পৃষ্ঠা:সাতসৰী.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
সাতসৰী।


 কমল।—বিদায় দিব নোৱাৰোঁ প্ৰিয়তম, মোকো আৰু বিদায় নালাগে। আজি আমাৰ পূৰ্ণ মিলনৰ দিন। আজি মোৰ প্ৰকৃত যোগ-সিদ্ধি।

 দুয়ো নীৰৱ হল। কমলে ৰবিৰ ডিঙিত সাবটি ধৰি প্ৰাণৰ আবেগেৰে চুমা দিলে। ৰবিৰ ওঁঠত এটি যেন হাঁহিৰ জিলিঙ্গনি বিয়পি গ'ল।

 তাৰ পাচত—তাৰ পাচত সকলো শেষ। ৰ'ল মাথোন বাহুৰ বন্ধনেৰে এক হৈ দুটি নিৰ্ব্বাক নিস্পন্দ জড়-দেহ।

 ধন্য ৰবি! ধন্য কমল! ধন্য তোমালোকৰ প্ৰেমৰ সাধনা!


আই উঠ

(১)

 আমাৰ ঘৰত মানুহ মাথোন মই আৰু মোৰ আই। যিবা এটা ভাই আছিল, তাকো নিঠুৰ কালে আমাৰ বুকু শুদা কৰি অকালতে লৈ গ'ল। আই এতিয়া বুঢ়ী; সংসাৰৰ বহুতো বিপদ-আপদৰ মাজেদি ঘূৰি পকি এতিয়া জিৰণি লব লগাত পৰিছেহি। এতিয়া তেওঁৰ হাড়-ছাল মাথোন অৱশিষ্ট। কিন্তু এই শুকান দেহৰ মাজতো কি ৰসৰ উৎস, কি স্নেহৰ নিজৰা আছে, তাক ভাবিলেও শৰীৰ ৰোমাঞ্চিত হয়! চকু-লোৰে গাল