এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮
ভাউৰা পুৰাণ
মাছ মাৰিবা গেছিল তাই মাছ পালাক গৰৈ।
আলিৰ মূৰত কাপোৰ থই হাফোল দিব ধৰেই॥
হাফোল দেওতে হাফোল দেওতে শামুকে কাটে ভৰি
লালাকোৰ আগত কৱে তাই জ্বৰ উঠা বুলি॥
মাছ মাৰিবা গেছ্লো মই মাছ পালো কাৱৈ।
সোহাইৰ দেখিৰ আপিগিলাকে জুলকি পলো বাৱৈ॥
দিহা—
এ সভা জাগ জাগৰে লালমণি।
আহি পালক কাল শনি॥
এহি মানৰ কথা ইটা সেহি মানে থওঁ।
কাক কাক শনি পাইছিল তাৰে কথা কওঁ॥
দশৰথক শনি পালে সমিক ঋষিক মাৰি।
ৰামচন্দ্ৰক শনি পালে বনত ফুৰে ঘূৰি॥
যুধিষ্ঠিৰক শনি পালে খেলে আছিল পাশা।
নল ৰাজাক শনি পাই এৰে ঘৰৰ আশা॥
বনবাস খাটিলা শ্ৰীবৎসক শনি পাই।
গণেশৰ মূৰ চিঙিল শনিক দেখাই॥
ভূমি দান দিয়া বলি পাতালক গৈলা।
সীতাক হৰিয় ৰাবণ সবংশে মৰিলা॥
অভিমান্যুৰ ঘৈণীয়েক ৰাধা মহাসতী।
স্বামীক এৰিয়া ভজে কৃষ্ণ উপপতি॥
দ্ৰৌপদীক ধৰিছিল নিবা খটাসুৰ বীৰে।
ভীমৰ হাতত বেটা সমূলি মৰিলে॥