ভাউৰা পুৰাণ

ৱিকিউৎসৰ পৰা
[  ]
ভাউৰা পুৰাণ

শ্ৰী প্ৰসন্ন চন্দ্ৰ বৰুৱা সংগ্ৰাহক
প্ৰকাশক
শ্ৰী কৰুণা কান্ত বৰুৱা
ৰজনীপ্ৰভা এজেন্সী।
পো: অ:— কমাৰকুছি কামৰূপ।

৪ৰ্থ বাৰ, ১৩৬১ চন ]  [ বেচ – চাৰি আনা

[  ]

ভাউৰা পুৰাণ

⸻—


কৈনা চোৱা—

দিহা—

 এ মোৰ দুখেৰ কাল, দুখেৰ কপাল।
 এৰ ঘৰে তাৰ ঘৰে বহি তাপিলাৰ খেদ্‌লো ছাল॥
ডাঙৰ মানুহৰ ঘৰক গেলো কৈনা চাও বুলি।
তাৰ আপি বিয়া নকৰাও কুৰু কুটা চুলি॥
চহৰৰ আপি নকৰাও বিয়া হুপি থাকে হোকা।
গাৱৰ আপি বিয়া নকৰাও ৰাখ্‌বা খোজে ঢোকা॥
চহকীৰ আপি নকৰাও বিয়া চাৰি ফুৰে গৰু।
নদীৰ পাৰত বিয়া নকৰাও ভৰিৰ ডিমা সৰু॥
উজনীত বিয়া নকৰাও মাৰিব নাজানে ফোটা।
নামনীত নকৰাও বিয়া দেখাতে বৰ মোটা॥
ভাটীত বিয়া নকৰাও বাছি লৱে বৰ।
নিজ গাৱত বিয়া নকৰাও গালত মাৰে চৰ॥
পূব পছিম উত্তৰ দক্ষিণ কৈনা ফুৰলো চাই।
যিবা এটা কৈনা পালো হাগ্‌‌বাৰ কটি নাই॥
মাক বাপেকৰ আছিল আদৰুৱা আপি।
সমনীয়া বৰ পাই মোক বিয়া দিলা জাপি॥

[  ]
বুঢ়ীৰ গুণ—
দিহা—

 এ বুঢ়ী হৰুৱাইলো ৰে।
 হায় হায় বুকৰ বুঢ়ী হৰুৱাইলো ৰে॥
মোৰ বুঢ়ীৰ গুণৰ কথা কিনো কম মই।
ৰান্ধি বাঢ়ি আগে খাই পিছে খাও মই॥
ধান কেটা বানো মই বুঢ়ী থাকে ঘুমেই।
গাত হাত দিলেকি তাই জাপ মাৰি উঠে॥
বৰ কথা কৰা নৰো বুঢ়ীৰ আগত বাপা।
খং কৰি উঠি তাই মোৰ মুখত দেই সোপা॥
ৰাতি হলি মজিয়াত হাগি থৱে তাই।
পুৱাই উঠি কোদাল ধৰি পেলাই দেও মই॥
দিনে ৰাতি পৰে হেতি কৰি থাকে মেল।
মই যদি গালি পাৰে চৰেই ভাঙে গাল॥
মোৰ বুঢ়ীৰ গুণৰ কথা কবৰ সীমা নাই।
ৰান্ধি বাঢ়ি উঠি তাই চৰুতেই খাই॥
হাতত খালে হাইঠা খৰে ভৰিত খালে উই।
আমাৰ বুঢ়ীৰ কি ৰূপ চাবা খাৰছটা মুই॥

[  ] দিহা—

 আই হেৰে যাগৈ যা, বোপাই হেৰে নাযাও যা
 নেগালি হবো কিয়া, পুৱালি হব বিয়া,
 আই হেৰে যাগৈ যা।
নোন থৈ আহিলি ক’ত ঐ চেনেহী
 খাৰ থৈ আহিলি কত।
থোথা ৰাজাৰ ঘৰতে লুতুৰ কৰি বহিলি
 পৈয়েৰেক এৰিলি ক’ত॥
চিলাই পুঠি মাছ নিলা হৰি হৰি
 চিলাই পুঠি মাছ নিলা।
থোথা ৰাজাৰ ঘৰৰে শিলিখা মাদলী
 চেনেহীৰ গলতে দিলা॥
ধান তলিত বান্ধিলো বোজা হৰি হৰি
 ধান তলিত বান্ধিলো বোজা।
আজিহে চেনেহী নৰিয়া পৰিছে
 খেদ্‌লাক লগাইছে ওজা॥
উলি তামোলৰ পুলি হৰি হৰি
 উলি তামোলৰ পুলি।
আজিহে চেনেহীক থোথা ৰজাই লৈ যাই
 চেনেহীৰ হাতত ধৰি॥
থোথা ৰাজাৰ বাৰীতে এক ডালি বগৰি
 টিয়াই ধুনি ধুনি খাই।
থোথা ৰাজাই জোকাৰে কেতকী বোটালে
 হৰিমল গোচৰক যাই॥

[  ]
টোপনীৰ গীত

মুৰুলীয়ে—টোপনী টোপনী ঐ আৰে টোপনী
 টোপনীৰ কলৰ তলত ঘৰ।
 আমাৰে ঘৰকে নাহিবা টোপনী
 শাহু আইৰ উঠিছে জ্বৰ॥
 হেৰ টোপনী হালিয়া জালিয়া পৰে গাও॥
 হেৰ টোপনী হালিয়া জালিয়া পৰে গাও,
মুৰুলীয়ে—ধান মুঠি বানিলো চাল মুঠি কৰিলো
 মাইথেৰ ঘৰক যাও বুলি।
 শাহু ভাই খাইটী যাকে নেদিলা
 তাইৰে মূৰ খাও বুলি হেৰ—
মুৰুলীয়ে—কেহিনি চিঙিম মই সূতাৰে চেউনী
 কেহিনি চিঙিম মই মাল।
 হাতৰ খৰা পাজি হাততে পৰি ৰল
 টোপনী হল মহাকাল॥
মুৰুলীয়ে—দেৱৰটো মৰি যাক,  ননদটো ওলাই যাক
 বুঢ়া শহুৰ তাকে খাক বাঘে।
 ভকতৰ বচনে দুই ঠেঙৰ বালা লই
 স্বামীটো মৰি যাক আগে॥
মুৰুলীয়ে—মৰোকে মৰোকে  শহুৰৰ পুতাকে
 আমি তিৰি মাছে ভাতে খাম।
 আই বোপাই তেহ্‌না ভালে ভালে থাকক
 আমি ধেমনা ঘৰকে যাম॥

[  ]

মুৰুলীয়ে—আইয়ো মাৰিলা বোপায়ো মাৰিলা
 পিৰা যোৰাই ঘোমালো বাজে।
 হুৰুকা বতাহে পাই কুলা নিলা উৰুৱাই
 চাউল খালা বামুণৰ ছাগে॥


গৰু কিনা—

গৰু কিনিবা যাও বুলি মাকৰ আগত কলাক।
আঠিয়া কলে বোকা চাইলে টোপ্‌লা বান্ধি ললাক॥
গৰু কিনিব যাবি বাচা মানুহ নিবি মাতি।
ধান কাটিবৰ হৈছে বাচা নাথাকিবি ৰাতি॥
সৰুৰ পৰা বাচা তই ভাউৰা কৰ্ম্ম কৰিলি।
এক টেকেলি পাইনা গাখীৰ মোক খুৱাবা নৰলি॥
কাৰো আগত নকবি মাই লাজতে মৰিম।
চাৰি দিন মান হলে মই খাবা নৰা কৰিম॥
আটাল ভৰা মিঠেই মাই ছয় সাতোটা গাই।
পৰৰ বস্তুক আশা কৰাহ ইয়াকে খাওতা নাই॥
পুবৰ দেখিৰ পৰা ৰঙা পৰি উঠি আহে চকা।
আদ্‌বিদ্‌ কৰি ভাউৰাই বান্ধি ললে টকা॥
যাওঁতে যাওঁতে ভাউৰাৰ কানি-কাপোৰ খহিল।
চাউল কেইটা পানীত থৈ গছৰ তলত বহিল॥
অহাই সহাই চাৱে ভাউৰাই কতো নাই গিৰি।
হাবিৰ পৰা ওলাই আহি তিনটা ফোট মাৰা তিৰি॥

[  ]

সৰু জনী উঠি বোলে ডাঙৰ জনী বাই।
আজি দেখো নদীটো পাৰ হবাৰ উপায় নাই॥
আগৰ জনী যেন তেন পাছৰ জনী খাটা।
পানী কিমান হব কৌ বুকুৰ আতা॥
এহি বুলি ভাউৰাই মনে গুণি চাৱেই।
দুই কাষে দুটি কুৰ যাবি পোনে পোনেই॥
সৰু জনী উঠি বোলে বৰ জনী বাই।
আমাৰ দুইৰো হাতত দেখো পয়চা কড়ি নাই॥
সৰু জনী উঠি পইচা বিচাৰে কানিত।
বৰ জনী উঠি বোলে পইচা পৰিল পানীত॥
পাৰ হবা নৰি তহ্‌তে কি কৰ চাহ মন।
পইচা কড়ি নালাগে মোক দিয়া আলিঙ্গন॥
পৰ্ব্বতৰ কাষে কাষে ৰঙিয়াল বগুলা।
চূণ খুজিবাৰ চলে মই যাম গধূলা॥


ভাউৰাৰ ঘৰ—

চোতালৰ চাৰি কাষে চাৰিটা টিনৰ ঘৰ।
বৰষুণ হলি যাব লাগে পৰৰ ঘৰে ঘৰ॥
বন্ধা ৰাখো সাতোটা হাল বাও সাত।
ঘুমটিৰ পৰা নুঠোতে ধৰুৱাই দেই মাত॥
ঘৰত আছিল মোৰ ককাই আৰু বৌ।
তিৰিৰ আগত কৈ খেদাও নাই বুলি কৌ॥

[  ]

নামতা নোবোলকৈ থাকো চকু মুজি।
ঘৰত নাপাই ধৰুৱাই যায় গুচি গুচি॥
জাগাই জাগাই কৈ ফুৰো সকলে দেই মান।
গাওঁ কুচেলা সকলে কথাত নেদে কাণ॥


ভাউৰা বেলেগ হোৱা—
দিহা—

 সভা জাগ জাগ জাগৰে লালমণি।
 আহি পালো কাল শনি॥
পানী কাউৰী ডুব মাৰে দুয়ো হাতে খাৰু।
মায়ে থিৰপৰা আন্‌লি আপি বেলেগ হোৱা দাৰূ॥
বেলেগ হোৱা দাৰূ আপি বিন্নাৰ মাজত পালি।
টেঙাৰ আঞ্জা ভাজা মাছে লালেই মাহ্‌নে খালি॥
কন্ধপৰা হতচিৰা তই হৈছা কাল।
মাজ মজিয়াত পাতি দিছা ঠিয়াই তাতৰ শাল॥
ভাগে নিলা ভাগে নিলা ভাগে নিলা গৰু॥
সৰু ডেকাৰ ভাগত পৰিল ভাত ৰান্ধা চৰু॥
ভাগে নিলা ভাগে নিলা ভাগে নিলা তেল।
বৰ ডেকাৰ ভাগত পৰিল সকলখিনি মেল॥
ভাগে নিলা ভাগে নিলা ভাগে নিলা সিহা।
বৰ ডেকাৰ ভাগত পৰিল সকলখিনি দিহা॥
ভাগে নিলা ভাগে নিলা ভাগে নিলা টৌ।
সৰু ডেকাৰ ভাগত পৰিল অশাটনি বৌ॥

[ ১০ ]

মাছ মাৰিবা গেছিল তাই মাছ পালাক গৰৈ।
আলিৰ মূৰত কাপোৰ থই হাফোল দিব ধৰেই॥
হাফোল দেওতে হাফোল দেওতে শামুকে কাটে ভৰি
লালাকোৰ আগত কৱে তাই জ্বৰ উঠা বুলি॥
মাছ মাৰিবা গেছ্‌লো মই মাছ পালো কাৱৈ।
সোহাইৰ দেখিৰ আপিগিলাকে জুলকি পলো বাৱৈ॥


শনি পোৱা গীত
দিহা—

 এ সভা জাগ জাগৰে লালমণি।
 আহি পালক কাল শনি॥
এহি মানৰ কথা ইটা সেহি মানে থওঁ।
কাক কাক শনি পাইছিল তাৰে কথা কওঁ॥
দশৰথক শনি পালে সমিক ঋষিক মাৰি।
ৰামচন্দ্ৰক শনি পালে বনত ফুৰে ঘূৰি॥
যুধিষ্ঠিৰক শনি পালে খেলে আছিল পাশা।
নল ৰাজাক শনি পাই এৰে ঘৰৰ আশা॥
বনবাস খাটিলা শ্ৰীবৎসক শনি পাই।
গণেশৰ মূৰ চিঙিল শনিক দেখাই॥
ভূমি দান দিয়া বলি পাতালক গৈলা।
সীতাক হৰিয় ৰাবণ সবংশে মৰিলা॥
অভিমান্যুৰ ঘৈণীয়েক ৰাধা মহাসতী।
স্বামীক এৰিয়া ভজে কৃষ্ণ উপপতি॥
দ্ৰৌপদীক ধৰিছিল নিবা খটাসুৰ বীৰে।
ভীমৰ হাতত বেটা সমূলি মৰিলে॥

[ ১১ ]

শতস্কন্ধ বীৰক মাৰে সীতা পটেশ্বৰী।
ভীমৰ হাতত কৌৰৱ সৰে গৈলা মৰি॥
চন্দ্ৰধৰ ৰাজা আছিল চম্পক নগৰে।
বিষহৰিৰ কোপে পৰি ডুবিলা সাগৰে॥
হৰিচন্দ্ৰ মহাৰজা আছিল সূৰ্য্যবংশে।
বিশ্বমিত্ৰৰ শাপে দুঃখ ভুগিলা অশেষে॥
যম ৰাজাক শনি পাই নৰ জন্ম ধৰে।
লইলা বিদুৰ নাম কৌৰৱৰ ঘৰে॥
বব্ৰুবাহনে অৰ্জ্জুননক পাৰিছিল গালি।
লব কুশে ৰামচন্দ্ৰক থইছিল শালি॥
ৰাধাসুত কৰ্ণবীৰ জগতে ৰাখানে।
ভায়েকৰ হাতে পৰি হৰিলা জীৱনে॥
অন্যায় কৰিয়া ৰামে বালিক মাৰিলা।
পৰজন্মে অঙ্গদেও ধাৰক মুজিল॥
বৃন্দা নামে মহাসতী শঙ্খৰ ঘৰুণী।
কৃষ্ণে হৰিলেক পাতিয়া বিধিনি॥
দক্ষ নামে প্ৰজাপতি পূৰ্ব্বত আছিলা।
শিৱ কোপে পৰি মুণ্ড দুই খণ্ড হৈলা॥
আদি কাণ্ডে ৰামে বিয়া কৰাই আনে সীতা।
গুহক চণ্ডালে সৈতে পাতিছিল মিতা॥
দুৰ্য্যোধনক শনি পালে হুপি থাকে হোকা।
অনিৰুদ্ধ কুমাৰে উষাত চাপিল চোকা॥
দণ্ডি ৰাজাক শনি পালে ঘোৰাক ধৰোতে।
ছলি সবক শনি পালে বিছনাত মুতে॥

[ ১২ ]

দ্ৰৌপদীক শনি পালে থাকে ব্ৰত কৰি।
দুশাষণক শনি পালাক নিয়ে চুলিত ধৰি॥
দ্ৰৌপদীক নাঙট কৰে ৰাইজে দেই হাক।
আচলত ধৰি ঘূৰাই যেন কুমাৰৰ চাক॥
কেৱে বোলে ৰাম ৰাম কেৱে বোলে হৰি।
আচোক দেখিব অঙ্গ নেদেখয় ভৰি॥
চৰালক শনি পালক মূৰত লৱে পাছি।
মুছলমানক শনি পাালাক মোত পেলাই বাছি॥
কছাৰীক শনি পালক লোধোম ধোম।
ডোমক শনি পালাক ঘতিয়া টিক্‌ৰাত লোম॥
মৰিয়াক শনি পালাক গঢ়াই থালিৰ কাণ।
হিন্দু জাতিক শনি পালে বানে ৰাতি ধান॥
কমাৰক শনি পালে লোহাকেই পিটে।
ডেকা তিৰিক শনি পালে পানীঘাটত মুতে॥
নাপিতক শনি পালে মূৰ খুৰে খুৰেই।
বিধবাক শনি পালে পৰৰ ঘৰে ফুৰেই॥
চমাৰক শনি পাালে ফুৰে চামৰা কাঢ়ি।
চেঙৰাক শনি পালে চেঙেৰীৰ পাচত ফুৰি॥
গৃহস্থক শনি পালে চোতাল থাকে বাহি।
যুৱতীক শনি পালে মিচিকাই মাৰে হাঁহি॥
লখিন্দাৰক লৈ বেউলা যাই ভাহি উটি।
দক্ষৰ যত শিৱে দিছিলেক মুতি॥
ডেকা তিৰিক শনি পালাক কৰি ফুৰে হাট।
চোৰ সবক শনি পালে বিচাৰি ফুৰে বাট॥

[ ১৩ ]

ডুমুনীক শনি পালে ফুৰে মাছ বেচি।
বৰলাক শনি পালে ফুৰে দুৱাৰ হেচি॥
খাই মৰিল বকাসুৰ ভীমৰ হাতত।
লই মৰিল সিন্ধু ৰাজ পুত্ৰক মুণ্ডক॥
দিবা নৰি বলি ৰজা পাতালক গৈলা।
জানকীক হৰি ৰাৱণ সবংশে মৰিলা॥
কৰ্ণে দিলা গোহাঁইক পুতেকক কাটি।
চিত্ৰলেখাই কুমাৰক আনিছিল মাতি॥
ছয় মাহ শোৱে কুম্ভকৰ্ণ মহাবীৰে।
যুৱতীক দেখিলে যুৱকৰ মন হৰে॥


পচলা কুটা
দিহা—

 লাজে আমাৰ চান্দাৰ চুন্দুৰ
 কৰে নিদাৰুণী মাই॥
সৰু জনী উঠি বলে বৰ জনী বাই।
অতিথি আহিলে মই কি কৰে উপায়॥
বৰ জনী উঠি বলে নকৰো মই চিন্তা।
বাৰীৰ পচলা সৈতে পাতি থৈচো মিতা॥
শোলকা দাখান লই খচ্‌কে সোমাল বাৰী।
চাৰি ফালে বিচাৰি ফুৰে আঠিয়া কলৰ শাৰী।
পচলা কাটিলা তাই দুই মুনিহৰ সাঙি।
ধৰাধৰি কৰি আনি মৈজাত থলা ডাঙি॥
পচলাৰ পানী টুপি মৈজাত বান্ধিলা ডোঙা।
সৰু জনী উঠি বোলে ঘৰতে পালো গঙ্গা॥

[ ১৪ ]

পচলাৰ পানী টুপী থৌ চিচাত ভৰেই।
দুখীয়া জোৱাই আহিলে খাব হুতাহ পলেই॥
পচলা কুটিলা তাই আঢ়েই আঙুল কৰি।
পচলাত পানী দেই আঠু সমান কৰি॥
পচলা ৰান্ধিলা তাই নুঠিল ৰাগে পাগে।
ধোৰা কাউৰী লই গেল বাহৰ আগে আগে॥


ভূঁইকঁপৰ গীত
দিহা—

 শ্যাম বদনে বোলে,
 বৈস বাল কানাই কদম তলে॥
চাৰি পাচ জনে বাপ কৰি আছিল মেল।
জেঠৰ এক দিন থাকাত ভূঁইকঁপটো গেল॥
পছিমৰ পৰা আহিল হৰৌ হৰৌ কৰি।
তিৰি চলি হাতত ধৰি কৰে লৰালৰি॥
যি পোনে কৈছো কথা সেই পোনে বৈছি।
জেঠ মাহা শনিবাৰে ভূঁইকঁপটো গৈছি॥
হাঁহ আহিল পাৰা ভাহিল আৰু ভাহিল গৰু।
ঘিৰ মিৰ কৰি ভাহি পৰিল ভাত ৰান্ধা চৰু॥
শাল পুতিলা গাড়ী পুতিলা আৰু পুতিলা ৰুৱা।
ভূঁইকঁপে উইলে দিলাক মাজ মৈজাত কুৱা॥
জোতাৰ পুতিলা নেঠা পুতিলা আৰু পুতিলা মাকু।
ভূঁইকঁপে উইলে দিলাক ফোটা মাৰা ফাকু॥
শ্যামৰায় গোসাই বৰত আমি আছিলো ৰাতি।
আপিন্তা কঠালগিলা খাছ্‌লো কাটি কাটি॥

[ ১৫ ]
ভাউৰাৰ বিয়াৰ গীত

আদা খালো তিনি চকাল জৰাৰ খালো জিম।
আমাৰ মনত আছে মইনা হাৰ গৰে দিম॥
আয়াৰে কপালে আছে তিলকৰে ফোটা।
ৰামে বোলে প্ৰাণেশ্বৰী ওলাই মোকে মাতা॥
মাত দিবা নৰো স্বামী পিতা আছে ঘৰে।
টিকিৰ স্বামী আহি পাছে ধনু ভাঙবা নৰে॥
বাপু গেছিল গুৱাহাটীক আয়াক চাবাৰ ছলে।
আয়া আছে সূতা কাটি লগৰীয়াৰ ঘৰে॥
লগৰীয়াই বোলে সখি ইতা হবো কি।
গাথিত আছে মলা তামখু, বাপুক লগে দি॥
হোকাই কৰে টোৰোতে টোৰোত চিলিমে কৰে চেও।
খচৌ মচৌ নকৰ বাপু তামখু লগে দেও॥

দিহা—

কল কাটি সাজালো ভেল।
কৈনাথেৰ টেমিত চূণ খাই আহিলো
 বহিকি ভাঙিলো মেল॥
মেল না’ল চকাটো বহিল যায় পাটোত।
চেলাংখান উইলেদি কৈনাৰ ভায়েকৰ হাতত॥
হতোত না’ল বাৰীৰে বাবৰি শাক।
আমাৰে চানা আই তাতে ভালে ভালে থাক॥
হা হৰি আমি দুটী বনী, হা হৰি দুদিকে ওলালো
 হা হৰিএ দুইৰো মূৰতে ফালি এ।
ফালি কী এহে জুন জুন জুনুকা
 পকা তামোল মানিকা হাচুটী দাৰাবা যাও

[ ১৬ ]

লেহেৰা লেহেৰী পৰি ভাঙিবো ভৰি
 মাথাৰে মুৰিয়াল নিয়াৰে ভিজাবো
  দুৱাৰে ভিজাবো ভৰি।
হৰি বোল হৰিহে (জোকাৰ দিয়া)
এহিমানৰ কথা এবে এহিমানে থলো।
ভাউৰা পুৰাণৰ গীত ইতিকে কৰিলো॥

⸻⸻
সাঁথৰ—

১। উপৰে থাকন্ত বীৰ নোচোৱন্ত মাটি।
 চাৰি ভাই বিধাতাই থৈছে কাণ কাটি।
 মুৰ খুণ্ডুৱা ভকতে গাথি আছে মালা।
 হুলাবাৰি দি কোকালখন ইফাল সিফাল শালা

২। মাতা ওচৰত নাই বাপে জন্ম দিলা।
 নোহে মিছা বাস্তবিকে মাটিত জন্মিলা।
 শেষে জিয়া তোতে প্ৰবেশিলা পৃথিবীত।
 দৈবে কহে বিচাৰিবা ৰাজ-মহিষীত॥

৩। চৰণে প্ৰহাৰ কৰে ন কৰয় দোষ।
 খাব দিয়ে কাঢ়ি লয় তথাপি সন্তোষ॥
 দেৱতাক নমস্কাৰ কৰে বাৰে বাৰ।
 আপুনি নাখাই দেই অন্যক আহাৰ॥

৪। তিনি ভাজ লাগা বীৰ অতি ভয়ঙ্কৰ।
 কোকালত শলা দেখি ওপজয় ডৰ॥
 এটা মাত্ৰ দাঁত সিয়ো লোহাৰেসে দন্ত।
 পুৱা হলে মাটি কাটি কৰে খণ্ড খণ্ড॥

[ ১৭ ]

৫। দেই যদি নেদ্‌বি, নেদে যদি দিবি॥

৬। লাগ্‌‌লি নাল্‌গেই নাল্‌গিলি লাগেই॥

৭৷ তিনি অক্ষৰে পক্ষীৰ নাম।
 মাজৰটো মুচিলে বধে ৰাম॥
 সোঁহাতৰটো মুচিলে সকলোৱে খাই।
 বাওঁ হাতৰটো মুচিলে নেৰতে পাই॥

৮। সত্য কালত মূৰত টুপী।
 কৃষ্ণা বতৰত ভুলালা গোপী॥
 ৰাৱণ মৰিল ৰামৰ হাতত।
 সেই ব্যঞ্জন আমাৰ পাতত॥

৯৷ তিনি মহীয়া তিৰিটোৰ ছয় মহীয়া পেট।
 সেই পেট নি গোসাইৰ আগত ভেট॥

১০। নাম ললে হোৱে পাপ মেৰুৰ সমান।
 ভকতে নে লোৱে নাম ইহাৰ কাৰণ॥

১১। বামুণক মাৰিবা  কপিলীক বধিবা,
 অতিথিক নেদিবা ঠাই।
 ভাল ভাল মহন্তক, মূৰত কোবাই মাৰিবা
 তেবেসে ভকতি পাই॥

[ ১৮ ]

১২। বামুণ হৈ নললে গাই।
 ভকত হৈ না মাৰে ভাই॥
 সাধু হৈ নাখালে মদ।
 আৰা তিন জনে নাপাই পৰম পদ॥

১২। লহ কৰ পাৰাৰ আখৰ, গোৱালপাৰাৰ বাখাৰ,
 মুৰিকোনাৰ জাপি,  কমাৰকুছিৰ আপি,
 হাজলীয়া ফোটা, সৰ্থেবাৰীৰ লোটা,
 চৰিয়াৰ চৰু, সাতদলাৰ গৰু,
  জাগ্ৰাৰ মহ বলোৱাৰ জোক,
  ইয়াত নেথাকে অতিথি লোক॥

 শুন বাপু শুন, এক ডাল টোকানৰ ন'টা গুণ
হাতৰ শাখা, পানীৰ জোখা, দেখলি সাপ পেলালি মাৰি,
 নহলে পিৰা বহিবি পাৰি
শত্ৰুৱে না পাৱে লাই, বাটৰ কুকুৰে থাকে চাই
সাকে শোকোতাই বান্ধবি ভাৰ, নহল বৈঠা হৰি পাৰ,
 কিনো বুঢ়াৰ আমোল,
 ও ভোটাই খুলে তামোল॥


অন্ত




আলোক প্ৰেছ, নলবাৰীত মুদ্ৰিত।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )