পৃষ্ঠা:ভাউৰা পুৰাণ.djvu/৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


ভাউৰা পুৰাণ

⸻—


কৈনা চোৱা—

দিহা—

 এ মোৰ দুখেৰ কাল, দুখেৰ কপাল।
 এৰ ঘৰে তাৰ ঘৰে বহি তাপিলাৰ খেদ্‌লো ছাল॥
ডাঙৰ মানুহৰ ঘৰক গেলো কৈনা চাও বুলি।
তাৰ আপি বিয়া নকৰাও কুৰু কুটা চুলি॥
চহৰৰ আপি নকৰাও বিয়া হুপি থাকে হোকা।
গাৱৰ আপি বিয়া নকৰাও ৰাখ্‌বা খোজে ঢোকা॥
চহকীৰ আপি নকৰাও বিয়া চাৰি ফুৰে গৰু।
নদীৰ পাৰত বিয়া নকৰাও ভৰিৰ ডিমা সৰু॥
উজনীত বিয়া নকৰাও মাৰিব নাজানে ফোটা।
নামনীত নকৰাও বিয়া দেখাতে বৰ মোটা॥
ভাটীত বিয়া নকৰাও বাছি লৱে বৰ।
নিজ গাৱত বিয়া নকৰাও গালত মাৰে চৰ॥
পূব পছিম উত্তৰ দক্ষিণ কৈনা ফুৰলো চাই।
যিবা এটা কৈনা পালো হাগ্‌‌বাৰ কটি নাই॥
মাক বাপেকৰ আছিল আদৰুৱা আপি।
সমনীয়া বৰ পাই মোক বিয়া দিলা জাপি॥