ৰজা। —অকল অনুসন্ধান কৰিলেই নহয়, গদাপাণিক ধৰিব লাগিব। যি অভয়-বাণীৰে আপুনি মোক সিংহাসন লবলৈ আহ্বান কৰিছিল, প্ৰতিদ্বন্দ্বীশূন্য কৰিবলৈ প্ৰতিশ্ৰুত হৈছিল, গদাপাণিক ধৰিব নোৱাৰিলে সি প্ৰতাৰকৰ চাটু বাক্যত পৰিণত হ'ব। আপুনি যাওক, জয়মতীক সোধক, গদাপাণি কলৈ গৈছে। আনে নাজনিলেও জয়মতীয়ে নিশ্চয় জানে।
বুঢ়া। —জনাটোৱেই সম্ভব।
ৰজা। —সম্ভব কি ডাঙ্গৰীয়া! নিশ্চয় জানে। আপুনি এতিয়াই জয়মতীক সুধি বাতৰি আনক।
বুঢ়া। —সুধিবলৈ বাকী নাই। জয়মতীয়ে নকয়।
ৰজা। —নকয়? ক’বলৈ বাধ্য নকৰিলে কিয়?
বুঢ়া। —স্বৰ্গদেৱ! সকলে উপায় অবলম্বন কৰিলোঁ, কিন্তু ফল নধৰিলে। অনুনয়-বিনয় কৰি সুধিলে, প্ৰলোভন দেখুৱাই সুধিলোঁ, কুট প্ৰশ্নৰ আশ্ৰয় ললোঁ,—একোৱেই জয়মতীক টলাব নোৱাৰিলে। শেহত ভয় দেখুৱালোঁ, তথাপিও জয়মতী নিৰুত্তৰ।
ৰজা। —তাইক তেতিয়াই বন্দী নকৰালে কিয়?
বুঢ়া। —তাৰ বাকী ৰখা নাই। জয়মতীক ধৰাই অনা হৈছে। বৰ্ত্তমান তেওঁ বন্দীপাল বৰুৱাৰ তত্ত্বাৱধানত আছে।
ৰজা। — তাইক শাস্তি দিয়া নাই কিয়?
বুঢ়া। —তাৰ কাৰণ আছে। যদিও স্বৰ্গদেৱৰ সিংহাসন দৃঢ় কৰি
পৃষ্ঠা:সতীৰ তেজ.pdf/২৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে