সাতসৰী/আই উঠ

ৱিকিউৎসৰ পৰা

[ ৫২ ]

আই উঠ

(১)

 আমাৰ ঘৰত মানুহ মাথোন মই আৰু মোৰ আই। যিবা এটা ভাই আছিল, তাকো নিঠুৰ কালে আমাৰ বুকু শুদা কৰি অকালতে লৈ গ'ল। আই এতিয়া বুঢ়ী; সংসাৰৰ বহুতো বিপদ-আপদৰ মাজেদি ঘূৰি পকি এতিয়া জিৰণি লব লগাত পৰিছেহি। এতিয়া তেওঁৰ হাড়-ছাল মাথোন অৱশিষ্ট। কিন্তু এই শুকান দেহৰ মাজতো কি ৰসৰ উৎস, কি স্নেহৰ নিজৰা আছে, তাক ভাবিলেও শৰীৰ ৰোমাঞ্চিত হয়! চকু-লোৰে গাল [ ৫৩ ] তিতি যায়! প্ৰকৃততে তেওঁ স্নেহৰ সজীৱ মূৰ্ত্তি, শান্তিৰ আকৰ, প্ৰেমৰ অমৃত ধাৰা। যেতিয়া মই সংসাৰৰ ঠেলাত কাতৰ হৈ হতাশ প্ৰাণেৰে ঘৰলৈ উলটি আহোঁ, যেতিয়া নানা প্ৰকাৰ দুশ্চিন্তাই মোৰ মন কোঁচ খুৱাই নিয়ে, তেতিয়া মাতৃৰ মুখৰ প্ৰেমাশ্ৰু-ধৌত আশ্বাস-বাণীৰ এটি ধাৰাই সেই শুকান আশাৰ পুলিটি মুহূৰ্ত্ততে জীপ ধৰাই দিয়ে, বিমল আনন্দৰ মধুৰ সঙ্গীতত মন নাচি উঠে। যেতিয়া নৰিয়া পাটীত পৰি চটফট কৰোঁ, যন্ত্ৰণাত শৰীৰ অবশ হৈ আহে, সকলো বিহ যেন বোধ হয়, তেতিয়াও আইৰ স্পৰ্শই, আইৰ সেই পাৰ্থিব স্বৰ্গস্বৰূপ কোলাৰ আশ্ৰয়ে মোৰ যন্ত্ৰণা লঘু কৰে, দেহৰ পোৰণি নিমিষতে শীতল হয়। যাৰ মাতৃ আছে, তাৰ অভাব কিহৰ? মোক একো নালাগে; একমাত্ৰ স্নেহময়ী জননীৰ বুকত মুখ লুকুৱাই সকলো জ্বালা-যন্ত্ৰণা পাহৰি জীৱন নিয়াব পাৰিলেই মোৰ ইচ্ছা পূৰ্ণ হয়।

(২)

 আয়ে এটা সালিকা পুহিছিল। মই যেতিয়া কোনো কাৰ্য্যত বাহিৰলৈ যাব লগা হয়, আয়ে তেতিয়া তাকে কোলাত লৈ চুমা খাই গাত হাত বুলাই মোৰ অনুপস্থিতি পাহৰি যায়। সিও আইৰ লগ নেৰে। মুঠতে সিযেই এতিয়া মোৰ মৃত ভ্ৰাতাৰ স্থান অধিকাৰ কৰিছে। সালিকাটোৱে দুটা মাথোন কথা শিকিছে। এটা—আই উঠ; আৰু ইটো ককাইদেউ। দিনৰ ভিতৰত আইক এখন্তক পাটীত পৰা দেখিলেই সি মাতিবলৈ ধৰে,— [ ৫৪ ] আই উঠ, আই উঠ। যেতিয়া মই কামৰ পৰা ঘূৰি আহোঁ, উৰি গৈ পদূলিতে মোৰ লগ ধৰে, আৰু মোৰ গাত পৰি ককাইদেউ ককাইদেউকৈ চিঞৰি দিয়ে। মই আগ্ৰহেৰে তুলি লৈ তাক মৰম কৰোঁ। মোৰ ভাইটো জীয়াই থকা হলেও মই তাতকৈ বেচি ভাল পাব নোৱাৰিলোঁহেঁতেন।

(৩)

 এদিন আয়ে জুহাল গুৰিত বহি থাকোতে মোক মাতি কলে —“অ' বোপাই সোণাৰাম, মোৰ কথা এটা শুনচোন। তই দেখিছই নহয় কলিকলীযা মানুহৰ কেনেকুৱা খেন-বেন শৰীৰ। মই বুঢ়ীনৌ আৰু কেইদিন জীম! কালিলৈকে যদি মই চকু মুদোঁ, তেনেহলে ঘৰখন ৰখিবলৈকো কোনো নাথাকিব নহয়। সেই দেখি মই ভাবিছোঁ, মই জীয়াই থাকোঁতেই যেনে-তেনে তোৰ ঘৰখন পাতি যাব পাৰিলে হয়।”

 শুনি মোৰ কেনেবা লাগিল। মাতৃৰ অভাবত যে এতিয়াৰ এই স্বৰ্গতুল্যা পৃথিবী মৰিশালি হ’ব! মই বিয়া কৰাই এজনা সঙ্গিনী লাভ কৰিলেও সেই মাতৃস্নেহ আৰু নাপাওঁ। মাতৃৰো আকৌ মৃত্যু হয়!⸺মোক শোকে খুন্দা মাৰি ধৰিলে; জৰ-জৰ কৰে চকু-লো ববলৈ লাগিল। মাতৃ-স্নেহ অমৃতৰ পৰা বঞ্চিত হবলৈ কাৰ সত যাব।

 মই কান্দি কান্দি কলোঁ—“আই, তোমাৰ যি ইচ্ছা তাকে কৰাঁ; কিন্তু এনে হিয়া-ভগা কথা আৰু দুনাই নকবাঁ। তোমাৰ অবিহনে মোৰ সংসাৰত থকাৰ লাভ কি আই?” [ ৫৫ ]  আয়ে কলে,—“বোপাই তই কেলেই তেনে কথা কৱ? মোৰ জানো তোক এৰি যাবলৈ সত যায়! পিচে, ঈশ্বৰৰ নিয়ম, এদিন উপজিলে এদিন মৰিবই লাগিব; আমি তাক কেনেকৈ ভাঙ্গিম! সেই দেখিহে তেনেকৈ কৈছোঁ। গোঁসায়ে মোৰ সোণাইক মূৰৰ চুলিৰ মান আযুস দিয়ক।”

 এই বুলি আযে মোক চুমী খাই বুকত সুমুৱাই ললে। আহা! এযে স্বৰ্গ, এয়ে শান্তি, এয়ে মোক্ষ!

(৪)

 আইৰ ইচ্ছামতেই কায্য হ’ল। মাতৃ পূজাত আৰু এজন মোৰ লগৰীযা পালোঁ। মাতৃস্নেহ এতিয়া তিনিজনৰ ভিতৰত ভাগ কৰিব লগা হল। মনৰ আনন্দেৰে আমি আটাই কেইটি প্ৰাণী দৰিদ্ৰতাৰ মাজে দিও সুখেৰে কাল কটাবলৈ ধৰিলোঁ। সালিকাটোৱে ইয়াৰ ভিতৰতে বৌ দেউ বুলি আৰু একেষাৰ মাত শিকিলে। সি সঁচাকৈয়ে মোৰ কোনোবা কালৰ ভাই আছিল। সম্ভবতঃ আমাৰ দুখ দেখি ভাইটোৱেই সালিকা হৈ আহি তাৰ বিয়োগ-দুখ দূৰ কৰিছিল।

(৫)

 এদিন ৰাতিপুৱা গাটো বেয়া কৰিছে বুলি জাপ-জুপ লৈ আই পাটীত পৰিল। মই হাত দি চাই দেখিলোঁ আইৰ ভয়ানক জ্বৰ। মোৰ প্ৰাণ কঁপি উঠিল; ওচৰতে বহি শুশ্ৰুষা কৰিবলৈ ধৰিলোঁ। [ ৫৬ ] সালিকাটোৱে ঘনে ঘনে চিঞৰিবলৈ ধৰিলে, আই উঠ, আই উঠ। কিন্তু আইৰ জ্বৰ ক্ৰমশঃ বাঢ়িবলৈ ধৰিলে। গোটেই দিনটোত এখন্তকো জ্বৰে শাম নাকাটিলে। লাহে লাহে সন্ধ্যা হ’ল; আন্ধাৰে জগতক ঢাকি পেলালে; কিন্তু আইৰ জ্বৰ অলপো নকমিল। গোটেই নিশা আইৰ ওচৰতে পৰ দি থাকিলোঁ। সালিকাটোও আইৰ মূৰ শিতানত বহি জুপুকা লাগিল।

  *  *  *  *

 ৰাতি পুৱাই আহিল। শোৱাৰ পৰা উঠি সকলো নিজ নিজ কামলৈ গ'ল; কিন্তু আই নুঠিল। সালিকাটোৱে আইৰ গাত পৰি ৰিঙ্গিয়াবলৈ ধৰিলে—“আই উঠ, আই উঠ”। কিন্তু আই নুঠিল,—আই চিৰকাললৈ শুলে। মই আইৰ ডিঙ্গিত ধৰি কান্দিবলৈ ধৰিলোঁ,—“আই, আই, মই তোমাক মাতিব লাগিছোঁ বোৱাৰীয়েৰাই তোমাৰ নিমিত্তে হিয়া ভুকুৱাই কান্দিছে, তেও 'তুমি আমাক উলটি নোচোৱা নে আই? সংসাৰত কাৰ স্নেহত পমি যাবলৈ, কাৰ সাদৰত দুখ-শোক পাহৰি শান্তি লভিবলৈ আমাক এৰি গ'লা? মইনা, সোণাই বুলি কোনে আৰু মূৰ সুঙ্গি সুঙ্গি, গালত হাত ফুৰাই চুমা খাব? কাৰ স্নেহৰ মন্দাকিনীত স্নান কৰি আৰু পৃথিবীক স্বৰ্গ বুলি ভাবিম?

 কান্দোতে কান্দোতে আইৰ সেই শীতল দেহা তিতি গ'ল, কিন্তু আয়ে নামাতিলে; বুকত মূৰটো সুমুৱাই লৈ নিচুকাবলৈ [ ৫৭ ] তেওঁ নুঠিল। সালিকাটোৱে একেৰাহে মাতিবলৈ ধৰিলে—“আই উঠ, আই উঠ”। মাতি মাতি আমনি লাগিলে সি একোবাৰ মোৰ গাত পৰি চিঞৰে—“ককাইদেউ, ককাইদেউ”। সি বোধ কৰোঁ ভাবিছিল—মই আইক তুলিব পাৰিম। হায়! অবোধ সালিকা, বিধাতাৰ ইচ্ছাৰ ওপৰত যে কাৰো হাত নাই তই তাক কেনেকৈ বুজিবি!

(৬)

 সৎকাৰৰ নিমিত্তে মাতৃৰ দেহা শ্মশানলৈ নিযা হ’ল; সালিকাটোও লগতে যাবলৈ ধৰিলে। তাৰ মুখত মাথোন একেষাৰ কথা— “আই উঠ, আই উঠ।” যেতিয়া আইক চিতাত তুলিলোঁ, তাৰ চিঞৰ খৰ হৈ আহিল, অগ্নি সংযোগ কৰিবলৈ ধৰোতে সি ককাইদেউ, ককাইদেউকৈ চিঞৰি মোৰ হাতত খুটিয়াবলৈ ধৰিলে। তাৰ পিচতে আকৌ আইৰ দেহৰ ওপৰত পৰি, “আই উঠ, আই উঠকে আটাহ পাৰিবলৈ ধৰিলে। অজ্ঞান পখী! সি কি বুজিব কোন সতেৰে কিয় মই মোৰ একমাত্ৰ মুখ লুকুৱাবৰ ঠাই মাতৃ-দেবীৰ পুণ্য তনু নিজ হাতে অগ্নিত সমৰ্পণ কৰিছোঁ।

(৭)

 মাতৃৰ ঔৰ্দ্ধদেহিক কাৰ্য্য সম্পন্ন কৰি ঘৰলৈ উলটিলোঁ। সালিকাটো নাহে, মই বহুত যত্ন কৰিহে তাক কোনোমতে ঘৰলৈ [ ৫৮ ] আনিলোঁ। ঘৰলৈ আহিলত মোৰ মনত নানা ভাব খেলাবলৈ ধৰিলে, অতীত ভবিষ্যতৰ নানা কথা মনলৈ আহিল। হায়! মাতৃৰ অভাৱত যে অতীতৰ সুখ একেবাৰেই অন্তহিত হ'ল। সেই কথা মনত পৰিলে তেতিয়া কিয় এতিয়াও চকুলো ওলায়, হৃদয়-বীণৰ তাঁৰ কঁপি উঠে, আইৰ সেই মৰম-সনা ছবিটি দেখা পাওঁ।

 সন্ধিয়া লাগিল। গৰু-গাই ঘৰলৈ চাপিল, মাৰ যোৱা বেলিৰ হেঙ্গুলীয়া পোহৰ লাহে লাহে গছৰ আগৰ পৰাও নাইকিয়া হ’ল; আন্ধাৰ ক্ৰমশঃ গাঢ় হৈ আহিল, দুটি এটি জোনাকী পৰুৱা উৰিবলৈ ধৰিলে। মই ইমান বেলি মাতৃৰ শোকত জুৰুলা হৈ চোতালতে পৰি আছিলোঁ; এতিয়া উঠি ভিতৰলৈ গলোঁ। কিন্তু সালিকাটো যে নাই। সি কলৈ গ'ল? চাৰিওফালে বিচাৰি চালোঁ; কিন্তু নাপালোঁ।

 লাহে লাহে শ্মশানলৈ খোজ ললো। সি যে কি ভয়াবহ মূৰ্ত্তি ধাৰণ কৰিছিল তেতিয়া। আন্ধাৰো যেন তাত আন ঠাইতকৈ গাঢ়। ওচৰত পৰি থকা আধাপোৰা খৰি কেইডোখৰৰ পৰা এতিয়াও ধোৱা উৰিব লাগিছে। কি যেন এক বিভীষিকাময়ী মূৰ্ত্তিৰ দানবী ক্ৰীড়াৰ তাত তোল-পাৰ! মোৰ বুকু নিলগতে কঁপি উঠিল। য'ত মোৰ মাতৃৰ পৱিত্ৰ অৱশেষ আছে, তাৰ পৰা একেষাৰ কথা আহি মোৰ কাণত পৰিল,—“আই উঠ, আই উঠ।” বুজিলোঁ সালিকা তাতে আছে। মই কঁপা বুকুৰে তাৰ ওচৰলৈ আগ বাঢ়ি গলোঁ সি মোক দেখিয়েই “ককাইদেউ, [ ৫৯ ] ককাইদেউ” কৈ চিঞৰি উঠিল। তেতিয়া মোৰ মনত কেনে লাগিছিল তাক কাক কম! কবলৈকো যে ভাষাৰ অভাব। হায়! এই অজান সালিকাটোৰ কি চেনেহ! কি ভাল পোৱা! মই যে পুত্ৰ হৈও ইমানখিনি কৰিব পৰা নাই। মোৰ যে ভয়তে ধাতু নোহোৱা হৈছে! মই সালিকাটো আনিবলে বহুতো চেষ্টা কৰিলোঁ, কিন্তু তাক কোনোমতেই আনিব নোৱাৰিলোঁ। শেহত ভগ্ন-হৃদয়েৰে কান্দি কান্দি অকলৈ ঘৰলৈ উলটিলো।

 পিচ দিনা পুৱা মই অলপ মান চাউল আৰু পানী লৈ আকৌ মৰিশালিলৈ গলোঁ। কিন্তু কোনো মতেই তাক খুৱাব নোৱাৰিলোঁ। ঘৰলৈ আনিবলৈ কৰা চেষ্টাও বিফল হ’ল। সি মাথোন একেৰাহে মাতিবলৈ ধৰিলে⸺“আই উঠ, আই উঠ।”

 তৃতীয় দিনা তিলনিৰ কাৰ্য্য শেষ কৰি আকৌ মই সালিকাটো চাবলৈ গলোঁ। কিন্তু উঃ হু। সেই স্নেহৰ পুতলি, মোৰ সহোদৰ-স্বৰূপ সালিকাৰ আৰু ধাতু নাই। সি মাতৃৰ লগলৈ গ’ল; তাৰ প্ৰাণহীন শৰীৰটোও আইৰ ভেটিৰ ওপৰতে পৰি আছে। মই হুৰাও-ৰাৱে কান্দিলোঁ। সেই দিনাহে যেন মোৰ ভাইৰ মৃত্যু হল। মই তাক মাতৃৰ লগতে ভালকৈ শুৱাই থলোঁ। তেতিয়াও মোৰ কাণত বাজি উঠিছিলঃ⸺ “আই উঠ, আই

উঠ।” [ ৬০ ]

(৮)

 ওপৰত কোৱা ঘটনাৰ পৰা বহুত বছৰ পাৰ হৈ গৈছে। কিন্তু এতিয়াও যেতিয়াই সেই শ্মশানৰ ফাললৈ যাওঁ, তেতিয়াই এটি কৰুণ সুৰ কাণত পৰেহি,⸺“আই উঠ, আই উঠ।” নৈশ নিস্তব্ধতা ভঙ্গ কৰি সেই ধ্বনি উঠা বাটৰুৱা মানুহো বহুতে শুনিছে; যেন সালিকাটোৰ আত্মা এতিয়াও তাতে আছে, এতিয়াও যেন আইক তুলিব পাৰিম বুলি ভাবিয়েই সি মাতি আছেঃ⸺“আই উঠ, আই উঠ।”

<<পূৰ্বৱৰ্তী পৃষ্ঠা

পৰৱৰ্তী পৃষ্ঠা>>