পৃষ্ঠা:সতীৰ তেজ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰজা। —তাপ সোমাইছে! ঠিক কথা! কিন্তু সেই তাপ নকমে। আৰু টোপনি! টোপনি নহাই মঙ্গল। চকু মুদিলে যি ভয়াবহ দুখ মোৰ চকুত পৰে, সি দিঠকতকৈও ভয়ঙ্কৰ।
ৰাণী। —আপুনি অমূলক চিন্তাত বিতত হৈছে কিয়?
ৰজা –অমূলক নহয় ৰাণী। চকুৰ আগত ছজন ৰজাৰ হত্যা দেখিছোঁ। তেওঁলোকৰ প্ৰেতাত্মা এতিয়াও ঘূৰিব লাগিছে। যেতিয়ালৈকে গদাপাণি জীয়াই থাকিব, তেতিয়ালৈকে মোৰ জীৱনৰ আশা নাই। ইমান দিন কোঁৱৰ আছিলো, বৰ সুখত আছিলে। চিন্তা নাছিল, চৰ্চা নাছিল, ভয় নাছিল, উদ্বেগ নাছিল। কি শান্তিৰ জীৱন! আজি সিংহাসন লৈ সকলো হেৰুৱালোঁ। ছজন ৰজাৰ তেজেৰে ৰাঙ্গলী এই সিংহাসন! আজি ইয়াত প্ৰেতৰ তাণ্ডব লীলা, সম্মুখত বিভীষিকাৰ দানবী মূৰ্ত্তি, পিচত অজ্ঞাত যড়যন্ত্ৰৰ ভীষণ জাল! কোনে ক’ব—কেতিয়া মোৰ প্ৰাণ যায়!
ৰাণী। —আপুনি চিন্তা এৰক, বিপদৰ ছায়া আপুনি নিলগ হ’ব।
ৰজা। —তুমি বিপদৰ গুৰুত্ব বুজা নাই, নুবুজা। ভিতৰলৈ যোৱাঁ। দুৱৰী!
 ( দুৱৰীয়ে সেৱা জনায়। )
ৰজা। —বুঢ়াগোঁহাই ডাঙ্গৰীয়া অহা নাই?
দুৱৰী। —ত'ত অথনিয়েই আহিছিল। স্বৰ্গদেৱে বিশ্ৰাম লৈছে বোলাত চ’ৰাতে ৰৈ আছে।