পৃষ্ঠা:সতীৰ তেজ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় অঙ্ক।

———⁕———


(ৰজাৰ চাংঘৰৰ শোৱা খোটালীৰ আগচালি। তাত এখন শয্যাত

 চুলিক্‌ফা। দুকাষে দুজনী লিগিৰীয়ে চোঁৱৰেৰে বিচি বিচি
 নাম গাইছে। চাংঘৰৰ পৰা বুলিনিলৈ খটখটি। টোলৰ

 দুৱাৰত দুয়ো ফালে সশস্ত্ৰ প্ৰহৰী। সময় আবেলি। )

লিগিৰী। — সোণালী পালেঙত অ’ মন তৰা,
 ৰূপালী তলিচা অ’ মন তৰা,
 কমোৱা তুলাৰে তুলী মন তৰা,
 আহাঁ নিদ্ৰাৱলী স্বৰ্গৰ পৰা।
 চোঁৱৰে সিঁচিছে অ’ মন তৰা,
 সুগন্ধি মলয়া অ’ মন তৰা,
 স্বৰ্গদেৱ নিদ্ৰা যাওক বুলি মন তৰা,
 আহাঁ নিদ্ৰাৱলী স্বৰ্গৰ পৰা।
ৰজা। — শত্ৰু! চাৰিওফালে শত্ৰু! আকাশত শত্ৰু, বতাহত শত্ৰু, আন্ধাৰত শক্ৰ, পোহৰত শত্ৰু। যেনি চাওঁ তেনি বিভীষিকা,–খোলা তৰোৱালৰ তিৰবিৰণি। সপোনত ষড়যন্ত্ৰ, দিঠকত অৰাজকতা। সৌৱা গদাপাণি আহিছে, মোৰ তেজ পিবলৈ আহিছে। (চক খাই জাঁপ