পৃষ্ঠা:ভাউৰা পুৰাণ.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভাউৰা পুৰাণ

মুৰুলীয়ে—আইয়ো মাৰিলা বোপায়ো মাৰিলা
 পিৰা যোৰাই ঘোমালো বাজে।
 হুৰুকা বতাহে পাই কুলা নিলা উৰুৱাই
 চাউল খালা বামুণৰ ছাগে॥


গৰু কিনা—

গৰু কিনিবা যাও বুলি মাকৰ আগত কলাক।
আঠিয়া কলে বোকা চাইলে টোপ্‌লা বান্ধি ললাক॥
গৰু কিনিব যাবি বাচা মানুহ নিবি মাতি।
ধান কাটিবৰ হৈছে বাচা নাথাকিবি ৰাতি॥
সৰুৰ পৰা বাচা তই ভাউৰা কৰ্ম্ম কৰিলি।
এক টেকেলি পাইনা গাখীৰ মোক খুৱাবা নৰলি॥
কাৰো আগত নকবি মাই লাজতে মৰিম।
চাৰি দিন মান হলে মই খাবা নৰা কৰিম॥
আটাল ভৰা মিঠেই মাই ছয় সাতোটা গাই।
পৰৰ বস্তুক আশা কৰাহ ইয়াকে খাওতা নাই॥
পুবৰ দেখিৰ পৰা ৰঙা পৰি উঠি আহে চকা।
আদ্‌বিদ্‌ কৰি ভাউৰাই বান্ধি ললে টকা॥
যাওঁতে যাওঁতে ভাউৰাৰ কানি-কাপোৰ খহিল।
চাউল কেইটা পানীত থৈ গছৰ তলত বহিল॥
অহাই সহাই চাৱে ভাউৰাই কতো নাই গিৰি।
হাবিৰ পৰা ওলাই আহি তিনটা ফোট মাৰা তিৰি॥