প্ৰয়োজন হৈছে। তেওঁক আমি পোৱা নাই। তেওঁ ক’ত আছে, আমাক তাৰ বাতৰি লাগে॥
জয়। —( নিমাত। )
বুঢ়া। —গদাপাণিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আছে। তেওঁ ৰাজদ্ৰোহৰ ষড়যন্ত্ৰত লিপ্ত বুলি জনা গৈছে।
জয়। —মিছা কথা।
ৰজা। —হ’ব পাৰে মিছা, কিন্তু তাৰ প্ৰমাণ দিয়াৰ ভাৰ তেওঁৰ ওপৰত। তাকে নকৰি তেওঁ পলাই গৈ দোষ বঢ়াইছে কিয়?
বুঢ়া। —এতিয়াও তেওঁৰ দোষ সাব্যস্ত হোৱা নাই। যদি তেওঁ নিজক নিৰ্দোষ বুলি প্ৰমাণ কৰিব পাৰে, কোনেও তেওঁৰ চুলি এডালো স্পৰ্শ নকৰে।
ৰজা। —তুমি নিৰ্ভয়ে বাতৰি দিয়া। কোৱা—তোমাৰ স্বামী ক’ত?
জয়। —মই নকওঁ।
ৰজা। —জয়মতী! মনত ৰাখিবা শাসন-বিধি বৰ কঠোৰ। ই কেচুৱাৰ ধেমালি নহয়। এতিয়াও সময় দিছোঁ। তুমি মোৰ প্ৰশ্নৰ উত্তৰ দিয়াঁ।
জয়। —( নিমাত। )
বুঢ়া। —তুমি বাৰে বাৰে স্বৰ্গদেৱৰ আদেশ অমান্য কৰিছা, নামাতি ৰণ জিকিব খুজিছা। কিন্তু সি নহব। তোমাৰ মুখত কথা নোলালে আমি উলিয়াই লবলৈ বাধ্য হম।
পৃষ্ঠা:সতীৰ তেজ.pdf/২৮
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে