বুঢ়া। —জয়মতী! তুমি ৰাজ-আদেশ লঙ্ঘন কৰি নিজক দোষী সাব্যস্ত কৰিছা,গদাপাণিৰ বাতৰি গোপন কৰি তুমিও ষড়যন্ত্ৰত লিপ্ত বুলি প্ৰমাণ কৰিছা। ছয়োটাই গুৰু অপৰাধ। তাৰ শাস্তি অতি ভীষণ। তুমি নাৰী, সেই দেখি মই তোমাক অনুৰোধ কৰিছোঁ, তোমাৰ সঙ্কল্প পৰিত্যাগ কৰাঁ, কোঁৱৰ ক’লৈ গ’ল কৈ দিয়া, নিৰ্বিঘ্নে ঘৰলৈ যোৱাঁ।
জয়। —ক্ষমা কৰিব, মই তেনে অনুৰোধ ৰাখিব নোৱাৰোঁ।
ৰজা। —তুমি নোকোৱা?
জয়। —নকওঁ।
ৰজা। —নোকোৱা?
জয়। —( নিমাত। )
ৰজা। —অসহ্য! বন্দীপাল বৰুৱা! এইক লৈ যোৱাঁ। যেতিয়ালৈকে তাই গিৰিয়েকৰ কথা নকয়, তেতিয়ালৈকে কঠোৰ শাস্তি দিবা। চাওঁ, তাইৰ অহঙ্কাৰ কিমান পৰ থাকে।
( বন্দীপাল বৰুৱাৰ ইঙ্গিত মতে চাওদাঙ্গে কাঁকলত জৰি লগায়। )
জয়। —(আপোনা-আপুনি)
ধৈৰ্য্য দিয়াঁ, শক্তি দিয়াঁ, হৃদয়-দেৱতা।
শাস্তি যেন হয় মোৰ শান্তিৰ অমিয়া;
পশুবল উটি যায়, হাঁহিৰ সোঁতত।
পতিপ্ৰেম হোক মোৰ অক্ষয় কৱচ।
পৃষ্ঠা:সতীৰ তেজ.pdf/৩০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে