পৃষ্ঠা:ভাউৰা পুৰাণ.djvu/১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
ভাউৰা পুৰাণ

শতস্কন্ধ বীৰক মাৰে সীতা পটেশ্বৰী।
ভীমৰ হাতত কৌৰৱ সৰে গৈলা মৰি॥
চন্দ্ৰধৰ ৰাজা আছিল চম্পক নগৰে।
বিষহৰিৰ কোপে পৰি ডুবিলা সাগৰে॥
হৰিচন্দ্ৰ মহাৰজা আছিল সূৰ্য্যবংশে।
বিশ্বমিত্ৰৰ শাপে দুঃখ ভুগিলা অশেষে॥
যম ৰাজাক শনি পাই নৰ জন্ম ধৰে।
লইলা বিদুৰ নাম কৌৰৱৰ ঘৰে॥
বব্ৰুবাহনে অৰ্জ্জুননক পাৰিছিল গালি।
লব কুশে ৰামচন্দ্ৰক থইছিল শালি॥
ৰাধাসুত কৰ্ণবীৰ জগতে ৰাখানে।
ভায়েকৰ হাতে পৰি হৰিলা জীৱনে॥
অন্যায় কৰিয়া ৰামে বালিক মাৰিলা।
পৰজন্মে অঙ্গদেও ধাৰক মুজিল॥
বৃন্দা নামে মহাসতী শঙ্খৰ ঘৰুণী।
কৃষ্ণে হৰিলেক পাতিয়া বিধিনি॥
দক্ষ নামে প্ৰজাপতি পূৰ্ব্বত আছিলা।
শিৱ কোপে পৰি মুণ্ড দুই খণ্ড হৈলা॥
আদি কাণ্ডে ৰামে বিয়া কৰাই আনে সীতা।
গুহক চণ্ডালে সৈতে পাতিছিল মিতা॥
দুৰ্য্যোধনক শনি পালে হুপি থাকে হোকা।
অনিৰুদ্ধ কুমাৰে উষাত চাপিল চোকা॥
দণ্ডি ৰাজাক শনি পালে ঘোৰাক ধৰোতে।
ছলি সবক শনি পালে বিছনাত মুতে॥