পৃষ্ঠা:ভাউৰা পুৰাণ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
ভাউৰা পুৰাণ
ভাউৰাৰ বিয়াৰ গীত

আদা খালো তিনি চকাল জৰাৰ খালো জিম।
আমাৰ মনত আছে মইনা হাৰ গৰে দিম॥
আয়াৰে কপালে আছে তিলকৰে ফোটা।
ৰামে বোলে প্ৰাণেশ্বৰী ওলাই মোকে মাতা॥
মাত দিবা নৰো স্বামী পিতা আছে ঘৰে।
টিকিৰ স্বামী আহি পাছে ধনু ভাঙবা নৰে॥
বাপু গেছিল গুৱাহাটীক আয়াক চাবাৰ ছলে।
আয়া আছে সূতা কাটি লগৰীয়াৰ ঘৰে॥
লগৰীয়াই বোলে সখি ইতা হবো কি।
গাথিত আছে মলা তামখু, বাপুক লগে দি॥
হোকাই কৰে টোৰোতে টোৰোত চিলিমে কৰে চেও।
খচৌ মচৌ নকৰ বাপু তামখু লগে দেও॥

দিহা—

কল কাটি সাজালো ভেল।
কৈনাথেৰ টেমিত চূণ খাই আহিলো
 বহিকি ভাঙিলো মেল॥
মেল না’ল চকাটো বহিল যায় পাটোত।
চেলাংখান উইলেদি কৈনাৰ ভায়েকৰ হাতত॥
হতোত না’ল বাৰীৰে বাবৰি শাক।
আমাৰে চানা আই তাতে ভালে ভালে থাক॥
হা হৰি আমি দুটী বনী, হা হৰি দুদিকে ওলালো
 হা হৰিএ দুইৰো মূৰতে ফালি এ।
ফালি কী এহে জুন জুন জুনুকা
 পকা তামোল মানিকা হাচুটী দাৰাবা যাও