এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভাউৰা পুৰাণ
মুৰুলীয়ে—টোপনী টোপনী ঐ আৰে টোপনী
টোপনীৰ কলৰ তলত ঘৰ।
আমাৰে ঘৰকে নাহিবা টোপনী
শাহু আইৰ উঠিছে জ্বৰ॥
হেৰ টোপনী হালিয়া জালিয়া পৰে গাও॥
হেৰ টোপনী হালিয়া জালিয়া পৰে গাও,
মুৰুলীয়ে—ধান মুঠি বানিলো চাল মুঠি কৰিলো
মাইথেৰ ঘৰক যাও বুলি।
শাহু ভাই খাইটী যাকে নেদিলা
তাইৰে মূৰ খাও বুলি হেৰ—
মুৰুলীয়ে—কেহিনি চিঙিম মই সূতাৰে চেউনী
কেহিনি চিঙিম মই মাল।
হাতৰ খৰা পাজি হাততে পৰি ৰল
টোপনী হল মহাকাল॥
মুৰুলীয়ে—দেৱৰটো মৰি যাক, ননদটো ওলাই যাক
বুঢ়া শহুৰ তাকে খাক বাঘে।
ভকতৰ বচনে দুই ঠেঙৰ বালা লই
স্বামীটো মৰি যাক আগে॥
মুৰুলীয়ে—মৰোকে মৰোকে শহুৰৰ পুতাকে
আমি তিৰি মাছে ভাতে খাম।
আই বোপাই তেহ্না ভালে ভালে থাকক
আমি ধেমনা ঘৰকে যাম॥