পৃষ্ঠা:সতীৰ তেজ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাৰি উঠি ) মই কলৈ যাওঁ। ক’ত লুকাওঁ! কোনে মোক ৰক্ষা কৰিব!
 (বেগেৰে খটখটিয়েদি নামি আহে, এজনী লিগিৰীও পিচে পিচে আহে। ইজনী ভিতৰলৈ সোমাই যায়। )
ৰজা। —(চকিত ভাবে চাৰিওফাললৈ চাই) স্বপ্ন! দিনে নিশাই স্বপ্ন! মই আজি এক বিভীষিকাময় স্বপ্নৰ সমষ্টি! এয়েই নে সিংহাসনৰ মূল্য!
 ( লিগিৰীৰে সৈতে ৰাণীৰ প্ৰবেশ )
ৰাণী। —বঙ্গহৰ দেও! আপুনি শয্যা এৰি আহিল কিয়?আপোনাৰ বিশ্ৰামৰ আৱশ্যক।
ৰজা। —শয্যা দুখীয়াৰ শান্তিৰ আকৰ, পৰিশ্ৰমৰ অৱসাদ দূৰ কৰিবৰ অমোঘ ঔষধ। কিন্তু ৰজাৰ শয্যা কাঁইটেৰে ভৰা; তাত শান্তি নাই। সজাগত চিন্তাৰ জুয়ে হৃদয় ভস্ম কৰে, টোপনিত চিকমিকীয়া তৰোৱালে বুকৰ তেজ পিবলৈ নাচি আহে।
ৰাণী। —বঙ্গহৰ দেও! আপুনি মিছা আশঙ্কাত বিতত হৈছে কিয়? এনে ৰখীয়া-পৰীয়াৰ মাজত শত্ৰুৰ ভয় ক’ত?
ৰজা। —শক্ৰ যে মোৰ মগজুত! তাক খেদাব নোৱৰোঁৰ।
ৰাণী। —আপুনি ভিতৰলৈ আহক, মূৰত অলপ তেল লওক। - বেজবৰুৱাই কৈছে ৰাজকাৰ্য্যৰ চিন্তাত আপোনাৰ মূৰত তাপ সোমাইছে, অলপ টোপনি আহিলেই সকাহ পাব।