পৃষ্ঠা:সতীৰ তেজ.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জয়। —মোৰ কথা মই কৈছোঁ। স্বামীৰ সম্পৰ্কে মোৰ পৰা কোনো বাতৰি নাপায়।
ৰজা। —ইমান দম্ভ! শেষ বাৰ মই কৈছোঁ-মোৰ প্ৰশ্নৰ উত্তৰ দিয়াঁ। মনত ৰাখিবা—বিচাৰত মতা-তিৰুতা নাই, ডাঙ্গৰ-সৰু নাই, আপোন-পৰ নাই। যদি তুমি মঙ্গল বাঞ্ছা কৰা, ততালিকে কোৱা গদাপাণি ক’ত।
জয়। —(আপোনা-আপুনি) মঙ্গল! নিজৰ মঙ্গল!
 বিপদ-বহ্নিৰ ঘোৰ জলন্ত কুণ্ডত
 স্বামীক অৰ্পণ কৰি আপোন হাতেৰে,
 নাৰীৰ মঙ্গল যদি, অমঙ্গল ক’ত?
 নাৰীৰ সম্পদ-মুখ, জ্যোতি জীৱনৰ,
 যত দিন নিৰাপদ জীৱন-ঈশ্বৰ।
 শাসকৰ দণ্ডাঘাতে, নীচ প্ৰলোভনে,
 নন্দনৰ সুধাসনা মুকলি বাহুৱে
 পাৰিব নে নিলগাব পূৰ্ব্বে প্ৰলয়ৰ,
 সতীক পতিৰ পৰা পথ ভুলোৱাই?
 আচৰিত। ৰজা আজি ইমান অবোধ!
ৰজা। —জয়মতী। উত্তৰ নিদিয়া তুমি? তুমি জনা উচিত ধৈৰ্য্যৰে সীমা আছে। এই মুহূৰ্ত্ততে মোক সমিধান লাগে। নহলে-কঠোৰ-অতি কঠোৰ শাস্তি ভোগ কৰিবা।
জয়। —স্বৰ্গদেৱ! আপোনাৰ ক্ষমতা অশেষ,যি ইচ্ছা কৰিব পাৰে। মোৰ সমিধান দি থৈছোঁ। মোৰ স্বামীৰ কথা মই নকওঁ।