ৰজা। —ইয়ালৈকে মাতি আন। ৰাণী! নোযোৱা কিয়?
( এফালে দুৱৰীৰ, আনফালে ৰাণী আৰু লিগিৰীৰ প্ৰস্থান )
ৰজা। —অনৰ্থক ৰক্তপাত! অনৰ্থক অঙ্গক্ষত! অনৰ্থক ষড়যন্ত্ৰ! সকলো কোঁৱৰৰ অন্ত হ’ল, কিন্তু যাৰ ভয়ত মোৰ চকুত টোপনি নাই, প্ৰাণত শান্তি নাই, সেই গদাপাণি পলাল। ইমান আয়োজন, ইমান সতৰ্কতা ব্যৰ্থ হ’ল। নেগুৰ কাটি জীয়া বাঘ চোঙত মেলিলোঁ। তাক ধৰিব নোৱাৰিলে মোৰ ৰক্ষা নাই, সি মোৰ তেজ পিবলৈ কৰবাত জোপ ল’ব লাগিছে। হয় গদাৰ, নহয় মোৰ মৰণ অনিবাৰ্য্য। দুয়োৰে জীৱন অসম্ভব।
(বুঢ়াগোঁহাইৰ প্ৰবেশ )
ডাঙ্গৰীয়া, গদাপাণিক পালে নে নাই?
বুঢ়া। —নাই স্বৰ্গদেৱ। চাৰিওফালে সৈন্য পঠিয়ালোঁ, হাবি-বন, জান-জোপোহা পিতপিতকৈ বিচৰালো, কিন্তু গদাপাণি নোলাল। দেখিছোঁ বুলি কওঁতাও কোনো নাই।
ৰজা। —গদাপাণিৰ দৰে এটা প্ৰকাণ্ড মুনিহ অলক্ষিতে পলাই যায়,–ই হ’ব পাৰে নে ডাঙ্গৰীয়া? নিশ্চয় কোনোবাই দেখিছে। মই বুজিছে মোৰ সকলো প্ৰজা ৰাজভক্ত নহয়। আপুনি চোৰাংচোৱা নিযুক্ত কৰক, যাৰে ওপৰত সন্দেহ হয় তাকেই কঠোৰ শাস্তি দিয়ক।
বুঢ়া। —তাৰ ব্যৱস্থা কৰা হৈছে। অনুসন্ধানৰ কোনো পন্থা বাদ দিয়া নাই।
পৃষ্ঠা:সতীৰ তেজ.pdf/২৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে