পৃষ্ঠা:সতীৰ তেজ.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাজ্যত শান্ত স্থাপন কৰাই মোৰ এক মাত্ৰ উদ্দেশ্য, তথাপি সকলোৰে বিশ্বাস কোঁৱৰসকলৰ অঙ্গক্ষতত মোৰ হে যেন কিবা স্বাৰ্থ আছে, যেন ই মোৰ ৰাজক্ষমতা অধিকাৰৰ গোপন ষড়যন্ত্ৰ। তাতে জয়মতী ৰাজ-বোৱাৰী। সেই দেখি জয়মতীৰ বিচাৰৰ দায়িত্ব মোৰ গাত ল'ব নোখোজোঁ। স্বৰ্গদেৱে নিজে বিচাৰ কৰক। যদি স্বৰ্গদেৱৰ আদেশ মানি উত্তৰ দিয়ে, ভালে ভালে পঠিয়াই দিব; যদি নিদিয়ে এনে শাস্তিৰ বিধান কৰিব যাতে সঙ্কল্পৰ সকলে দৃঢ়তা ছিগি-ভাগি মষিমূৰ হয়।
ৰজা। —ভাল কথা। তাইক আনিবলৈ কওক।
বুঢ়া। —(দুৱৰীৰ প্ৰতি) তই যা। বন্দীপাল বৰুৱাক ক—জয়মতীক লৈ আহক।
 ( দুৱৰী ওলাই যায়। )
ৰজা। —এজনী সামান্যা নাৰী, তায়ো মোক অৱজ্ঞা কৰে! মই ৰজা, মই তাৰ বিচাৰ কৰিম। মোৰ কাৰ্য্যত ব্যাঘাত জন্মিলে,—নাৰী হওক, পুৰুষ হওক, কাৰো ৰক্ষা নাই।
 (ৰজা আৰু বুঢ়া গোহাঁয়ে আসন গ্ৰহণ কৰে। তাৰ পাচত বন্দীপাল
 বৰুৱাআৰু চাওদাং-বেষ্টিতা জয়মতীৰ প্ৰবেশ। জয়মতীয়ে
 ৰজাক ওলগ জনায়। )
ৰজা। —জয়মতী, তোমাক নকলেও হ'ব—কিয় তোমাক ইয়ালৈ অনাইছোঁ। কোনো ৰাজনৈতিক কাৰণত তোমাৰ স্বামীৰ