পৃষ্ঠা:ভাউৰা পুৰাণ.djvu/১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০
ভাউৰা পুৰাণ

দ্ৰৌপদীক শনি পালে থাকে ব্ৰত কৰি।
দুশাষণক শনি পালাক নিয়ে চুলিত ধৰি॥
দ্ৰৌপদীক নাঙট কৰে ৰাইজে দেই হাক।
আচলত ধৰি ঘূৰাই যেন কুমাৰৰ চাক॥
কেৱে বোলে ৰাম ৰাম কেৱে বোলে হৰি।
আচোক দেখিব অঙ্গ নেদেখয় ভৰি॥
চৰালক শনি পালক মূৰত লৱে পাছি।
মুছলমানক শনি পাালাক মোত পেলাই বাছি॥
কছাৰীক শনি পালক লোধোম ধোম।
ডোমক শনি পালাক ঘতিয়া টিক্‌ৰাত লোম॥
মৰিয়াক শনি পালাক গঢ়াই থালিৰ কাণ।
হিন্দু জাতিক শনি পালে বানে ৰাতি ধান॥
কমাৰক শনি পালে লোহাকেই পিটে।
ডেকা তিৰিক শনি পালে পানীঘাটত মুতে॥
নাপিতক শনি পালে মূৰ খুৰে খুৰেই।
বিধবাক শনি পালে পৰৰ ঘৰে ফুৰেই॥
চমাৰক শনি পাালে ফুৰে চামৰা কাঢ়ি।
চেঙৰাক শনি পালে চেঙেৰীৰ পাচত ফুৰি॥
গৃহস্থক শনি পালে চোতাল থাকে বাহি।
যুৱতীক শনি পালে মিচিকাই মাৰে হাঁহি॥
লখিন্দাৰক লৈ বেউলা যাই ভাহি উটি।
দক্ষৰ যত শিৱে দিছিলেক মুতি॥
ডেকা তিৰিক শনি পালাক কৰি ফুৰে হাট।
চোৰ সবক শনি পালে বিচাৰি ফুৰে বাট॥