঁ, মই জানো মই এতিয়াও কুমাৰী হৈয়ে আছোঁ। আপোনাৰ এতিয়া যেনে ইচ্ছা তেনেকৈ ধৰি ল'ব পাৰে।”

 কথা শেষ হ'ল। প্ৰতিমাই মোৰ ওচৰত বিদায় লৈ ঘৰলৈ গ’ল। মোৰ কাণত কিন্তু কথাখিনি বাজিবলৈ ধৰিলে। যদিও প্ৰতিমাৰ দুখত মোৰ অন্তৰ ব্যাকুল হৈ উঠিছিল, তথাপি কথাখিনি [ ৩৬ ] শুনি ভাল লাগিল। ৰাতি শোওঁতেও মই সেই কথাখিনিকে ভাবিবলৈ ধৰিলোঁ। ঘনে ঘনে প্ৰশ্ন উঠিল,—“প্ৰতিমা কি? সধবা নে বিধবা নে কুমাৰী?”

<<পূৰ্বৱৰ্তী পৃষ্ঠা

পৰৱৰ্তী পৃষ্ঠা>>