উপস্থিত শুভক্ষণ। বলি দি ই প্ৰাণ,
পাৰোঁ হে ৰাখিব যদি পতিৰ সম্মান,
ধন্য হ’ব নগণ্য ই নাৰীৰ জীৱন।
পৰিণাম দেশৰ মঙ্গল। ভয় কিয়?
শাস্তি যে কৰুণা-ধাৰা বিশ্ব-বিধাতাৰ,
ধুই যত ধূলি-বালি চেকা সংসাৰৰ
নিৰ্ম্মুক্ত নিৰ্ম্মল আত্মা কৰিব স্বাধীন,
প্ৰেৰণাত বিশ্ব জুৰি ব'ব শান্তি-ন'ই।
ইযে মোৰ জীৱনত দেৱ-আশীৰ্ব্বাদ,
আত্ম-পৰীক্ষাৰ এক সুবৰ্ণ-সুযোগ।
(ফুটাই ) স্বৰ্গদেৱ! ডাঙ্গৰীয়া! নমস্কাৰ গ্ৰহণ কৰিব।
(বন্দীপাল বৰুৱাই জয়মতীক লৈ যাবলৈ ধৰে। )
ৰজা। —(বহাৰ পৰা উঠি ) কি! ইমান অহঙ্কাৰ! বন্দীপাল বৰুৱা! যিমান কঠোৰ শাস্তিৰ কল্পনা কৰিব পাৰা, তাৰ এটাও বাদ নিদিবা। বেতৰ কোব, চমটা, চোৰাত, আম্ৰলি—একোৰে বাকী নাৰাখিবা। তেও যদি নকয়, গাৰ মঙ্গহ ডোখৰে ডোখৰে ছিঙ্গি, হাড় গুৰি কৰি, কলিজ ছিৰাছিৰকৈ ফালি অন্তৰৰ পৰা উলিয়াই আনিবা—গদাপাণি ক’ত।
( বেগেৰে ওলাই যায়। )
—————