সমললৈ যাওক

পৃষ্ঠা:সাতসৰী.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
সাতসৰী।


নগুচে। আকৌ যেতিয়া সংসাৰৰ দুখ-ভাগৰ পাহৰি, নিজানত বহি নীৰবে সেই ছবিখনি চাই, তেতিয়া সি সম্পূৰ্ণ সজীৱ হৈ উঠে; এখন্তকৰ নিমিত্তে কমলৰ সঙ্গ-সুখত ৰবি আপোন-পাহৰা হয়। ইমানতো কেতিয়াবা যে প্ৰকৃত কমলৰ নিমিত্তে তেওঁৰ প্ৰাণৰ ধাউতি নহয়, এনে নহয়। বহুত দিন তেওঁ জোনাকত বহি একেৰাহে ওপৰলৈ চাই চাই কবিতা আওৰাইছিলঃ—

কোৱাঁ দেৱ, কোৱাঁ সুধাকৰ,
ক’ত মোৰ কমল প্ৰাণৰ?
তুমি ফুৰা চউ-দিশে চাই,
তোমাৰ নজনা একো নাই।
কোৱাঁ দেৱ, কোৱাঁ দয়া কৰি,
কত মোৰ আছে প্ৰাণেশ্বৰী?
তেনে ৰূপো দেখা নাই তুমি!
মিছাতে ফুৰিছা বিশ্ব ভ্ৰমি?
নহয় নহয় হিমকৰ,
জানা তুমি সকলো খবৰ।
প্ৰিয়া মোৰ পাৰিজাত ফুল,
তাতো তুমি কৰিবা নে ভুল?
কোৱাঁ মোক, মাতো কৰ যুৰি,
কত মোৰ হৃদয়-ঈশ্বৰী?

 কি? হায়! জোনে নুবুজে তেওঁৰ কি প্ৰাণৰ ব্যথা! শুনিও শুনাৰ ভাও ধৰে। তৰাবোৰেও তেওঁক বলিয়া বুলি বিদ্ৰূপৰ