পৃষ্ঠা:ভাউৰা পুৰাণ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাউৰা পুৰাণ

সৰু জনী উঠি বোলে ডাঙৰ জনী বাই।
আজি দেখো নদীটো পাৰ হবাৰ উপায় নাই॥
আগৰ জনী যেন তেন পাছৰ জনী খাটা।
পানী কিমান হব কৌ বুকুৰ আতা॥
এহি বুলি ভাউৰাই মনে গুণি চাৱেই।
দুই কাষে দুটি কুৰ যাবি পোনে পোনেই॥
সৰু জনী উঠি বোলে বৰ জনী বাই।
আমাৰ দুইৰো হাতত দেখো পয়চা কড়ি নাই॥
সৰু জনী উঠি পইচা বিচাৰে কানিত।
বৰ জনী উঠি বোলে পইচা পৰিল পানীত॥
পাৰ হবা নৰি তহ্‌তে কি কৰ চাহ মন।
পইচা কড়ি নালাগে মোক দিয়া আলিঙ্গন॥
পৰ্ব্বতৰ কাষে কাষে ৰঙিয়াল বগুলা।
চূণ খুজিবাৰ চলে মই যাম গধূলা॥


ভাউৰাৰ ঘৰ—

চোতালৰ চাৰি কাষে চাৰিটা টিনৰ ঘৰ।
বৰষুণ হলি যাব লাগে পৰৰ ঘৰে ঘৰ॥
বন্ধা ৰাখো সাতোটা হাল বাও সাত।
ঘুমটিৰ পৰা নুঠোতে ধৰুৱাই দেই মাত॥
ঘৰত আছিল মোৰ ককাই আৰু বৌ।
তিৰিৰ আগত কৈ খেদাও নাই বুলি কৌ॥